ETV Bharat / state

Assam Goods Exporting : এবছৰত অসমৰ পৰা ৩০৮৪ কোটি টকাৰ খাদ্য সামগ্ৰী ৰপ্তানি - Assam tea export

অসমৰ বহু সামগ্ৰীৰ বিদেশত আছে বিশেষ চাহিদা (products of Assam special demand abroad) । বিভিন্ন খাদ্য-সামগ্ৰীৰ ক্ষেত্ৰত বহিঃৰাজ্যৰ ওপৰত নিৰ্ভৰশীল হৈ থকা অসমে বিদেশলৈ নানা ধৰণৰ সামগ্ৰী ৰপ্তানি কৰি কোটি কোটি টকা অর্জন কৰিবলৈ সক্ষম হৈছে । অসমৰ চাহৰ উপৰি থলুৱা কাজিনেমু, ৰঙালাও, লিচু, অমিতা আদিকে ধৰি বিভিন্ন ধৰণৰ কৃষিজাত সামগ্রী বিদেশলৈ ৰপ্তানি কৰি কৃষক সমাজ উপকৃত হ'বলৈ সক্ষম হৈছে ।

Assam exporting market
Assam exporting market
author img

By

Published : Apr 16, 2023, 5:09 PM IST

গুৱাহাটী, ১৬ এপ্ৰিল : উৎপাদনশীলতাৰ ক্ষেত্রত এতিয়াও স্বনিৰ্ভৰশীল নহ'লেও কিন্তু বিভিন্ন সামগ্ৰী ৰপ্তানি কৰি আহিছে অসমে (exporting products of Assam) । বৰ্তমান সময়তো বিভিন্ন খাদ্য-সামগ্ৰীৰ ক্ষেত্ৰত বহিঃৰাজ্যৰ ওপৰতে নিৰ্ভৰশীল হৈ আছে অসম । কিন্তু তৎসত্ত্বেও অসমৰ পৰা বিদেশলৈ নানা ধৰণৰ সামগ্ৰী ৰপ্তানি কৰি অসমে ভাৰতীয় মুদ্ৰাত কোটি কোটি টকা অর্জন কৰিবলৈ সক্ষম হৈছে (products of Assam special demand abroad) । সেউজীয়া শাক-পাচলিৰ পৰা চাহলৈ, দুগ্ধজাত সামগ্ৰীৰ পৰা কেতবোৰ ঔষধি সামগ্ৰীলৈ অসমে বিদেশলৈ ৰপ্তানি কৰি আহিছে ।

চৰকাৰী তথ্য অনুসৰি, চুবুৰীয়া ৰাষ্ট্ৰ ভূটান আৰু বাংলাদেশৰ পৰা সুদূৰ আমেৰিকা আৰু কানাডালৈ কেতবোৰ সামগ্ৰী ৰপ্তানি কৰি অসমে বিগত বছৰত ৩,০৮৩.৫৬ কোটি টকাৰ ব্যৱসায় কৰিবলৈ সক্ষম হৈছে । অসমৰ পৰা সৰ্বাধিক সামগ্রী আমদানি কৰিছে চুবুৰীয়া ৰাষ্ট্ৰ ভূটানে (Bhutan imported maximum goods from Assam) । বিগত বছৰত অসমৰ পৰা প্ৰায় এশখন দেশে বিভিন্ন ধৰণৰ সামগ্ৰী ৰপ্তানি কৰাৰ ফলত ৰাজ্যখনে এই বৃহৎ অংকৰ ব্যৱসায় কৰিছে । উল্লেখ্য যে, অসমৰ চাহৰ উপৰি থলুৱা কাজিনেমু, ৰঙালাও, লিচু, অমিতা আদিকে ধৰি বিভিন্ন ধৰণৰ কৃষিজাত সামগ্রী বিদেশলৈ ৰপ্তানি কৰি কৃষক সমাজ উপকৃত হ'বলৈ সক্ষম হৈছে (Assam tea export) ।

তদুপৰি, অসমে শুকান মাছ আৰু কলৰো এখন বৃহৎ বজাৰ গঢ়ি তুলিবলৈ সক্ষম হৈছে (Assam lemon export) । আনহাতে, অসমৰ পৰা বিদেশলৈ ৰপ্তানি হোৱা আন এবিধ সামগ্রী হ’ল শিপাজাতীয় আৰু মচলাজাতীয় সামগ্রী । ফার্মাচিউটিকেল সামগ্ৰীৰ ক্ষেত্ৰতো ঘানা, ইৰাক, কিৰগিস্তান, মালদ্বীপ, মালি আদিৰ দৰে ৰাষ্ট্ৰৰ নিৰ্ভৰযোগ্য স্থান হৈছে অসম । উল্লেখ্য যে, ভূটানে প্রায় প্রতিবিধ সামগ্ৰীৰ ক্ষেত্ৰতে অসমৰ ওপৰত বিশেষ নিৰ্ভৰশীল হোৱা দেখা গৈছে । বিগত বৰ্ষত ভূটানে প্রায় ৫৫০ কোটি টকাৰ সামগ্ৰী অসমৰ পৰা ক্ৰয় কৰিছে ।

ভূটানে বিভিন্ন দুগ্ধজাত সামগ্রী, মাছ, শুকান মাছ, শাক-পাচলি, ফল, চাহ, মিলত প্ৰস্তুত কৰা বিভিন্ন ধৰণৰ সামগ্ৰী, তৈলজাত সামগ্রী, বিভিন্ন ঔষধজাতীয় সামগ্রী, ডায়িং-টানিং কালাৰিং জাতীয় সামগ্রী, চাউল, নানাধৰণৰ ৰাসায়নিক পদার্থ, প্লাষ্টিকজাতীয় সামগ্রী, চামৰা, কাগজ আৰু পেপাৰমণ্ড সামগ্রী, ৰেচম সামগ্ৰী, হস্ততাঁত আৰু বস্ত্ৰ শিল্পজাত সামগ্রী, সংগীতৰ সৈতে জড়িত বাদ্যযন্ত্র আদিৰ দৰে সামগ্ৰী অসমৰ আমদানি কৰিছে । লক্ষ্য়ণীয় বিষয় যে, ৰাজ্যখনৰ কেইবাবিধো সামগ্ৰীয়ে ভৌগোলিক সূচাংক লাভ কৰাৰ পিছৰে পৰা মধ্যপ্রাচ্য আৰু পশ্চিমীয়া দেশসমূহলৈ এনে সামগ্ৰী ৰপ্তানি হোৱাৰ সুযোগ বৃদ্ধি পাইছে ।

বিশেষকৈ প্ৰাকৃতিক, জৈৱিকভাৱে উৎপাদিত আৰু ভৌগোলিক সূচাংক লাভ কৰা কৃষিজাত সামগ্ৰীয়ে ইতিমধ্যে আন্তঃৰাষ্ট্ৰীয় বজাৰ দখল কৰিবলৈ সক্ষম হৈছে । অসমৰ পৰা চাহ-কফি ৰপ্তানি হোৱা দেশবোৰৰ ভিতৰত আছে আফগানিস্তান, ব্ৰিটেইন, আলবানিয়া, এংগোলা, অষ্ট্ৰেলিয়া, অষ্ট্ৰিয়া, বাহৰেইন, বাংলাদেশ, বেলজিয়াম, বুলগেৰিয়া, কানাডা, চীন, কলম্বিয়া, চেক ৰিপাব্লিক, ডেনমার্ক, ইজিপ্ত, ফ্রান্স, জর্জিয়া, ঘানা, গ্ৰীছ, হংকং, হাংগেৰী, ইণ্ডোনেছিয়া, ইৰান, ইৰাক, আয়াৰলেণ্ড, ইজৰাইল, জাপান, কাজাকিস্তান, কেনিয়া, কোৰিয়া, কুৱেইট, লাটভিয়া, লেবানন, লাইবেৰিয়া, লিথুৱানিয়া, মালয়েছিয়া, মালদ্বীপ, মালি, মৰক্কো, নেপাল, নেদাৰলেণ্ড, নিউজীলেণ্ড, নাইজেৰিয়া, অ'মান, পলেও, কাটাৰ, ৰাছিয়া, চৌডি আৰব, ছেনেগাল, ছিংগাপুৰ, দক্ষিণ আফ্রিকা, স্পেইন, ছুইডেন, ছুইজাৰলেণ্ড, ছিৰিয়া, থাইলেণ্ড, টুনিছিয়া, তুর্কী, আমেৰিকা, উজবেকিস্তান আদি ৰাষ্ট্ৰ ।

সেইদৰে অসমৰ পৰা তৈলবীজ জাতীয় সামগ্ৰী অষ্ট্ৰেলিয়া, বেলজিয়াম, ভূটান, নেপাল, চীন, স্পেইন, টাইৱান, আমেৰিকা, গ্ৰীচ, ইউ কে আদি দেশলৈ ৰপ্তানি হয় । ভূটানলৈ চেনি আৰু চেনিৰে প্ৰস্তুত কৰা সামগ্ৰীৰ প্ৰচুৰ পৰিমাণৰ ৰপ্তানি হয় । আনহাতে, থাইলেণ্ড-ইণ্ডোনেছিয়া আদিলৈ ৰপ্তানি হয় অসমৰ শুকান মাছ ।

অসমৰ পৰা ‘ফার্মাচিউটিকেল প্রডাক্ট' ৰপ্তানি কৰা দেশবোৰৰ ভিতৰত আছে আফগানিস্তান, আংগোলা, এণ্টিগুৱা, অষ্ট্ৰেলিয়া, বাহৰেইন, ভূটান, বলিভিয়া, ব্রাজিল, কম্বোডিয়া, কেমেৰন, চিলি, কংগো, কিউবা, ফিজি, ফ্রান্স, জর্জিয়া, ঘানা, গ্রীচ, গয়ানা, হাইটি, ইৰান, ইৰাক, জাপান, লাটভিয়া, লেবানন, লিথুনিয়া, মাদাগাস্কাৰ, মালয়েছিয়া, মালদ্বীপ, মালি, মেক্সিকো, নেপাল, নেদাৰলেণ্ড, নাইজেৰিয়া, ওমান, পাকিস্তান, ফিলিপাইনছ, পোলেণ্ড, কাটাৰ, ৰাছিয়া, চৌডি আৰব, ছিংগাপুৰ, দক্ষিণ আফ্রিকা, ছুইডেন, ছুইজাৰলেণ্ড আদি দেশ ।

এনেদৰে ৰাজ্যখনৰ পৰা বিদেশলৈ বিভিন্ন সামগ্ৰী ৰপ্তানি কৰি বিগত বৰ্ষত অসমে ৩০৮৩.৫৬ কোটি টকাৰ ব্যৱসায় কৰিবলৈ সক্ষম হৈছে । ইয়াৰ জৰিয়তে ৰাজ্যখনৰ লগতে কেন্দ্ৰীয় চৰকাৰেও জি এছ টিৰ বাবদ লাভ কৰিছে এক বৃহৎ অংকৰ ধন ।

লগতে পঢ়ক :Mysterious Death in Guwahati: বেলতলাত ৰহস্যজনক অৱস্থাত উদ্ধাৰ এজনৰ মৃতদেহ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.