গুৱাহাটী, 7 আগষ্টঃ মঙলবাৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগ আৰু ডঃ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য সোঁৱৰণী ন্যাসৰ উদ্যোগত প্ৰথমবাৰৰ বাবে বিশ্ববিদ্যালয়ৰ ফণীধৰ দত্ত প্ৰেক্ষাগৃহত আয়োজন কৰা হয় ডঃ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ স্মাৰক বক্তৃতানুষ্ঠান ৷ বক্তৃতা অনুষ্ঠানটিত প্ৰথিতযথা কোংকণী সাহিত্যিক তথা সাহিত্য অকাডেমি বঁটা প্ৰাপক দামোদৰ মৌজোয়ে ডঃ ভট্টাচাৰ্যই ভাৰতীয় সাহিত্য জগতলৈ আগবঢ়োৱা অৱদানৰ কথা উল্লেখ কৰে । তাৰোপৰি প্ৰখ্যাত সাহিত্যিকগৰাকীৰ সৃষ্টিৰাজি আৰু জীৱন প্ৰণালীৰ বিষয়ে আলোকপাত কৰে সাহিত্য অকাডেমি বঁটা প্ৰাপক দামোদৰ মৌজোয়ে । উক্ত অনুষ্ঠানত গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ অধ্যাপক-অধ্যাপিকাকে আদি কৰি বহু কেইগৰাকী বিশিষ্ট লোক আৰু ছাত্ৰ-ছাত্ৰী উপস্থিত থাকে ।
গুৱাহাটী বিশ্ববিদ্যালয়ত ডঃ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ স্মাৰক বক্তৃতানুষ্ঠান
মঙলবাৰে গুৱাহাটী বিশ্ববিদ্যালয়ত ডঃ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য সোঁৱৰণী ন্যাসৰ উদ্যোগত প্ৰথমবাৰৰ বাবে বিশ্ববিদ্যালয়ৰ ফণীধৰ দত্ত প্ৰেক্ষাগৃহত আয়োজন কৰা হয় ডঃ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ স্মাৰক বক্তৃতানুষ্ঠান ৷