ETV Bharat / health

আমি কিয় নিতৌ পুৱা ৰঙালাওৰ বীজ খোৱাটো উচিত ? কি কয় গৱেষণাই - PUMPKIN SEEDS

বহুলোকেই ৰঙালাও খায় যদিও ইয়াৰ গুটিবোৰ পেলাই দিয়ে । কিন্তু এবাৰ যদি আপুনি ইয়াৰ উপকাৰিতাৰ বিষয়ে জানে তেন্তে নিশ্চয় ইয়াক নিতৌ খাবলৈ বাধ্য হ’ব-

Why should we eat pumpkin seeds every morning?
আমি কিয় নিতৌ পুৱা ৰঙালাওৰ বীজ খোৱাটো উচিত ? কি কয় গৱেষণাই (ETV Bharat)
author img

By ETV Bharat Health Team

Published : Nov 27, 2024, 4:24 PM IST

সকলো বাদাম আৰু বীজতে প্ৰচুৰ পৰিমাণে পুষ্টিকৰ উপাদান থাকে ৷ গতিকে ফিট আৰু সুস্থ হৈ থাকিবলৈ আমি সকলোৱে খাদ্য তালিকাত বাদাম আৰু বীজ অন্তৰ্ভুক্ত কৰাটো খুবেই জৰুৰী ৷ প্ৰায়ে মানুহে পুৱা খালী পেটতে কাঠবাদাম, কিচমিচ বা আখৰোট আদি খায় ৷ ইচ্ছা কৰিলে ৰঙালাওৰ বীজ খালী পেটতো খাব পাৰে ৷ ভিটামিন, স্বাস্থ্যকৰ চৰ্বি আৰু খনিজ পদাৰ্থ ৰঙালাওৰ বীজত প্ৰচুৰ পৰিমাণে পোৱা যায় ৷ প্ৰতিদিনে পুৱা খালী পেটত ৰঙালাওৰ বীজ সেৱন কৰিলে সদায় সুস্থ হৈ থাকিব পাৰিব ৷ ইয়াৰ দ্বাৰা কোষ্ঠকাঠিন্যৰ সমস্যা দূৰ হ’ব ৷ লগতে গোটেই দিনটো আপুনি শক্তিশালী হৈ থাকিব আৰু আপোনাৰ হাড়বোৰো শক্তিশালী হয় ৷

ৰঙালাওৰ বীজত কোনবোৰ পুষ্টিকৰ উপাদান পোৱা যায় ?

Why should we eat pumpkin seeds every morning?
ৰঙালাওৰ বীজত কোনবোৰ পুষ্টিকৰ উপাদান পোৱা যায় ? (ETV Bharat)

ৰিচাৰ্চ জাৰ্নেল অৱ ফাৰ্মাক’লজী এণ্ড ফাৰ্মাকোডাইনেমিক্সৰ গৱেষণা অনুসৰি প্ৰ’টিন, আঁহ, ওমেগা-৩ ফেটি এচিড আৰু আইৰণ আদি পুষ্টিকৰ উপাদান ৰঙালাওৰ বীজত পোৱা যায় ৷ ইয়াৰ বাহিৰেও ৰঙালাওৰ বীজত তলত উল্লেখি এইসমূহ পুষ্টিকৰ উপাদানো পোৱা যায়-

  • কাৰ্বহাইড্ৰেট: ৫.২ গ্ৰাম
  • প্ৰ’টিন: ৮.৪ গ্ৰাম
  • চৰ্বি: ১১.২ গ্ৰাম
  • আঁহ: ১.৪ গ্ৰাম
  • কেলচিয়াম: ১০.৪ মিলিগ্ৰাম
  • আইৰণ: ২.৩ মিলিগ্ৰাম
  • মেগনেছিয়াম: ১৪০ মিলিগ্ৰাম
  • ফছফৰাছ: ৩২২ মিলিগ্ৰাম
  • পটাছিয়াম: ৫৫.৩ মিলিগ্ৰাম
  • জিংক: ১.৮ মিলিগ্ৰাম
  • মেংগানিজ: ১.২ মিলিগ্ৰাম

খালী পেটত ৰঙালাওৰ বীজ খোৱাৰ উপকাৰিতা

১/ স্বাস্থ্যৰ উন্নতি কৰা

চিকিৎসকে কয় যে, পুৱা খালী পেটত ৰঙালাওৰ বীজ খালে আপোনাৰ হৃদযন্ত্ৰৰ স্বাস্থ্যৰ যথেষ্ট উন্নতি হ’ব পাৰে ৷ দৰাচলতে ৰঙালাওৰ বীজত অধিক পৰিমাণে ওমেগা-৩ ফেটি এচিড, এন্টিঅক্সিডেন্ট, মেগনেছিয়াম আৰু জিংক থাকে ৷ ইয়াৰ উপৰিও ৰঙালাওৰ বীজয়ে উচ্চ ৰক্তচাপ আৰু কলেষ্টেৰলৰ মাত্ৰা হ্ৰাস কৰাত সহায় কৰে ৷ প্ৰতিদিনে পুৱা ৰঙালাওৰ বীজ খালে হৃদৰোগৰ সম্ভাৱনা কমোৱাত সহায়ক হ’ব পাৰে ৷

২/ প্ৰদাহ কম কৰে

জনাই দিও যে ৰঙালাওৰ বীজত প্ৰদাহ নিবাৰণকাৰী গুণ পোৱা যায়, যিয়ে প্ৰদাহ কমোৱাত সহায় কৰে ৷ যদি কোনো দীৰ্ঘদিনীয়া ৰোগ, ডায়েবেটিছ বা থাইৰয়ডৰ বাবে আপোনাৰ শৰীৰত ফুলি উঠে, তেন্তে পুৱা খালী পেটত ৰঙালাওৰ বীজ খাবলৈ আৰম্ভ কৰক ৷ ৰঙালাওৰ বীজয়ে বিপাকীয় ক্ৰিয়া বৃদ্ধি কৰি ৰক্তচাপ নিয়ন্ত্ৰণত সহায় কৰে ৷

৩/ প্ৰচুৰ পৰিমাণে আঁহ লওক

বিশেষজ্ঞসকলে কয় যে, ৰঙালাওৰ বীজত আঁহৰ পৰিমাণ অতি বেছি ৷ পুৱা খালী পেটত ৰঙালাওৰ বীজ খালে শৰীৰে সহজে আঁহ শোষণ কৰে ৷ ইয়াৰ ফলত ডায়েবেটিছ আৰু হৃদৰোগৰ সম্ভাৱনা হ্ৰাস পায় ৷ ইয়াৰ উপৰিও পাচন শক্তিও অধিক শক্তিশালী হৈ উঠে ৷ প্ৰতিদিনে পুৱা ৰঙালাওৰ বীজ খালে বদহজম আৰু কোষ্ঠকাঠিন্য আদি পাচনতন্ত্ৰৰ সমস্যাৰ পৰা সকাহ পোৱা যায় ৷

৪/ পৰ্যাপ্ত পৰিমাণৰ আইৰণ লওক

খালী পেটত ৰঙালাওৰ বীজ খোৱাৰ উপকাৰিতা (ETV Bharat)

ৰঙালাওৰ বীজ আইৰণৰ এক উত্তম উৎস ৷ আইৰণ শৰীৰৰ বাবে অপৰিহাৰ্য পুষ্টিকৰ উপাদান, কাৰণ ই শৰীৰত হিম’গ্লবিন তৈয়াৰ কৰাৰ কাম কৰে ৷ শৰীৰত আইৰণ কম হ’লে ক্লান্তি আৰু দুৰ্বলতা অনুভৱ কৰিব পাৰে ৷ আইৰণৰ অভাৱত ৰক্তহীনতাৰ সমস্যাইও দেখা দিব পাৰে ৷ বিশেষকৈ মহিলাৰ ক্ষেত্ৰত ৰক্তহীনতা বেছিকৈ দেখা যায় ৷এনে পৰিস্থিতিত প্ৰতিদিনে পুৱা খালী পেটত ৰঙালাওৰ বীজ খালে শৰীৰে পৰ্যাপ্ত পৰিমাণৰ আইৰণ পাব ৷ইয়াৰ ফলত ৰক্তহীনতাৰ লক্ষণো কমি যাব ৷

৫/ এন্টিঅক্সিডেন্টৰ ভাল উৎস

শৰীৰ সুস্থ কৰি ৰাখিবলৈ এন্টিঅক্সিডেন্ট সমৃদ্ধ খাদ্য সেৱন কৰাটো অতি প্ৰয়োজনীয় ৷ এন্টিঅক্সিডেন্টৰ বাবে খালী পেটত ৰঙালাওৰ বীজ খাব পাৰে ৷ ৰঙালাওৰ বীজত ফ্লেভন’ইড আৰু ফেনলিক এচিড নামৰ এন্টিঅক্সিডেন্ট থাকে ৷ এন্টিঅক্সিডেন্টে শৰীৰক ফ্ৰী ৰেডিকেলৰ পৰা ৰক্ষা কৰাত সহায় কৰে ৷এন্টিঅক্সিডেন্ট শৰীৰ আৰু ছাল উভয়ৰে বাবে অপৰিহাৰ্য ৷

লগতে প্ৰতিদিনে পুৱা খালী পেটত ৰঙালাওৰ বীজ খালে আমাৰ শৰীৰে এন্টিঅক্সিডেন্ট, আইৰণ আৰু ফাইবাৰ লাভ কৰে ৷ খালী পেটত ৰঙালাওৰ বীজ খালে শৰীৰে ইয়াৰ পুষ্টিকৰ উপাদানসমূহ সহজে শোষণ কৰে ৷

https://rjppd.org/HTMLPaper.aspx?Journal=Research%20Journal%20of%20Pharmacology%20and%20Pharmacodynamics;PID=2023-15-2-4

সতৰ্কীকৰণ: এই প্ৰতিবেদনত আপোনাক দিয়া সকলো স্বাস্থ্য সম্পৰ্কীয় তথ্য আৰু পৰামৰ্শ কেৱল আপোনাৰ সাধাৰণ তথ্যৰ বাবেহে । আমি এই তথ্য বৈজ্ঞানিক গৱেষণা, অধ্যয়ন, চিকিৎসা আৰু স্বাস্থ্য পেছাদাৰী পৰামৰ্শৰ ভিত্তিত প্ৰদান কৰিছো । আপুনি এই উপায় বা পদ্ধতি অনুসৰণ কৰাৰ আগতে এই বিষয়ে বিতংভাৱে জনাটো উচিত তথা আপোনাৰ ব্যক্তিগত চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰাটো উচিত ।

লগতে পঢ়ক: কেৱল মধুৰিআমেই নহয় ইয়াৰ পাতৰো আছে অনেক উপকাৰিতা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.