ETV Bharat / state

মৃত্যু তিথিত লোকপ্ৰিয় গোপীনাথ বৰদলৈক স্মৰণ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

অসমৰ প্ৰথমগৰাকী মুখ্যমন্ত্ৰী, ভাৰত ৰত্ন বঁটাৰে সন্মানিত লোকপ্ৰিয় গোপীনাথ (gopinath bordoloi) বৰদলৈৰ মৃত্যু দিৱস প্ৰথমবাৰৰ বাবে ৰাজ্যজুৰি 'কৰ্মচাৰী দিৱস' হিচাপে পালন কৰা হয় । কেবিনেটত গ্ৰহণ কৰা সিদ্ধান্ত অনুসৰি চৰকাৰে প্ৰথমবাৰৰ বাবে পালন কৰিছে কৰ্মচাৰী দিৱস ।

cm himnta biswa sarma
মৃত্যু তিথিত লোকপ্ৰিয় গোপীনাথ বৰদলৈক স্মৰণ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ
author img

By

Published : Aug 5, 2021, 7:25 PM IST

গুৱাহাটী, ৫ আগষ্ট : লোকপ্ৰিয় গোপীনাথ বৰদলৈক ৭১ সংখ্যক মৃত্যু তিথিত সশ্ৰদ্ধাৰে সোঁৱৰণ কৰিলে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই । গুৱাহাটীৰ নৱগ্ৰহত থকা গোপীনাথ বৰদলৈৰ (gopinath bordoloi) সমাধিক্ষেত্ৰলৈ গৈ শ্ৰদ্ধা জ্ঞাপন কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে । এই উপলক্ষ্যে আয়োজন কৰা এক সৰ্বধৰ্মীয় প্ৰাৰ্থনা সভাত অংশ গ্ৰহণ কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই (himnta biswa sarma) কয় যে, অসমীয়া সমাজ জীৱনলৈ বহু বৰঙণি আছে গোপীনাথ বৰদলৈৰ ।

অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী গোপীনাথ বৰদলৈৰ মৃত্যু হৈছিল ১৯৫০ চনৰ ৫ আগষ্টত । স্বাধীন অসমৰ প্ৰথম গৰাকী মুখ্যমন্ত্ৰী গোপীনাথ বৰদলৈয়ে গ্ৰহণ কৰা স্থিতিৰ বাবেই গ্ৰুপিং আঁচনিৰ পৰা ৰক্ষা পৰিছিল অসম । গোপীনাথ বৰদলৈ আছিল আধুনিক অসমৰ স্বপ্নদ্ৰষ্টা । অসমক সুৰক্ষা প্ৰদানৰ লগতে ভাৰতৰ এক অবিচ্ছেদ্য অংগ হিচাপে গঢ়ি তোলাত তেখেতৰ অৱদানৰ প্ৰতি সন্মান জনোৱাৰ উদ্দেশ্যে তেখেতৰ স্মৃতি দিৱস ৫ আগষ্ট দিনটো আমি ৰাজ্যজুৰি 'কৰ্মচাৰী দিৱস' হিচাপে প্ৰথমবাৰৰ বাবে উদযাপন কৰিছো ।

মৃত্যু তিথিত লোকপ্ৰিয় গোপীনাথ বৰদলৈক স্মৰণ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

লগতে পঢ়ক : গুৱাহাটীত জালনোটসহ আটক দুই মহিলা

ভাষণ প্ৰসংগত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গোপীনাথ বৰদলৈয়ে ৰাজনৈতিক ক্ষেত্ৰখনলৈ আৰু স্বাধীনতা আন্দোলনলৈ আগবঢ়োৱা বৰঙণিৰ কথা শ্ৰদ্ধাৰে স্মৰণ কৰে । লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ জীৱন আৰু কৰ্মৰ মূল্যায়ন কৰি ভাৰত চৰকাৰে তেখেতক ভাৰতৰত্ন দিয়াৰ লগতে পাঠ্য পুথিতো তেখেতৰ বিষয়ে পাঠ সংলগ্ন কৰাৰ কথা উল্লেখ কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ।

লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ জীৱন আৰু কৰ্মৰাজি সদায় চিৰস্থায়ী হৈ ৰ’ব বুলি মুখ্যমন্ত্ৰীয়ে ভাষণত উল্লেখ কৰে । মুখ্যমন্ত্ৰীয়ে অসমৰ ৰাইজক গোপীনাথ বৰদলৈৰ আদৰ্শ অনুকৰণ কৰিবলৈ আৰু তেখেতৰ সপোনৰ অসমখন গঢ়াৰ দিশত হাতে হাত ধৰি আগবাঢ়ি যাবলৈ অনুৰোধ জনায় ।

অনুষ্ঠানত ভালেসংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত আছিল । উল্লেখ্য যে, অসমৰ প্ৰথমগৰাকী মুখ্যমন্ত্ৰী, ভাৰত ৰত্ন বঁটাৰে সন্মানিত লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ মৃত্যু দিৱস প্ৰথমবাৰৰ বাবে ৰাজ্যজুৰি 'কৰ্মচাৰী দিৱস' হিচাপে পালন কৰা হৈছে । ৰাজ্যিক কেবিনেটত গ্ৰহণ কৰা সিদ্ধান্ত অনুসৰি চৰকাৰে প্ৰথমবাৰৰ বাবে পালন কৰিছে 'কৰ্মচাৰী দিৱস'।

লগতে পঢ়ক : কাক ‘উগ্ৰপন্থী’ সজালে বিধানসভাৰ অধ্যক্ষই ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.