চাণক্য নীতি: এজন মহান অৰ্থশাস্ত্ৰবিদ তথা ৰাজনীতিবিদৰ মৰ্যাদা অৰ্জন কৰা আচাৰ্য চাণক্যই মানৱ জীৱনৰ সকলো দিশ সন্দৰ্ভত কিছু নীতি আৰু উপায় আগবঢ়াই থৈ গৈছে । চাণক্যৰ এই নীতিসমূহ আজিও তেনেদৰেই প্ৰাসংগিক যিদৰে শ শ বছৰ পূৰ্বে আছিলে । একেদৰে আচাৰ্য চাণক্যই তেওঁৰ নীতি গ্ৰন্থ ‘চাণক্য নীতি’ৰ এটা শ্লোকত কিছুমান কথা উল্লেখ কৰি থৈ গৈছে যিসমূহ শ্লোক আজিও মানৱ জীৱনৰ ওপৰত প্ৰযোজ্য হয় ।
আচাৰ্য চাণক্যই জীৱন বিষয়ক লৈ বহু পৰামৰ্শ দিছিল যিবোৰ তেওঁৰ নীতি কিতাপত উল্লেখ আছে ৷ চাণক্য নীতিয়ে এনে কিছু লোকৰ কথা উল্লেখ কৰিছে যিসকলৰ সৈতে কোনো ধৰণে দুখৰ কথা কোৱা উচিত নহয় ৷ কাৰণ এইসকল লোকৰ আগত দুখৰ কথা কৈ আপুনি যে ভুল কৰিছে সেয়া পিছত বুজিব ৷ ভৱিষ্যতে আপোনাৰ অনুশোচনা হ’ব পাৰে ৷ কিন্তু কিয় ?
চাণক্য নীতি : বন্ধু ভাবি মনৰ সকলো কথা কৈছে, খুব ভুল কৰিছে ৷ পিচত অনুশোচনা হ’ব পাৰে ৷ ভুলতো এই ৫ ধৰণৰ লোকৰ আগত আপোনাৰ দুখৰ কথা নক’ব ৷
- বহুতেই আপোনাৰ অগ্ৰগতি বা সফলতাত খুব ঈৰ্ষান্বিত ৷ ইয়াৰ উপৰি নিৰাপত্তাহীনতাৰ বাবে এইবোৰ মানুহ বিৰক্ত হৈ থাকে ৷ চাণক্য নীতি অনুসৰি, এই লোকসকলৰ আগত দুখৰ কথা উল্লেখ কৰা উচিত নহয় ৷ এই লোকসকলে দেখুৱাব যে তেওঁলোকে আপোনাক সান্ত্বনা দিছে, কিন্তু ভিতৰি তেওঁলোক খুব সুখী হ’ব পাৰে ৷
- চাণক্য নীতিত কোৱা হৈছে, যিসকল লোকে প্ৰতিটো কথাক লৈ হাঁহি-ধেমালি কৰে আৰু কাকো গুৰুত্ব নিদিয়ে, এনে লোকক নিজৰ কোনো দুখৰ কথা কৈ লাভ নাই ৷ আপোনাৰ দুখৰ কথা ক’লে ওলোটা আপোনাৰ দুখক লৈও উপহাস কৰিব পাৰে ৷
- এনে লোকৰ পৰা দূৰত থকা উচিত যিসকলে সকলোকে তেওঁলোকৰ বন্ধু বনাই ৷ এটা কথা আছে যি সকলোৰে বন্ধু তেওঁ কাৰো বন্ধু নহয় ৷ এওঁলোকে শুদ্ধ আৰু ভুল উভয় ক্ষেত্ৰতে সমৰ্থন কৰে ৷ এই ধৰণৰ লোকৰ ওচৰত কেতিয়াও নিজৰ দুখৰ কথা কোৱা উচিত নহয় ৷ এই লোকসকলে আপোনাৰ দুখ বা গোপন কথা আন কাৰোবাক ক’ব পাৰে ৷ আপোনাৰ সৈতে বিশ্বাসঘাতকতা কৰিব পাৰে ৷
- বহু লোক আছে, যিসকলে কেৱল নিজৰ কথাহে ভাবে, আনৰ ভাল-বেয়াক লৈ চিন্তিত নহয় ৷ এওঁ লোকসকলে কাকো গুৰুত্ব নিদিয়ে ৷ যদি কাৰোবাৰ ক্ষতি কৰি তেওঁলোকৰ উপকাৰ হয়, তেন্তে এই লোকসকলে সেই কাম কৰিব পাৰে ৷এওঁলোকৰ সৈতে কাৰো দুখ শ্বেয়াৰ কৰা উচিত নহয় ৷ এই লোকসকলে কেতিয়াও আপোনাৰ কষ্ট আৰু দুখ নুবুজে ৷
- বহু লোক আছে, যিসকলে খুব বেছি কথা কয় আৰু একো নুবুজাকৈয়ে কাৰোবাক কোনো কথা কৈ দিয়ে ৷ এই লোকসকলৰ পৰা দূৰত থাকক ৷ইয়াৰ উপৰি, এই লোকসকলৰ ওচৰত কাৰো দুখৰ কথা কোৱা উচিত নহয় ৷ তেওঁলোকে কথা বিকৃত কৰি আপোনাৰ ব্যথা আৰু যন্ত্ৰণা নেতিবাচক উপায়েৰে আন কাৰোবাক জনাব পাৰে ৷
বিঃদ্রঃ ধৰ্ম, জ্যোতিষ, বাস্তু, ফেংচুই আদি বিষয়ত আধাৰিত এই লেখাসমূহ কেৱল পাঠকে জানিবৰ বাবেহে । এই উপায়সমূহ অৱলম্বনৰ পূৰ্বে বিশেষজ্ঞৰ পৰামৰ্শ লোৱাটো জৰুৰী । আমাৰ উদ্দেশ্য কেৱল পাঠকক অৱগত কৰা । ইটিভি ভাৰতে এই তথ্য নিশ্চিত কৰা নাই ।