গুৱাহাটী, ৪ অক্টোবৰ: শুকুৰবাৰে নিশা গুৱাহাটী মহানগৰীৰৰ মাজমজিয়াৰ জি এছ ৰোডত সংঘটিত এক ভয়াৱহ দুৰ্ঘটনাক লৈ এতিয়া সমালোচিত হৈছে মহানগৰ আৰক্ষী । নৈশ সান্ধ্য আইন বলৱৎ হৈ থকাৰ সময়তে মাজনিশা পঞ্চতাৰকা হোটেলত পাৰ্টী কৰি ওলাই আহিছিল মডেল ৰাজকন্যা বৰুৱা । সুৰামত্ত অৱস্থাত বাহন চলাই আহি নিয়ন্ত্ৰণ হেৰুৱাই ৰুক্মিনীগাঁৱত ৰাজকন্যা বৰুৱাই মহতিয়াই নিছিল ৮ জন শ্ৰমিকক । আৰক্ষীয়ে ৰাজকন্যাক গ্ৰেপ্তাৰ কৰিলে ঠিকেই ।
কিন্তু ২৪ ঘণ্টাৰ ভিতৰতে জামিনো লাভ কৰিলে ৰাজকন্যাই । এতিয়া এই ‘হিট এণ্ড ৰাণ’ৰ ঘটনাত আৰক্ষীৰ ভূমিকাক লৈ উত্থাপিত হৈছে বহু প্রশ্ন । কিয়নো, ঘটনাটো সংক্ৰান্তত আৰক্ষীয়ে ৰাজকন্যাৰ বিৰুদ্ধে যিকেইটা ধাৰাৰ অধীনত গোচৰ ৰুজু কৰিলে সেইকেইটাৰ এটাক বাদ দি আন কেইটা জামিনযোগ্য ধাৰাৰ গোচৰ । যুৱতীগৰাকীৰ বিৰুদ্ধে কেইবাটাও অপৰাধৰ গোচৰ আৰক্ষীয়ে ৰহস্যজনকভাৱে ৰুজু নকৰিলে ।
সুৰামত্ত অৱস্থাত গাড়ী চলোৱা, সুৰামত্ত অৱস্থাত গাড়ী চলাই মানুহ খুন্দিওৱা বা আহত কৰা, সান্ধ্য আইন অমান্য কৰি ৰাজপথেৰে গাড়ী চলাই অহা এইবোৰ বিষয়ক গোচৰ ৰুজু কৰা হোৱা নাছিল । আনহাতে, এখন পঞ্চতাৰকা হোটেলত পাৰ্টী কৰাৰ পাছত যুৱতীগৰাকী ৰাজপথেৰে গাড়ী চলাই আহিছিল ।
সান্ধ্য আইনৰ সময় আৰম্ভ হোৱাৰ পিছত হোটেলত ৯ বজাৰ পিছতো পাৰ্টী কেনেকৈ চলিছিল এই বিষয়তো আৰক্ষীয়ে বিশেষ গুৰুত্ব আৰোপ কৰা দেখা পোৱা নাই । কিয়নো, ৯ বজাতে সকলো দোকান-পোহাৰ তথা ব্যৱসায়িক প্ৰতিষ্ঠান বন্ধ হয় । ৯ বজাৰ পিছত সাধাৰণতে হোটেলত নিশা কটোৱা গ্ৰাহককহে আহাৰ যোগান ধৰাৰ ব্যৱস্থা আছে । তেনেস্থলত বাহিৰৰ পৰা গৈ সেই নিৰ্দিষ্ট সময়খিনি পাৰ হোৱাৰ পিছতো কেনেকৈ যুৱতীগৰাকীয়ে পাৰ্টী কৰিব পাৰিলে বুলিও প্ৰশ্ন উত্থাপিত হৈছে ।
যুৱতীগৰাকীয়ে 'Disaster Management Act' ভংগ কৰিছে আৰু আশ্চৰ্যজনকভাৱে এই সংক্ৰান্তত আৰক্ষীয়ে কোনো গোচৰ ৰুজু কৰি ধাৰা প্ৰয়োগ কৰা নাই । এই প্ৰসংগত আচলতে যুৱতীগৰাকীয়েই নহয়, তেওঁক পাৰ্টী কৰাৰ অনুমতি দিয়া পঞ্চতাৰকাযুক্ত হোটেলখনৰ বিৰুদ্ধেও আৰক্ষীয়ে গোচৰ ৰুজু কৰিব লাগিছিল । কেৱল এয়াই নহয়, চিচি টিভিৰ ফুটেজ আদিও সংগ্ৰহ কৰিব লাগিছিল ।
কাৰণ, হোটেলখনেও 'Disaster Management Act' ভংগ কৰিছে । সেয়ে, এই গোচৰটো অতি সাধাৰণভাৱে লৈ অভিযুক্তক সকাহ দিয়াৰ চেষ্টা কৰিছে বুলি আৰক্ষীৰ বিৰুদ্ধে প্ৰশ্ন উত্থাপিত হৈছে । উল্লেখ্য যে, শুকুৰবাৰে নিশা ৰাজকন্যাই সংঘটিত কৰা দুৰ্ঘটনাত ৮ জনকৈ কৰ্তব্যৰত শ্ৰমিক আহত হৈছিল ।
আনকি এজন শ্ৰমিকৰ ভৰি ঘটনাস্থলীতে ছিঙি গৈছিল । কিন্তু আশ্চৰ্যকৰ কথাটো হ’ল যে, এই গোচৰত সুৰামত্ত অৱস্থাত মাজনিশা তীব্ৰ গতিৰে গাড়ী চলাই আহি দুৰ্ঘটনা সংঘটিত কৰা ৰাজকন্যা বৰুৱা নামৰ যুৱতীগৰাকীয়ে একেদিনাই জামিন পালে । আৰক্ষীৰ ত্ৰুটিপূৰ্ণ এজাহাৰ আৰু দুৰ্বল ভূমিকাৰ বাবেই ভয়ংকৰ অপৰাধ সংঘটিত কৰা যুৱতীগৰাকীয়ে জামিন পালে বুলি উত্থাপিত হৈছে ।