ETV Bharat / state

Education system in Assam : শোচনীয় অৱস্থাত ৰাজ্যৰ চৰকাৰী শিক্ষা ব্যৱস্থা - গুণোৎসৱৰ আয়োজন

কোটি কোটি টকা ব্যয় কৰি অনুষ্ঠিত কৰা গুণোৎসৱৰ পাচতো চৰকাৰী শিক্ষাখণ্ডৰ মান উন্নত হোৱা নাই । ৰাজ্যৰ চাৰি সহস্ৰাধিক বিদ্যালয়ত নাই পৃথক শ্ৰেণীকোঠা । কেঁচা গৃহতে চলিছে 1140 খন বিদ্যালয় । বিদ্যুৎ সংযোগ নথকা বিদ্যালয়ৰ সংখ্যা হৈছে 511 খন । 1616 খন বিদ্যালয়ত নাই বিশুদ্ধ খোৱাপানী যোগান । 14587 খন জৰাজীৰ্ণ বিদ্যালয়ত প্ৰয়োজন মেৰামতিৰ ।

Govt education system is in poor condition in Assam
শোচনীয় অৱস্থাত ৰাজ্যৰ চৰকাৰী শিক্ষা খণ্ড
author img

By

Published : Jul 18, 2023, 1:38 PM IST

গুৱাহাটী, 18 জুলাই: ৰাজহুৱা শিক্ষা ব্যৱস্থাৰ মান উন্নত কৰাৰ লক্ষ্যৰে প্ৰত্যেক বছৰেই ব্যাপক কাৰ্যসূচীৰে গুণোৎসৱৰ আয়োজন কৰা হয় । গুণোৎসৱৰ পাচত চৰকাৰী শিক্ষাখণ্ডৰ বিভিন্ন সমস্যা তথা অভাৱ-অভিযোগ পোহৰলৈ আহে । কিন্তু সেইবোৰৰ প্ৰতি চৰকাৰখনে গুৰুত্ব দিয়া পৰিলক্ষিত নহয় ৷ যাৰ বাবে গুণোৎসৱে ৰাজ্যৰ চৰকাৰী শিক্ষাখণ্ডৰ চেহেৰা সলনি কৰিব পৰা নাই ।

লক্ষণীয় বিষয় যে শেহতীয়া গুণোৎসৱত পৃথক শ্ৰেণীকোঠা নথকা প্রায় পাঁচ হাজাৰ প্ৰাথমিক বিদ্যালয়ত মন্ত্রী, বিধায়ক, সাংসদ আৰু উচ্চপদস্থ বিষয়াই অংশ গ্ৰহণ কৰিছিল । বছৰ বছৰ ধৰি প্ৰাথমিক শিক্ষাৰ মান উন্নত কৰিবলৈ গুণোৎসৱ অনুষ্ঠিত হৈ আহিছে যদিও চৰকাৰী বিদ্যালয়ত এতিয়াও গঢ়ি উঠা নাই উন্নত মানৰ শৈক্ষিক পৰিৱেশ ।

Gunotsav of Assam
শোচনীয় অৱস্থাত ৰাজ্যৰ চৰকাৰী শিক্ষা খণ্ড

উল্লেখ্য যে, 2017 চনৰ পৰা ৰাজ্যত গুণোৎসৱ অনুষ্ঠিত কৰি ‌অহা হৈছে । প্ৰথম বছৰ অনুষ্ঠিত হোৱা গুণোৎসৱৰ অন্তত ৰাজ্যৰ 10472 খন প্ৰাথমিক বিদ্যালয়ত পৃথক শ্ৰেণীকোঠা নথকাৰ তথ্য পোহৰলৈ আহিছিল । যাৰ ফলত এজন বা দুজন শিক্ষকে একোটা দীঘল কোঠাত একেলগে এফালৰ প্ৰতিটো শ্ৰেণীত পাঠদান কৰিবলগীয়া হৈছিল । কিন্তু ইয়াৰ পিচত চাৰিবাৰকৈ গুণোৎসৱ অনুষ্ঠিত হ'ল যদিও সেই সমস্যাৰ সম্পূৰ্ণ সমাধান নহ'ল । এতিয়াও ৰাজ্যৰ চাৰি সহস্ৰাধিক বিদ্যালয়ৰ শ্ৰেণীসমূহত পৃথক শ্ৰেণীকোঠা নোহোৱাকৈ চলি আছে ।

উল্লেখনীয় যে, বিদ্যালয়ৰ শ্ৰেণী কোঠা পৃথকীকৰণ কৰিবলৈ থকা পার্টিশ্যন ৱাল নির্মাণৰ বাবে 2018-19 বৰ্ষত গ্রাম্য আন্তঃগাঁথনি উন্নয়ন পুঁজিৰ পৰা মাত্র 14.62 কোটি টকাহে মুকলি কৰা হৈছিল । সেইদৰে 2019-20 বৰ্ষত পার্টিশ্যন ৱাল নিৰ্মাণৰ বাবে 10.85 কোটি টকা অনুমোদন জনোৱা হৈছিল । মুকলি হোৱা পুঁজিৰে 4,199 খন বিদ্যালয়ৰ পাৰ্টিশ্যন ৱাল নিৰ্মাণ কৰা হ'ল আৰু 1474 খন বিদ্যালয়ত নিৰ্মাণ হৈ আছে যদিও এতিয়াও 50 শতাংশ বিদ্যালয়ত নাই পার্টিশ্যন ৱাল । শেহতীয়া গুণোৎসৱত 44,530 খন বিদ্যালয়ৰ প্ৰায় 41.27 লাখ ছাত্ৰ-ছাত্ৰীক সামৰি লোৱা হৈছিল ।

Govt education system of Assam
10472 খন প্ৰাথমিক বিদ্যালয়ত নাই পৃথক শ্ৰণীকোঠা

উল্লেখযোগ্য যে, ৰাজ্য চৰকাৰে শিক্ষক নিযুক্তি দি আছে যদিও প্রাথমিক বিদ্যালয়ত শিক্ষকৰ অভাৱ এতিয়াও দূৰ হোৱা নাই । বৰ্ত্তমান সময়তো ৰাজ্যৰ 2986 খন বিদ্যালয় এজনীয়া শিক্ষকে পাঠদান কৰিবলগীয়া হৈ আছে । অর্থাৎ এই বিদ্যালয়সমূহৰ শিক্ষকজন যিকোনো কাৰণত বিদ্যালয়ত উপস্থিত থাকিব নোৱাৰিলে বিদ্যালয়খন বন্ধ হৈ পৰে । আনহাতে ৰাজ্যৰ 15,186 খন বিদ্যালয় চলি আছে দুজনীয়া শিক্ষকেৰে । লক্ষণীয় বিষয় যে শিক্ষাৰ মান উন্নত কৰিবলৈ ৰাজ্য চৰকাৰে গুণোৎসৱ অনুষ্ঠিত কৰি কোটি কোটি টকা ব্যয় কৰি আহিছে যদিও চৰকাৰী শিক্ষা ব্যৱস্থা এতিয়াও তথৈৱচ হৈয়ে আছে ।

Education system in Assam
এতিয়াও বিদ্যালয়সমূহত দূৰ হোৱা নাই শিক্ষকৰ অভাৱ

চৰকাৰী তথ্য মতে গুণোৎসৱত এতিয়ালৈ খৰচ হৈছে 78.33 কোটি টকা । 2017 চনৰ পৰা গুণোৎসৱ অনুষ্ঠিত হোৱাৰ পাচতো এতিয়াও ৰাজ্যৰ 1140 খন বিদ্যালয়ৰ গৃহ কেঁচা হৈয়ে আছে । বিদ্যুৎ সংযোগ নথকা বিদ্যালয়ৰ সংখ্যা হৈছে 511 খন । 1616 খন বিদ্যালয়ত এতিয়াও বিশুদ্ধ খোৱাপানী যোগানৰ কোনোধৰণৰ ব্যৱস্থা নাই ।

আনহাতে 14587 খন জৰাজীৰ্ণ বিদ্যালয়ৰ বৃহৎ মেৰামতিৰ প্ৰয়োজন আছে যদিও মেৰামতি নোহোৱাকৈ আছে । শিক্ষাৰ অধিকাৰ আইন অনুসৰি প্রাথমিক বিদ্যালয়ত 30ঃ1 অনুপাতত ছাত্র-শিক্ষক থাকিব লাগে যদিও 10781 খন প্রাথমিক বিদ্যালয়ত শিক্ষা নীতি অনুসৰি ছাত্ৰৰ অনুপাতে শিক্ষক নাই ।

উচ্চ প্রাথমিক বিদ্যালয়ত আনুপাতিক হাৰ 35ঃ1 যদিও 1950 খন বিদ্যালয়ত ছাত্ৰ-ছ‍াত্রীৰ অনুপাতে শিক্ষকৰ সংখ্যা কম । চৰকাৰী শিক্ষাৰ মান উন্নত কৰিবলৈ প্ৰতি বছৰে কোটি কোটি টকা খৰচ কৰি গুণোৎসৱ অনুষ্ঠিত কৰি শিক্ষানুষ্ঠানৰ শৈক্ষিক পৰিৱেশ মূল্যায়ন কৰাৰ পাচতো ছাত্র-ছাত্রীয়ে উপযুক্ত আন্তঃগাঁথনি আৰু শিক্ষকৰ অভাৱত শিক্ষা লাভৰ পৰা বঞ্চিত হৈ থাকিবলগীয়া হৈছে ।

লগতে পঢ়ক : Central Jail guards suspended : কয়দীক ড্ৰাগছ যোগানৰ অপৰাধত গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰৰ দুই প্ৰহৰীক নিলম্বন

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.