ETV Bharat / state

Letter of appreciation from Assam CM:মুখ্যমন্ত্রীৰ কৃতজ্ঞতা পত্র লৈ কৃতী শিক্ষাগুৰুৰ কাষত চৰকাৰী বিষয়া - teachers day 2023

পৱিত্র শিক্ষক দিৱসৰ দিনা ৰাজ্যৰ ৪৩০ গৰাকী কৃতী শিক্ষাগুৰুক ঘৰে ঘৰে গৈ সম্বৰ্ধনা জ্ঞাপন । ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক পুৰস্কাৰ প্ৰাপ্ত শিক্ষকক চৰকাৰীভাৱে সম্বৰ্ধনা জ্ঞাপনেৰে মুখ্যমন্ত্রীৰ শুভেচ্ছা পত্র প্ৰদান । শিক্ষাগুৰুসকলক পত্রযোগে মুখ্যমন্ত্রীয়ে কৃতজ্ঞতা জনাই চৰকাৰ পৰিচালনাৰ বাবে বিচাৰে পৰামৰ্শ । সম্বৰ্ধনা লাভ কৰি উৎফুল্লিত ২০১৮ চনত ৰাজ্যিক শিক্ষকৰ বঁটাৰে সন্মানিত গুৱাহাটীৰ জুনু ৰাজখোৱা ।

govt officials visit teachers with letter of appreciation from Assam cm
কৃতী শিক্ষাগুৰুৰ কাষত চৰকাৰী বিষয়া
author img

By ETV Bharat Assamese Team

Published : Sep 5, 2023, 8:41 PM IST

কৃতী শিক্ষাগুৰুৰ কাষত চৰকাৰী বিষয়া

গুৱাহাটী,৫ ছেপ্টেম্বৰ: শিক্ষক দিৱস উপলক্ষে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশ মৰ্মে মঙলবাৰে ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক পুৰস্কাৰ প্ৰাপ্ত শিক্ষকৰ ঘৰে ঘৰে গৈ প্ৰদান কৰা হয় সম্বৰ্ধনা পত্ৰ । ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে গুৱাহাটী মহানগৰীতো মঙলবাৰে জিলা প্ৰশাসনৰ তৰফৰ পৰা কৃতী শিক্ষাগুৰুক ঘৰত গৈ সম্বৰ্ধনা জ্ঞাপন কৰা হয় । সেই অনুসৰি গুৱাহাটীৰ কাহিলিপাৰাৰ নৰকাসুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত শিক্ষয়িত্রী জুনু ৰাজখোৱাক তেওঁৰ কাহিলিপাৰাস্থিত বাসভৱনত মহানগৰ জিলা প্ৰশাসনৰ তৰফৰ পৰা সম্বৰ্ধনা জনোৱা হয় । ২০১৮ চনত ৰাজ্যিক শিক্ষকৰ বঁটাৰে সন্মানিত হোৱা জুনু ৰাজখোৱাক এখন পাটৰ গামোচা আৰু মুখ্যমন্ত্রীৰ শুভেচ্ছা পত্রৰে সম্বৰ্ধনা জনোৱা হয় । সম্বৰ্ধনা গ্ৰহণ কৰি উৎফুল্লিত হৈ পৰে অৱসৰী শিক্ষয়িত্রীগৰাকী ।

govt officials visit teachers with letter of appreciation from Assam cm
কৃতী শিক্ষাগুৰুৰ কাষত চৰকাৰী বিষয়া

নিজৰ মনৰ ভাৱ ব্যক্ত কৰি তেওঁ কয় যে 'শিক্ষক দিৱস' উপলক্ষে এনেদৰে জনোৱা সন্মানৰ বাবে মুখ্যমন্ত্রীক কৃতজ্ঞতা জ্ঞাপন কৰিছো । এই সন্মানৰ বাবে এতিয়া নতুন প্ৰজন্মৰ লগতে সমাজৰ উন্নতিৰ বাবে কাম কৰিবলৈ দায়িত্ব বাঢ়িল বুলি তেওঁ কয় । উল্লেখ্য যে, বিগত দুই দশকত শিক্ষক বঁটাৰে সন্মানিত ৰাজ্যৰ কৃতী শিক্ষক আৰু শিক্ষয়িত্রীসকলক সন্মান জনোৱাৰ বাবে এইবাৰ এনেদৰে মুখ্যমন্ত্ৰীৰ শুভেচ্ছা পত্র প্ৰদানৰ ব্যৱস্থা কৰা হৈছে । শিক্ষাগুৰুসকলক পত্রযোগে মুখ্যমন্ত্রীয়ে কৃতজ্ঞতা জনাই চৰকাৰ পৰিচালনাৰ বাবে পৰামৰ্শও বিচাৰে । ৰাজ্যৰ ৩৫ খন জিলাৰ মুঠ ৪৩০ গৰাকী কৃতী শিক্ষকক এই পত্ৰ প্ৰদান কৰাৰ ব্যৱস্থা কৰা হৈছে । ইয়াৰ ভিতৰত ৰাষ্ট্ৰীয় শিক্ষক বঁটা লাভ কৰা ৭গৰাকী কৃতী শিক্ষকো আছে ।

আনহাতে ৰাজ্যিক শিক্ষক বঁটা লাভ কৰা প্ৰাথমিক বিদ্যালয়ৰ ২৩৪গৰাকী আৰু মাধ্যমিক বিদ্যালয়ৰ ১৮৯গৰাকী কৃতী শিক্ষক আছে । মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই নিজৰ পত্ৰখনত বঁটাপ্রাপক শিক্ষকসকলৰ পৰা ৰাজ্য চৰকাৰৰ সন্দৰ্ভত পৰামৰ্শ বিচাৰিছে । বঁটাপ্রাপক শিক্ষকসকলৰ পৰামৰ্শ পত্রযোগে তেওঁলৈ প্ৰেৰণ কৰিবলৈ মুখ্যমন্ত্ৰীয়ে অনুৰোধ জনাইছে । ৰাজ্যৰ শিক্ষক বঁটাৰে সন্মানিত শিক্ষকসকলক উদ্দেশ্যি লিখা পত্ৰখনত মুখ্যমন্ত্রী ড° শৰ্মাই কয় - 'শিক্ষক দিৱসৰ এই পৱিত্ৰ দিনটোত মোৰ আন্তৰিক শ্রদ্ধা, প্ৰণাম আৰু নমস্কাৰ গ্ৰহণ কৰিব । যিসকল মনীষীয়ে মানৱ জাতিক অজ্ঞানতাৰ আন্ধাৰৰ পৰা মুক্ত কৰি জ্ঞানৰ আলোকেৰে উজলাই তুলিব খোজে, তেখেতসকলেই হৈছে শিক্ষাগুৰু । প্রকৃত শিক্ষাগুৰুৱে ভাবে যে শিক্ষকতাৰ দৰে পৱিত্ৰ বৃত্তিত জড়িত হ’বলৈ পোৱাটো তেওঁলোকৰ জীৱনৰ পৰম সাৰ্থকতা । পৃথিৱীৰ বহুতো বিজ্ঞানী, সাহিত্যিক অথবা পণ্ডিত দৰাচলতে আছিল একোগৰাকী শিক্ষক অথবা শিক্ষাগুৰু । নিজকে শিক্ষক বুলি চিনাকি দি তেওঁলোক গৌৰৱান্বিত হৈছিল ।

সাংবাদিকক দিয়া এটা সাক্ষাৎকাৰত বিশিষ্ট বিজ্ঞানী তথা ভাৰতৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ড° এ পি জে আব্দুল কালামে কৈছিল যে জীৱনটো নতুনকৈ আৰম্ভ কৰিবলৈ পালে তেওঁ এগৰাকী শিক্ষক হ’ব । নবেল বঁটাপ্ৰাপক সাহিত্যিক কবিগুৰু ৰবীন্দ্রনাথ ঠাকুৰ, পদার্থ বিজ্ঞানৰ ন'বেল বঁটাপ্ৰাপক বিজ্ঞানী ছাৰ চি ভি ৰমন, ভাৰতৰ প্ৰাক্তন ৰাষ্ট্রপতি তথা বিশিষ্ট দার্শনিক ড° সৰ্বপল্লী ৰাধাকৃষ্ণণ আৰু ভাৰতৰ আণৱিক গৱেষণাৰ পিতৃপুৰুষ হোমী জাহাংগীৰ ভাবা - এই আটায়েই আছিল একোগৰাকী বিশিষ্ট শিক্ষাগুৰু । স্বামী বিবেকানন্দৰ ভাষাত ছাত্ৰৰ অভ্যন্তৰৰ আচাৰ্যক জগাই তোলাই হ’ল বাহ্যিক আচার্য অথবা শিক্ষাগুৰুৰ প্ৰধান কৰ্তব্য । অসমৰ শিক্ষা জগতত সুদীর্ঘকাল জড়িত থাকি আপুনিও সেই প্রবাদপ্রতিম শিক্ষাগুৰুসকলৰ পথ অনুকৰণ কৰিছে ।

শিক্ষা জগত আৰু শিক্ষাৰ্থীৰ জীৱনলৈ আপোনাৰ পৰ্বত প্ৰমাণ অৱদানৰ বাবে যেতিয়া আপোনাক শিক্ষক বঁটাৰে সন্মানিত কৰা হৈছিল সেই মুহূৰ্তত চৰকাৰ আৰু দেশৰ নাগৰিক ধন্য হৈছিল । আপোনাক শিক্ষক বঁটাৰে সন্মানিত কৰাৰ সেই স্মৃতি আজিও বহুতৰ মানসপটত সজীৱ হৈ আছে । আপোনাৰ দৰে এগৰাকী কৃতী শিক্ষকৰ সাহচৰ্যৰ সুবাসে অগণন ছাত্র-ছাত্ৰীক ধন্য কৰাৰ লগতে ইয়াৰ দ্বাৰা সামগ্রিকভাৱে আমাৰ শিক্ষা জগতখনো ধন্য হৈছে । নিজ বিদ্যালয় আৰু ছাত্ৰ-ছাত্ৰীসকলৰ মাজত স্থাপিত আপোনাৰ জীৱনজোৰা গভীৰ প্ৰেম আৰু আস্থাৰ কাহিনীয়ে নৱপ্ৰজন্মৰ শিক্ষকসকলক গভীৰ প্ৰেৰণা যোগাব । আজি এই পত্রযোগে মই আপোনালৈ এক বিনম্র আহ্বান জনাব খোজোঁ । শিক্ষকতাৰ দীৰ্ঘ পৰিক্ৰমাৰে পুষ্ট হৈ আপুনি শিক্ষা জগতৰ বিচিত্ৰ অভিজ্ঞতা অর্জন কৰিছে । শিক্ষা আৰু আনুষংগিক ক্ষেত্ৰত আপোনাৰ চিন্তা আৰু পৰামৰ্শ সেয়ে আমাৰ কাম্য । বৰ্তমানৰ ৰাজ্য চৰকাৰখনৰ প্ৰতি আপোনাৰ কোনো পৰামৰ্শ থাকিলে তাক আমি আনন্দেৰে গ্ৰহণ কৰিম । এই সন্দৰ্ভত আপুনি পত্ৰযোগে মোলৈ আপোনাৰ চিন্তা আৰু পৰামৰ্শ প্ৰেৰণ কৰিব পাৰে । আপোনাৰ সুচিন্তিত পৰামৰ্শ আৰু আমাৰ কঠোৰ শ্ৰমেৰে আমি ৰাজ্যখনৰ উন্নয়নত নিশ্চয় নতুন মাত্রা সংযোগ কৰিব পাৰিম । শেষত আপোনাৰ সু-স্বাস্থ্য আৰু দীৰ্ঘ জীৱন কামনা কৰিলোঁ । আপুনি সপৰিয়ালে কুশলে থাকক ।' এনেদৰে আজিৰ পৱিত্র দিনটোত মুখ্যমন্ত্রীয়ে কৃতী শিক্ষাগুৰুসকলৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰিছে ।

লগতে পঢ়ক : Gurusewa programme:সদৌ জামুগুৰি ছাত্ৰ সন্থাৰ উদ্যোগত "গুৰুসেৱা" কাৰ্যসূচী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.