ETV Bharat / state

974 গৰাকী ভ্ৰাম্যমান শিল্পীলৈ ৰাজ্য চৰকাৰৰ 50 হাজাৰ টকাৰ সাহাৰ্য - Mobile Theatre

বিগত সময়ছোৱাত ক’ভিডৰ বাবে ৰাজ্যৰ ভ্ৰাম্যমান ক্ষেত্ৰখন যথেষ্ট প্ৰভাৱান্বিত হৈছে ৷ বিশেষকৈ বিভিন্ন নাট্যগোষ্ঠীসমূহৰ সৈতে জড়িত শিল্পীসকলৰ যেন পানীত হাঁহ নচৰা অৱস্থা হৈছিল ৷ ইয়াৰ মাজতে অসম চৰকাৰৰ এটি সিদ্ধান্তই পুনৰ হাঁহি বিৰিঙাই তুলিছে শিল্পীসকলৰ মুখত ৷ ৰাজ্যৰ 974 গৰাকী ভ্ৰাম্যমান শিল্পীলৈ চৰকাৰৰ তৰফৰ পৰা 50 হাজাৰ টকাৰ সাহাৰ্য প্ৰদান ৷

GoA provides financial assistance of Rs 50K to 974 Mobile Theatre artists
974 গৰাকী ভ্ৰাম্যমান শিল্পীলৈ ৰাজ্য চৰকাৰৰ 50 হাজাৰ টকাৰ সাহাৰ্য
author img

By

Published : Oct 12, 2021, 8:09 PM IST

নিউজ ডেস্ক, 12 অক্টোবৰ : ভ্ৰাম্যমানৰ ক্ষেত্ৰখনত নিজৰ অৱদান আগবঢ়োৱা 978 গৰাকী শিল্পীক অসম চৰকাৰৰ তৰফৰ পৰা 50,000 টকাৰ আৰ্থিক সাহায্য ৷ সোমবাৰে ৰাজ্যৰ সাংস্কৃতিক বিভাগৰ মন্ত্ৰী বিমল বৰা আৰু বিধায়ক জয়ন্ত মল্ল বৰুৱাৰ উপস্থিত শিল্পীসকলক এই এককালীন আৰ্থিক সাহায্য প্ৰদান কৰা হয় ৷

দেখা গৈছিল যে, বিগত সময়ছোৱাত ক’ভিডৰ বাবে ৰাজ্যৰ ভ্ৰাম্যমান ক্ষেত্ৰখন যথেষ্ট প্ৰভাৱান্বিত হৈছে ৷ বিশেষকৈ বিভিন্ন নাট্যগোষ্ঠীসমূহৰ সৈতে জড়িত শিল্পীসকলৰ যেন পানীত হাঁহ নচৰা অৱস্থা হৈছিল ৷ বছৰৰ আধাতকৈ বেছি সময় ৰাজ্যৰ ভিন্ন প্ৰান্তত নিজৰ অভিনয়েৰে দৰ্শকৰ মন জয় কৰি অহা এইসকল শিল্পীৰ অধিকেই আৰ্থিক দৈন্যতাত পৰি নীৰৱে চকুপানী টুকিবলগীয়া হৈছিল ৷

  • GoA has also provided financial assistance of Rs 50K to 974 artists of Mobile Theatre groups to honour them for their contributions to the cultural field of Assam.

    Cultural Affairs Minister Sri @BimalBorah119 and MLA @jayanta_malla were also present.

    — Himanta Biswa Sarma (@himantabiswa) October 11, 2021 " class="align-text-top noRightClick twitterSection" data=" ">

বহু শিল্পীয়ে শাক-পাচলি বিক্ৰী কৰি, মাংস বিক্ৰী কৰি পৰিয়াল পোহপাল দিবলগীয়া হোৱাৰ বাতৰিও সময়ে সময়ে প্ৰকাশ পাইছিল ৷ দুৰ্যোগৰ এই সময়ছোৱাত চৰকাৰক বাৰাম্বাৰ কিছু হ’লেও আৰ্থিক সকাহ প্ৰদান কৰিবলৈ তেওঁলোকে আহ্বান জনাই আহিছিল ৷

ৰাজ্যত ক’ভিড সংক্ৰমণৰ প্ৰতি লক্ষ্য কৰিয়েই চৰকাৰে যোৱা দুটা বছৰে ভ্ৰাম্যমান গোষ্ঠীসমূহক নাট প্ৰদৰ্শনত নিষেধাজ্ঞা আৰোপ কৰিছিল ৷ কিন্তু এতিয়া ৰাজ্যৰ পৰিস্থিতি কিছু স্বাভাৱিক অৱস্থালৈ অহাৰ পিছত পুনৰ ভ্ৰাম্যমান গোষ্ঠীসমূহক নাট প্ৰদৰ্শন কৰিবলৈ অনুমতি প্ৰদান কৰা হৈছে ৷ ই নিশ্চিতভাৱে প্ৰতিটো নাট্যগোষ্ঠীৰ লগতে ইয়াৰ সৈতে জড়িত কলা-কুশলীৰ বাবেও এক স্বস্তিৰ নিঃশ্বাস ৷

তাৰ মাজতে চৰকাৰৰ তৰফৰ পৰা ৰাজ্যৰ 17 টা ভ্ৰাম্যমান নাট্য গোষ্ঠীক 10 লাখ টকাৰ এককালীন সাহাৰ্যৰ লগতে 978 গৰাকী শিল্পীক 50,000 টকাৰ আৰ্থিক সাহাৰ্য প্ৰদানৰ সিদ্ধান্তই পুনৰবাৰ হাঁহি বিৰিঙাই তুলিছে সকলোৰে মুখত ৷

লগতে পঢ়ক : ৰাজ্যৰ 17 টা ভ্ৰাম্যমান গোষ্ঠীলৈ মুখ্যমন্ত্ৰীৰ আৰ্থিক সাহায্য

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.