ETV Bharat / state

গুৱাহাটীৰ গুৰুকুল গ্ৰামাৰ ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলক কণ্টেইনমেণ্ট জ'ন ঘোষণা - গুৱাহাটীত ক’ভিড 19 ভয়াৱহ ৰূপত বৃদ্ধি

গুৱাহাটীত ক’ভিড-19 ভয়াৱহ ৰূপত বৃদ্ধি (Increase Covid 19 cases in Guwahati) পাইছে ৷ মঙলবাৰে গুৱাহাটীৰ গীতানগৰত থকা গুৰুকুল গ্ৰামাৰ ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল কামৰূপ মহানগৰ জিলা প্ৰশাসনে কণ্টেইনমেণ্ট জ'ন হিচাপে ঘোষণা (Gurukul Grammar School declared as Containment Zone) কৰিছে ৷

gurukul-grammar-school-of-guwahati-declared-as-containment-zone
গুৱাহাটীৰ গুৰুকুল গ্ৰামাৰ ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলক কণ্টেইনমেণ্ট জ'ন ঘোষণা
author img

By

Published : Jan 18, 2022, 8:14 PM IST

গুৱাহাটী, 18 জানুৱাৰী : ভোগালী বিহুৰ পিছতে ৰাজ্য তথা গুৱাহাটীত ক’ভিড-19 ভয়াৱহ ৰূপত বৃদ্ধি (Increase Covid 19 cases in Guwahati) পোৱাৰ সময়তে মঙলবাৰে গুৱাহাটীৰ গীতানগৰত থকা গুৰুকুল গ্ৰামাৰ ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলখন জিলা প্ৰশাসনে কণ্টেইনমেণ্ট জ'ন হিচাপে ঘোষণা (Gurukul Grammar School declared as Containment Zone) কৰিছে ।

কামৰূপ মহানগৰ জিলা উপায়ুক্তই এই কথা জনায় কয় যে, স্বাস্থ্য বিভাগৰ তৰফৰ পৰা গীতানগৰত থকা গুৰুকুল গ্ৰামাৰ ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলত মঙলবাৰে ক’ভিড 19 ৰ পৰীক্ষা সম্পন্ন কৰা হৈছিল । ক’ভিড পৰীক্ষাৰ পিছত গীতানগৰত থকা গুৰুকুল গ্ৰামাৰ ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলখনৰ কেবাগৰাকীও শিক্ষক ক’ভিডত আক্ৰান্ত হোৱাৰ তথ্য লাভ কৰে ৷ ইয়াৰ পিছতে কামৰূপ(ম) জিলা প্ৰশাসনে এই সিদ্ধান্ত গ্ৰহণ কৰিছে ।

গীতানগৰত থকা গুৰুকুল গ্ৰামাৰ ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলখনৰ ১৪৪ গৰাকীৰ ক’ভিড পৰীক্ষা কৰাৰ পিছত ৩০ গৰাকী ক’ভিড আক্ৰান্ত হোৱাৰ তথ্য লাভ কৰে । গুৰুকুল গ্ৰামাৰ ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ বৰ্তমান সকলো অফলাইন পাঠদান বন্ধ ৰখা হৈছে ।

উল্লেখ্য যে, শেহতীয়াভাৱে মহানগৰীত আক্ৰান্তৰ সংখ্যা ভয়াৱহ ৰূপত বাঢ়ি আছে ৷ সোমবাৰৰ দিনটোত ৰাজ্য তথা গুৱাহাটীত যোৱা ছমাহৰ ৰেকৰ্ড ভংগ কৰি ক’ভিড আক্ৰান্তৰ সংখ্যা ভয়াৱহ ৰূপত বৃদ্ধি পাইছে । দৈনিক দুগুণ হাৰত আক্ৰান্তৰ সংখ্যা বাঢ়িবলৈ ধৰিছে ।

স্বাস্থ্য বিভাগৰ শেহতীয়াভাৱে প্ৰকাশ কৰা তথ্য অনুসৰি, সোমবাৰৰ দিনটোত ৰাজ্যত নতুনকৈ ৬,৯৮২ গৰাকী লোক ক'ভিডত আক্ৰান্ত হৈছে । ইয়াৰে ১,৪৯১ গৰাকী লোক গুৱাহাটী মহানগৰীৰ ।

লগতে চাওক: Third Wave of Covid in Assam : ক’ভিডৰ তৃতীয় ঢৌৰ সৰ্বাধিক ভয়াৱহতা ৰাজ্যত

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.