ETV Bharat / state

মহানগৰীত জাপানীজ এনকেফেলাইটিছ ৰোধৰ ব্যৱস্থা গ্ৰহণ পৌৰ নিগমৰ - ETV_BHARAT

মহানগৰীৰ পৌৰ নিগমৰ আয়ুক্ত দেৱেশ্বৰ মালাকাৰে অপৰিষ্কাৰ অঞ্চল তথা ৱাৰ্ড সমূহত ধোঁৱা দিয়াৰ ব্যৱস্থা কৰাৰ লগতে তেনে অঞ্চলত প্ৰতি দিনে বিশেষ লোকক নিয়োগ কৰিছে ৷ কেৱল সেয়াই নহয়, বহু সজাগতা মূলক ব্যৱস্থা গ্ৰহণ কৰিছে পৌৰ নিগমৰ দ্বায়িত্বত থকা আয়ুক্ত গৰাকীয়ে ৷ 10 টাকৈ মেচিনেৰে যথাসম্ভৱ প্ৰতিটো অঞ্চলত ধোঁৱা দিয়াৰ বাবে চেষ্টা চলোৱা হৈছে বুলি জনালে আয়ুক্ত গৰাকীয়ে ।

মহানগৰীত জাপানীজ এনকেফেলাইটিছ ৰোধৰ ব্যৱস্থা গ্ৰহণ পৌৰ নিগমৰ
author img

By

Published : Jul 8, 2019, 5:39 PM IST

গুৱাহাটী, 8 জুলাই : অসমত সৰ্বত্ৰে মহামাৰীৰ ৰূপ ধাৰণ কৰিছে জাপানীজ এনকেফেলাইটিছ ৰোগে ৷ ৰাজ্যত বৰ্তমানলৈ 30 জনৰো অধিক লোকে প্ৰাণ হেৰুৱাইছে এই ৰোগত ৷ বহুকেইখন জিলাত বৰ্তমানেও চিকিৎসাধীন হৈ আছে সহস্ৰাধিক এনকেফেলাইটিছ ৰোগী ৷ এই ৰোগৰ পৰা পৰিত্ৰাণ পোৱাৰ উপায়ৰ লগতে ৰাজ্যবাসীক জাপানীজ এনকেফেলাইটিছৰ পৰা ৰক্ষা কৰাৰ উদ্দেশ্যে স্বাস্থ্য বিভাগৰ লগতে গুৱাহাটী পৌৰ নিগমেও লৈছে বিশেষ পদক্ষেপ । গুৱাহাটীৰ প্ৰতিটো ৱাৰ্ডত বিশেষ দল নিয়োগ কৰি ধোঁৱা দিয়াৰ ব্যৱস্থা কৰিছে পৌৰ নিগমে । মহৰ উৎপত্তি স্থল সমূহত ধোঁৱা দি মহৰ বংশ বৃদ্ধি নাশ কৰাৰ উদ্দেশ্যে প্ৰতিদিনে মহানগৰীৰ লগতে ওচৰ পাজৰ সকলো অঞ্চলত ধোঁৱা দিয়াৰ ব্যৱস্থা কৰা হৈছে ।

মহানগৰীত জাপানীজ এনকেফেলাইটিছ ৰোধৰ ব্যৱস্থা গ্ৰহণ পৌৰ নিগমৰ

উল্লেখ্য যে, মহানগৰীৰ পৌৰ নিগমৰ আয়ুক্ত দেৱেশ্বৰ মালাকাৰে অপৰিষ্কাৰ অঞ্চল তথা ৱাৰ্ড সমূহত ধোঁৱা দিয়াৰ ব্যৱস্থা কৰাৰ লগতে তেনে অঞ্চলত প্ৰতি দিনে বিশেষ লোকক নিয়োগ কৰিছে ৷ কেৱল সেয়াই নহয়, বহু সজাগতা মূলক ব্যৱস্থা গ্ৰহণ কৰিছে পৌৰ নিগমৰ দ্বায়িত্বত থকা আয়ুক্ত গৰাকীয়ে ৷ 10 টাকৈ মেচিনেৰে যথাসম্ভৱ প্ৰতিটো অঞ্চলত ধোঁৱা দিয়াৰ বাবে চেষ্টা চলোৱা হৈছে বুলি জনালে আয়ুক্ত গৰাকীয়ে । ইয়াৰ লগতে ফেচবুক, টুইটাৰ সকলোতে হেল্প লাইন খুলি দিছে পৌৰ নিগমে ।

যদিও জাপানীজ এনকেফেলাইটিছ ৰোগ প্ৰতিৰোধৰ দায়িত্ব স্বাস্থ্য বিভাগৰ, তথাপিও গুৱাহাটী পৌৰ নিগমে স্বাস্থ্য বিভাগৰ লগ হৈ জাপানীজ এনকেফেলাইটিছ ৰোগ প্ৰতিৰোধ কৰাৰ বাবে গ্ৰহণ কৰা পদক্ষেপ অতিকৈ প্ৰশংসনীয় ।

Intro:জাপানীজ এনকেফ্লাইটিছ ৰোগ বৰ্তমান সময়ত অসমৰ সৰ্বত্ৰে । এই ৰোগৰ পৰা পৰিত্ৰাণ পোৱা উপায় লগতে ৰাজ্য বাসীক জাপানীজ এনকেফ্লাইটিছৰ পৰা ৰক্ষা কৰাৰ উদ্দেশ্যে স্বাস্থ্য বিভাগৰ লগতে গুৱাহাটী পৌৰ নিগমেও লৈছে পদক্ষেপ। গুৱাহাটীৰ প্ৰতিটো ৱাৰ্ডত বিশেষ দল নিয়োগ কৰি ফগিং দিয়াৰ ব্যৱস্থা কৰিছে। মহৰ উৎপত্তি স্থলী সমূহত ফগিং দি মহৰ যি বংশ বৃদ্ধি সেই বংশ বৃদ্ধি শেষ কৰাৰ অৰ্থে প্ৰতিদিনে মহানগৰীৰ লগতে ওচৰ পাজৰ সকলো অঞ্চলত ফগিং কৰিছে।

Body:মহানগৰীৰ পৌৰ নিগমৰ আয়ুক্ত দেৱেশ্বৰ মালাকাৰৰ তৎপৰতা আৰু চেষ্টাত যদিও ফগিংৰ দায়িত্ব স্বাস্থ্য বিভাগৰ তৎসত্বেও নিজৰ দায়িত্ব পালনেৰে গুৱাহাটীৰ প্ৰতিটো ৱাৰ্ডত ফগিং দি আহিছে।
Bite:-দেৱেশ্বৰ মালাকাৰ।
ব্যক্তিগত ধাৰণাৰ লেতেৰা অঞ্চল তথা ৱাৰ্ড সমূহত ফগিং কৰাৰ ব্যৱস্থা কৰাৰ লগতে তেনে অঞ্চলত প্ৰতি দিনে বিশেষ লোকক নিয়োগ কৰিছে দেৱেশ্বৰ মালাকাৰে। কেৱল সেয়াই নহয় বহু সজাগতা মূলক ব্যৱস্থা গ্ৰহণ কৰিছে পৌৰ নিগমৰ দ্বায়িত্বত থকা আয়ুক্ত গৰাকীয়ে। 10 তা মেচিনেৰে যিমান পাৰি প্ৰতিটো অঞ্চলত ফগিং কৰাৰ বাবে চেষ্টা চলোৱা হৈছে বুলি জনালে আয়ুক্ত গৰাকীয়ে।লগতে ফেচবুক, টুইটাৰ সকলোতে হেল্প লাইন খুলি দিছে পৌৰ নিগম।
Bite:-আয়ুক্ত।

Conclusion:জাপানীজ এনকেফ্লাইটিছ ৰোগ প্ৰতিৰোধৰ দায়িত্ব গুৱাহাটী পৌৰ নিগমৰ নাথাকিলেও স্বাস্থ্য বিভাগৰ লগ হৈ জাপানীজ এনকেফ্লাইটিছৰ দৰে ৰোগ প্ৰতিৰোধ কৰাৰ এই পদক্ষেপ সদায়েই প্ৰশংসনীয়। মহানগৰীৰ প্ৰতিজন মানুহৰ জীৱনৰ বাবে দায়বদ্ধ হৈ কাম কৰি যোৱাৰ যি উদ্যাম গুৱাহাটী পৌৰ নিগমৰ সেই উদ্যম প্ৰয়োজন এতিয়া স্বাস্থ্য লগতে প্ৰতিটো বিভাগৰ। পৌৰ নিগমৰ এই আয়ুক্ত গৰাকীৰ সহযোগ তথা তৎপৰতাৰ বাবে হয়তো সুৰক্ষিত হৈ আছে আপোনাৰ জীৱন।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.