গুৱাহাটী, ২৩ মে': ক'ৰণাৰ প্ৰথম ঢৌৰ সময়তে একপ্ৰকাৰ উদ্বিগ্ন হৈ পৰা ৰাজ্য চৰকাৰে সেই অনাহূত পৰিস্থিতিৰ সৈতে যুঁজ দিয়াৰ বাবে ৰাইজৰ ওচৰত হাত পাতিবলগীয়া হৈছিল । অসমৰ ৰাইজে যিয়ে যেনেকৈ পাৰে তেনেকৈ চৰকাৰলৈ বৰঙণি আগবঢ়াইছিল । ৰাইজৰ এনে দান বৰঙণিৰে অসম আৰোগ্য নিধিত জমা হৈছিল ১১৬ কোটি টকা ।
এইবাৰ ক'ৰণাৰ দ্বিতীয় ঢৌৰ সময়তো পৰিস্থিতিৰ সৈতে যুঁজ দিবলৈ মুখ্যমন্ত্ৰীয়ে ৰাইজৰ পৰা দান বৰঙণি বিচাৰি বাতৰি কাকতত বিজ্ঞাপন দিছে । কিন্তু মন কৰিবলগীয়া কথাটো হ'ল বিগত বৰ্ষৰ দৰে এইবাৰ বৰ বিশেষ ধৰণে চৰকাৰখনে ৰাইজৰ পৰা সঁহাৰি লাভ কৰা নাই । এই পৰ্যন্ত কেইলাখমান টকাহে জমা হৈছে আৰোগ্য নিধিত ।
ইফালে মুখ্যমন্ত্ৰীৰ দায়িত্ব লৈয়েই ড৹ হিমন্তবিশ্ব শৰ্মাই ঘোষণা কৰিছিল যে ৰাজকোষত প্ৰায় সাতশ কোটি টকা জমা আছে আৰু পৰিস্থিতি চম্ভালিবলৈ সেয়া যথেষ্ট । কিন্তু গুৰুত্বপূৰ্ণ কথাটো হ'ল যে, শেহতীয়াকৈ ৰাজ্যত সম্পূৰ্ণ লকডাউন নহ'লেও লকডাউন সদৃশ যি পৰিস্থিতি হৈ আছে এনে অৱস্থাত দীৰ্ঘ দিনে হ্ৰাস পাই আহিছে ৰাজহ সংগ্ৰহৰ পৰিমাণ । ইয়াৰ বিপৰীতে জমা থকা ৰাজকোষৰ ধন হুৰহুৰকৈ ওলাই যাব ধৰিছে ।
তেনেক্ষেত্ৰত এতিয়া ৰাইজৰ পৰা বৰঙণি বিচাৰি বিজ্ঞাপন দিয়াৰ বাহিৰে চৰকাৰৰ ওচৰত আন ৰাস্তাও খোলা নাই । কিন্তু এইখন চৰকাৰেই সৌ সিদিনালৈকে নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত একমাত্ৰ ভোটৰ স্বাৰ্থত বিভিন্ন আঁচনিৰ নামত ৰাজকোষৰ পৰা ব্যয় কৰিছিল শ শ কোটি টকা ।
লগতে পঢ়ক:চামগুৰিত আটক ড্ৰাগছ সৰবৰাহকাৰী