ETV Bharat / sports

অৰ্জুন বঁটা, খেলৰত্ন, পদ্মশ্ৰীৰে সন্মানিত খেলুৱৈক চাৰিবছৰৰ বাবে নিষিদ্ধ ঘোষণা - NADA SUSPENDS BAJRANG PUNIA

Anti Doping Code: ড’পিং বিৰোধী পৰীক্ষা কৰিবলৈ অস্বীকাৰ কৰাৰ অপৰাধত চাৰি বছৰৰ বাবে নিষিদ্ধ এগৰাকী খেলুৱৈ ৷ ৰাষ্ট্ৰীয় এণ্টি-ড'পিং এজেন্সীৰ এই কঠোৰ সিদ্ধান্ত ৷

NADA suspends Bajrang Punia
বজৰং পুনিয়া, সাক্ষী মালিক আৰু বিনেশ ফোগাট (ETV Bharat)
author img

By ETV Bharat Sports Team

Published : Nov 27, 2024, 4:27 PM IST

স্প’ৰ্টছ ডেস্ক: টকিঅ' অলিম্পিকত ব্ৰঞ্জৰ পদক বিজয়ী মল্লযোদ্ধা বজৰং পুনিয়া পুনৰ এবাৰ সংবাদ শীৰ্ষত ৷ ৰাষ্ট্ৰীয় এণ্টি-ড'পিং এজেন্সী (এন এ ডি এ)ক পৰীক্ষাৰ বাবে নমুনা দিবলৈ অস্বীকাৰ কৰাৰ অপৰাধত খেলুৱৈগৰাকীক চাৰি বছৰৰ বাবে নিষিদ্ধ ঘোষণা কৰা হৈছে ।

2024 চনৰ মাৰ্চ মাহত ৰাষ্ট্ৰীয় দলৰ পৰীক্ষণৰ সময়ত বজৰং পুনিয়াক এণ্টি-ড'পিং পৰীক্ষাৰ বাবে প্ৰস্ৰাৱৰ নমুনা বিচাৰিছিল নাডাই ৷ কিন্তু পুনিয়াই এজেন্সীটোক এই নমুনা দিবলৈ অস্বীকাৰ কৰে ।

প্ৰতিবেদন অনুসৰি, শুনানিৰ পিছত নাডাৰ এণ্টি-ড'পিং নিয়মৰ অনুচ্ছেদ 10.3.1 অনুসৰি পুনিয়াৰ ওপৰত নিষেধাজ্ঞা জাৰি কৰা হয় ৷ ড'পিং বিৰোধী নিয়ম উলংঘন কৰাৰ অপৰাধতে খেলুৱৈগৰাকীক এই শাস্তি প্ৰদান কৰা হৈছে ৷

ভাৰতীয় মল্লযোদ্ধাগৰাকীক চলিত বছৰৰে এপ্ৰিল মাহত ক্ৰীড়াৰ বিশ্ব নিয়ন্ত্ৰক সংস্থা ইউনাইটেড ৱৰ্ল্ড ৰেছলিং (ইউ ডব্লিউ ডব্লিউ)য়েও নিলম্বন কৰিছিল ৷ যাৰ পিছৰে পৰা ভাৰতীয় মল্লযোদ্ধাগৰাকীয়ে কোনো প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ সক্ষম নোহোৱাৰ লগতে নিলম্বনৰ ম্যাদ উকলালৈকে কোনোধৰণৰ প্ৰশিক্ষণতো অংশ ল’ব নোৱাৰিব ৷

শুনানিৰ সময়ত পুনিয়াই কি যুক্তি দিছিল ?

শুনানিৰ সময়ত পুনিয়াই যুক্তি দিছিল যে, পৰীক্ষাৰ বাবে নমুনা দিবলৈ অস্বীকাৰ কৰাটো ইচ্ছাকৃত নহয় ৷ তেওঁ এইটোও দাবী কৰিছিল যে, নমুনা সংগ্ৰাহকে ম্যাদ উকলি যোৱা কিট ব্যৱহাৰ কৰিছিল ৷ লগতে ম্যাদ উকলি যোৱা পৰীক্ষাৰ কিট প্ৰদান কৰাৰ পূৰ্বৰ উদাহৰণবোৰ উল্লেখ কৰিছিল ।

NADA suspends Bajrang Punia
বজৰং পুনিয়া (PTI PHOTO)

"ম্যাদ উকলি যোৱা কিট" ব্যৱহাৰ কৰাৰ বিৰুদ্ধে খেলুৱৈগৰাকীয়ে মূলতঃ আপত্তি দৰ্শাইছিল ৷ যাৰ বাবে নমুনা প্ৰদান নকৰাৰ অপৰাধত খেলুৱৈগৰাকীক শাস্তি বিহে নাডাই ৷ পুনিয়াই লগতে দাবী কৰিছিল যে, ভাৰতীয় কুস্তি ফেডাৰেচন (ডব্লিউ এফ আই)ৰ সৈতে তেওঁৰ বিবাদ আৰু ইয়াৰ প্ৰাক্তন অধ্যক্ষ ব্ৰিজভূষণ শৰণ সিঙৰ বিৰুদ্ধে হোৱা প্ৰতিবাদত খেলুৱৈগৰাকী প্ৰত্যক্ষভাৱে জড়িত থকাৰ ফলত পৰিস্থিতি অধিক শোচনীয় হৈ পৰে ।

আনহাতে, ৰাষ্ট্ৰীয় এণ্টি-ড'পিং এজেন্সীটোৱে দাবী কৰা অনুসৰি পুনিয়াই এই কাম ইচ্ছাকৃতভাৱে কৰিছিল ৷ 2021 ৰ নিয়মৰ 20.1 আৰু 20.2 নং অনুচ্ছেদত উল্লেখ কৰা ড'পিং-বিৰোধী দায়িত্ববোৰৰ প্ৰতি অৱজ্ঞা প্ৰদৰ্শন কৰাৰ বাবে বজৰং পুনিয়াৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰা হয় ।

বজৰং পুনিয়া ভাৰতৰ এগৰাকী সফল মল্লযোদ্ধা

বিশ্ব চেম্পিয়নশ্বিপ, এছিয়ান গেমছ, কমনৱেলথ গেমছ, এছিয়ান চেম্পিয়নশ্বিপ আৰু কমনৱেলথ চেম্পিয়নশ্বিপত কেইবাটাও পদক অৰ্জন কৰা বজৰং পুনিয়া হৈছে ভাৰতৰ অন্যতম সফল মল্লযোদ্ধা । তেওঁৰ দশকজোৰা আন্তঃৰাষ্ট্ৰীয় কেৰিয়াৰ 2013 চনত নতুন দিল্লীত অনুষ্ঠিত এছিয়ান চেম্পিয়নশ্বিপত আৰম্ভ হৈছিল, যাৰ পিছত খেলুৱৈগৰাকী চৰ্চালৈ আহিছিল । তেওঁক 2015 চনত অৰ্জুন বঁটা, খেলৰত্ন বঁটা আৰু 2019 চনত পদ্মশ্ৰী বঁটা প্ৰদান কৰা হৈছে ।

লগতে পঢ়ক: মল্লযুঁজাৰু বজৰং পুনিয়াক দ্বিতীয়বাৰলৈ নিলম্বিত কৰিলে এণ্টি ড’পিং এজেন্সী - Wrestler Bajrang Punia

ৰিং-প্ৰতিবাদত বিফল বিনেশৰ ভৰসাৰ থলী হৈ পৰিল হাত: বজৰং পুনিয়াৰ সৈতে আৰম্ভ নতুন ইনিংছ - VINESH AND PUNIA JOIN CONGRESS

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.