গুৱাহাটী 28 এপ্ৰিলঃ শনিবাৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ ৪নং ছাত্ৰাবাসত নতুন অসমীয়া বোলছবি 'উল্কা'ৰ সংগীত মুকলি কৰা হয়। ছাত্ৰাবাসটোৰ হীৰক জয়ন্তী সমাৰোহৰ লগত সংগতি ৰাখি আনুষ্ঠানিকভাৱে মুক্তি দিয়া হয় উল্কা ছবিখনৰ এটি গীত। শনিবাৰৰ পৰা ইউ টিউবত উপলব্ধ হ'ব এই গীতটো। গীতটিত কণ্ঠদান কৰিছে জনপ্ৰিয় কণ্ঠশিল্পী অংগৰাগ পাপন মহন্তই আৰু গীতটোৰ কথা-সুৰ বিশিষ্ট সংগীত পৰিচালক ইবছন লাল বৰুৱাৰ। উল্কা ছবিখন বিশ্ববিদ্যালয়ৰ হোষ্টেলীয়া জীৱনক মূল আধাৰ হিচাপে লৈ নিৰ্মাণ কৰা হৈছে ছবিখন। গুৱাহাটী বিশ্ববিদ্যালয়ত ছবিখনৰ দৃশ্যগ্ৰহণ কাম সম্পূৰ্ণ কৰা হৈছে। কেইবাগৰাকী নৱাগত অভিনেতা লৈ নিৰ্মাণ কৰা ছবি অতি শীঘ্ৰেই দৰ্শকৰ মাজলৈ আহিব ৷ ছবিখনৰ কাহিনী, চিত্ৰনাট্য আৰু পৰিচালনা মানস ছাগ্ৰাৰ ৷
নতুন অসমীয়া বোলছবি উল্কাৰ সংগীত মুকলি - ulka
শনিবাৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ ৪নং ছাত্ৰাবাসত নতুন অসমীয়া বোলছবি 'উল্কা'ৰ সংগীত মুকলি কৰা হয়। ছাত্ৰাবাসটোৰ হীৰক জয়ন্তী সমাৰোহৰ লগত সংগতি ৰাখি আনুষ্ঠানিকভাৱে মুক্তি দিয়া হয় উল্কা ছবিখনৰ এটি গীত। ছবিখনৰ কাহিনী, চিত্ৰনাট্য আৰি পৰিচালনা মানস ছাগ্ৰাৰ ৷