ETV Bharat / state

শ্যামা প্ৰসাদ মুখাৰ্জীৰ প্ৰসংগক লৈ শাসক-বিৰোধীৰ বাক-বিতণ্ডা

author img

By

Published : Jul 10, 2021, 9:19 PM IST

অখিল গগৈ আৰু কংগ্ৰেছক উভতি ধৰিলে মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব তথা দলৰ ৰাজ্যিক উপ-সভাপতি জয়ন্ত মল্ল বৰুৱাই । শ্যামাপ্ৰসাদ মুখাৰ্জীৰ অৱদান সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ মন্তব্যক লৈ সৰ্বত্ৰে বিৰোধীৰ সমালোচনাৰ সন্মুখীন হোৱাৰ পাচতে সংবাদমেল সম্বোধন কৰি প্ৰত্যুত্তৰ দিয়াৰ প্ৰয়াস মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব জয়ন্ত মল্ল বৰুৱাৰ ৷

goverment and opposition debate over Shyama Prasad Mukherjee
শ্যামা প্ৰসাদ মুখাৰ্জীৰ প্ৰসংগক লৈ শাসক-বিৰোধীৰ বাক-বিতৰ্ক

গুৱাহাটী,১০ জুলাই: শেহতীয়াকৈ বিশেষভাৱে চৰ্চালৈ আহিছে শ্যামা প্ৰসাদ মুখাৰ্জীৰ নাম । মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসমক গ্ৰুপিঙৰ পৰা ৰক্ষা কৰাৰ লগতে কলকাতা বিশ্ববিদ্যালয়ত অসমীয়া ভাষাক স্বীকৃতি প্ৰদানৰ ক্ষেত্ৰত শ্যামা প্ৰসাদ মুখাৰ্জীয়ে বিশেষ অৱদান আগবঢ়োৱা বুলি মন্তব্য কৰাৰ পাচতে সৰ্বত্ৰে চৰ্চিত হৈছে এই বিষয় ।

বিৰোধীক কটাক্ষ মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব জয়ন্ত মল্ল বৰুৱা

প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰা আৰু ৰাইজৰ দলৰ সভাপতি বিধায়ক অখিল গগৈকে ধৰি বিৰোধী দলসমূহে মুখ্যমন্ত্ৰীৰ বক্তব্যক কঠোৰ ভাষাৰে সমালোচনা কৰা পৰিলক্ষিত হৈছে । বিৰোধীৰ এনে সমালোচনাৰ বিৰুদ্ধে এতিয়া সৰৱ হৈ পৰিছে শাসকীয় দল বিজেপি । শনিবাৰে বিজেপিৰ ৰাজ্যিক মুখ্য কাৰ্যালয়ত এখন সংবাদমেল সম্বোধন কৰি মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব তথা দলৰ ৰাজ্যিক উপ-সভাপতি জয়ন্ত মল্ল বৰুৱাই অখিল গগৈকে ধৰি ৰিপুন বৰাক উভতি ধৰে ।

মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিবগৰাকীয়ে এই সন্দৰ্ভত তীব্ৰ বাক্যবাণ কৰে বিৰোধীক ৷ তেওঁ কয় যে, "শ্যামাপ্ৰসাদ মুখাৰ্জীৰ অৱদানৰ কথা অস্বীকাৰ কৰিব নোৱাৰি । মুখ্যমন্ত্ৰীয়ে সেই কথাটো কওঁতেই তেওঁলোকে মুখ্যমন্ত্ৰীয়ে পঢ়া-শুনা নকৰাৰ কথা কৈছে । তেওঁলোকে কিমান পঢ়া-শুনা কৰে মই নাজানো । কিন্তু মই মুখ্যমন্ত্ৰীৰ লাইব্ৰেৰীৰ পৰা অসমৰ ৰাজনৈতিক ইতিহাস গ্ৰন্থখন আনিছো ।"

মুখ্যমন্ত্ৰীয়ে অধ্যয়নৰ ভিত্তিতহে কথা কয় বুলি দাবী কৰি বৰুৱাই লগতে কয় যে, "এটা কথা ঠিক যে, মুখ্যমন্ত্ৰীয়ে সেই পৰ্যায়লৈ অধ্যয়ন কৰে আৰু অধ্যয়নৰ ভিত্তিত কথাবোৰ কয় । সেই ভিত্তিতেই মুখ্যমন্ত্ৰীয়ে অসমীয়া ভাষা কলকাতা বিশ্ববিদ্যালয়ত প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত শ্যামা প্ৰসাদ মুখাৰ্জীয়ে অৰিহণা আগবঢ়োৱা কথা কৈছিল । ইতিহাসৰ পাতত সেই কথা লিপিবদ্ধ হৈ আছে । ইয়াক অস্বীকাৰ কিব নোৱাৰি ।"

উল্লেখ্য যে, বিধায়ক অখিল গগৈ আৰু সাংসদ ৰিপুন বৰাই দুদিন পূৰ্বে সংবাদমেলযোগে শ্যামা প্ৰসাদ মুখাৰ্জীৰ প্ৰসংগত মুখ্যমন্ত্ৰীয়ে কৰা মন্তব্যক ইতিহাস বিকৃত কৰা বুলি অভিযোগ কৰিছিল । ইয়াৰ পাচতেই শনিবাৰে এক সংবাদমেলযোগে তেওঁলোকৰ বক্তব্যৰ প্ৰত্যুত্তৰ দিয়ে শাসকীয় দল বিজেপিয়ে ।

লগতে পঢ়ক: দুই মন্ত্ৰীৰ বিভাগ সলালে মুখ্যমন্ত্ৰীয়ে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.