ETV Bharat / state

তিৰাশীৰ আন্দোলনৰ পুনৰাবৃত্তি ৰাজ্যত

author img

By

Published : Dec 12, 2019, 8:07 PM IST

হিলদল ভাঙি ওলাই আহিছে ৰাইজ ৷ অসম আন্দোলনৰ সেই ডগমগীয়া জুইকুৰা যেন উঠলি উঠিছে প্ৰতিজন অসমীয়াৰ গাত ৷ কোনেও কাকো ৰখাব নোৱাৰা এক পৰিৱেশ ৷ চাৰিওফালে আন্দোলনৰ দামামা ৷ গুৱাহাটী মহানগৰীত বৃহস্পতিবাৰে প্ৰশাসনে জাৰি কৰা 144 ধাৰাক উপেক্ষা কৰি ৰাজপথলৈ ওলাই আহিল হাজাৰ হাজাৰ জনতা ৷

Guwahati Cab Protest 12th december-2019 etv bharat assam
অসমত তিৰাশীৰ আন্দোলনৰ অনুৰূপ পৰিস্থিতি

আৰক্ষী, চি আৰ পি এফ, সেনাৰ বেহু ভেদ কৰি প্ৰতিবাদী ঠায়ে ঠায়ে জ্বলালে যান বাহন, উত্তেজিত জনতাই এফালৰ পৰা ধ্বংস কৰিলে ৰাজপথৰ বেৰীকেড, ডিভাইদাৰ ৷ নিয়ন্ত্ৰণৰ বাহিৰলৈ গ'ল বৃহস্পতিবাৰৰ দিনটো ৷ প্ৰশাসনে ৰখাব নোৱাৰিলে প্ৰতিবাদী মিছিল ৷ একাংশ প্ৰতিবাদকাৰীয়ে সংঘটিত কৰিলে হিংসাত্মক ঘটনা ৷ আৰক্ষী আৰু প্ৰতিবাদকাৰীৰ মাজত সংঘৰ্ষৰ ফলত প্ৰতিবাদকাৰীলৈ লক্ষ্য কৰি কন্দুৱা গেছ, ৰবৰৰ বুলেট প্ৰয়োগ কৰে আৰক্ষীয়ে ৷ নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতাৰে ক্ষোভত জ্বলিছে অসম ৷

কোনেও কাকো ৰখাব নোৱাৰা এক পৰিৱেশ

লগতে চাওকঃযোৰহাট পূলিবৰত কেব বিৰোধী প্ৰতিবাদকাৰীৰ আক্ৰমণত আহত 6 জন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.