ETV Bharat / state

চোৰাং সৰবৰাহৰ ঘাটিলৈ পৰিণত গুৱাহাটী মহানগৰী - ৰেলৰ মাধ্যমেৰে চোৰাং সৰবৰাহ

চোৰাং সামগ্ৰী সৰবৰাহৰ চূড়ান্ত ঘাটিলৈ পৰিণত গুৱাহাটী মহানগৰী ৷ চোৰাং সৰবৰাহকাৰীয়ে ৰে'লপথক ঢাল হিচাবে ব্যৱহাৰ কৰি দেশৰ বিভিন্ন প্ৰান্তলৈ সৰবৰাহ কৰে চোৰাং সামগ্ৰী ৷

চোৰাং সৰবৰাহৰ ঘাটিলৈ পৰিণত গুৱাহাটী মহানগৰী
author img

By

Published : Nov 21, 2019, 2:21 PM IST

গুৱাহাটী,21 নৱেম্বৰ: চোৰাং সৰবৰাহৰ অভিকেন্দ্ৰলৈ পৰিৱৰ্তিত হৈ পৰিছে গুৱাহাটী মহানগৰী ৷ চোৰাং সামগ্ৰীৰ অবৈধ সৰবৰাহৰ লগত জড়িত সৰবৰাহকাৰীয়ে দেশৰ বিভিন্ন প্ৰান্তলৈ সামগ্ৰী সৰবৰাহৰ বাবে পৰিবহনৰ মূল মাধ্যম হিচাবে ব্যৱহাৰ কৰি আহিছে ৰে'ল সেৱা ৷ গুৱাহাটীৰ মালিগাঁৱস্থিত উত্তৰ-পূৱ সীমান্ত ৰে'লৱেৰ জনসম্পৰ্কৰক্ষী বিভাগে প্ৰকাশ কৰা এক তথ্য অনুসৰি, চলিত বৰ্ষত গুৱাহাটী মহানগৰীৰ সমীপৱৰ্তী ৰে'ল ষ্টেচনসমূহৰ পৰা চোৰাং সামগ্ৰী সৰবৰাহ আৰু নিচাযুক্ত সামগ্ৰী সৰবৰাহৰ ২১৯ টকাকৈ ঘটনা ধৰা পৰিছে । ৰে'ল আৰক্ষীৰ বিভিন্ন অভিযানত ৫.৮৫ কোটি টকাৰ চোৰাং সামগ্ৰী জব্দ কৰাৰ বিপৰীতে ৫৭ টা সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰা হৈছে । জব্দকৃত সামগ্ৰীসমূহৰ ভিতৰত আছে গাঞ্জা, বিদেশী চিগাৰেট, ড্ৰাগছ, নিচাযুক্ত সামগ্ৰী, মৰ্ফিনৰ লগতে বিভিন্ন নিষিদ্ধ সামগ্ৰী । য'ত সৰ্বাধিক ঘটনায়ে হৈছে কামাখ্যা ৰে'ল জংচন আৰু গুৱাহাটী ৰে'লৱে ষ্টেচনত । ৰে'ল বিভাগৰ বহু সুৰুঙাৰ বাবেই সৰবৰাহকাৰীয়ে সামগ্ৰী সৰবৰাহ কৰাৰ মূল লক্ষ্য হিচাপে বাছি লৈছে ৰে'লক । এইসমূহ কেৱল ৰে'ল আৰক্ষীৰ অভিযানত ধৰা পৰা ঘটনাৰ তথ্যহে । ইয়াৰ বাহিৰেও দিনে-নিশাই চলি আছে এনে অপৰাধমূলক ঘটনা । ইফালে সোণ সৰবৰাহৰ ক্ষেত্ৰতো সৰবৰাহকাৰীয়ে ব্যৱহাৰ কৰে ৰে'ল । কেৱল চলিত মাহতেই গুৱাহাটী ৰে'ল ষ্টেচন আৰু কামাখ্যা ৰে'ল জংচন মুঠ ৭.১৬৫ কিঃ গ্ৰাম সোণ জব্দ হোৱাৰ বিপৰীতে নকল সোণ সৰবৰাহৰ অভিযোগত গ্ৰেপ্তাৰ হৈছে মুঠ ৫ জনকৈ লোক ।

চোৰাং সৰবৰাহৰ ঘাটিলৈ পৰিণত গুৱাহাটী মহানগৰী

আৰু পঢ়ক অৱসৰ পাচত গুৱাহাটীত উপস্থিত প্ৰাক্তন মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈ

Intro:চোৰাং সামগ্ৰী সৰবৰাহৰ ট্ৰেজিক পইন্ট হৈ পৰিছে গুৱাহাটী মহানগৰী। এতিয়া সৰবৰাহকাৰীয়ে মূল মাধ্যম হিচাপে ব্যৱহাৰ কৰিছে ৰে'ল। ৰে'লেৰে দেশৰ বিভিন্ন প্ৰান্তলৈ প্ৰতিদিনেই সৰবৰাহ হয় চোৰাং সামগ্ৰী। উত্তৰ-পূৱ সীমান্ত ৰে'লৱেৰ এক তথ্য অনুসৰি চলিত বৰ্ষত চোৰাং সামগ্ৰী সৰবৰাহ আৰু নিচাযুক্ত সামগ্ৰী সৰবৰাহৰ ২১৯ টকাকৈ ঘটনা ধৰা পৰিছে। ৰে'ল আৰক্ষীৰ বিভিন্ন অভিযানত ৫.৮৫ কোটি টকাৰ চোৰাং সামগ্ৰী জব্দ কৰাৰ বিপৰীতে ৫৭টা সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিছে। জব্দকৃত সামগ্ৰীসমূহৰ ভিতৰত আছে গাঞ্জা, বিদেশী চিগাৰেট, ড্ৰাগছ, নিচাযুক্ত সামগ্ৰী, মৰ্ফিনৰ লগতে বিভিন্ন নিষিদ্ধ সামগ্ৰী। যত সৰ্বাধিক ঘটনায়ে হৈছে কামাখ্যা ৰে'ল জংচন আৰু গুৱাহাটী ৰে'লৱে ষ্টেচনত। ৰে'লৰ বহু সুৰুঙাৰ বাবেই সৰবৰাহকাৰীয়ে সামগ্ৰী সৰবৰাহ কৰাৰ মূল উচিলা হিচাপে বাছি লৈছে ৰে'ল। এইসমূহ কেৱল ৰে'ল আৰক্ষীৰ অভিযানত ধৰা পৰা ঘটনাৰ তথ্যহে। ইয়াৰ বাহিৰেও দিনে নিশাই চলি আছে এনে অপৰাধমূলক ঘটনা। ইফালে সোণ সৰবৰাহৰ ক্ষেত্ৰতো সৰবৰাহকাৰীয়ে ব্যৱহাৰ কৰে ৰে'ল। কেৱল চলিত মাহতেই গুৱাহাটী ৰে'ল ষ্টেচন আৰু কামাখ্যা ৰে'ল জংচন মুঠ ৭.১৬৫ কিঃ গ্ৰাম সোণ জব্দ হোৱাৰ বিপৰীতে নকল সোণ সৰবৰাহৰ অভিযোগত গ্ৰেপ্তাৰ হৈছে মুঠ ৫জনকৈ লোক। মুঠৰ ওপৰত এতিয়া অপৰাধয়ে মাধ্যম হিচাপে ব্যৱহাৰ কৰি আছে ৰে'লক।Body:Guwahati Conclusion:Hirul Haque

Note- file visuals included
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.