ETV Bharat / state

কিয় অনুষ্ঠিত কৰা নাই গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনঃ চৰকাৰক জবাবদিহি উচ্চ ন্যায়ালয়ৰ - ৰাজ্য চৰকাৰ

সমাজকৰ্মী মীৰা বৰঠাকুৰে এই সন্দৰ্ভত দাখিল কৰা এক ৰাজহুৱা স্বাৰ্থ জড়িত আবেদনৰ শুনানী গ্ৰহণ কৰি উচ্চ ন্যায়ালয়ে চৰকাৰৰ পৰা এই প্ৰশ্নৰ উত্তৰ বিচাৰি ৰাজ্য চৰকাৰ আৰু গুৱাহাটী পৌৰ নিগমলৈ জাননী জাৰি কৰিছে ।

কিয় অনুষ্ঠিত কৰা নাই গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনঃ চৰকাৰক জবাবদিহি উচ্চ ন্যায়ালয়ৰ

author img

By

Published : Nov 29, 2020, 10:22 PM IST

গুৱাহাটী,29নৱেম্বৰঃ ২০১৮ চনৰ ৩১ জুলাইতে গুৱাহাটী পৌৰ নিগমৰ বৰ্তমানৰ সমিতিখনৰ কাৰ্যকাল শেষ হ'ল । অথচ আজিকোপতি চৰকাৰে অনুষ্ঠিত নকৰিলে নিগমৰ নিৰ্বাচন । কিয় ? এই প্ৰশ্ন গুৱাহাটী উচ্চ ন্যায়ালয়ৰ । সমাজকৰ্মী মীৰা বৰঠাকুৰে এই সন্দৰ্ভত দাখিল কৰা এক ৰাজহুৱা স্বাৰ্থ জড়িত আবেদনৰ শুনানী গ্ৰহণ কৰি উচ্চ ন্যায়ালয়ে চৰকাৰৰ পৰা এই প্ৰশ্নৰ উত্তৰ বিচাৰি ৰাজ্য চৰকাৰ আৰু গুৱাহাটী পৌৰ নিগমলৈ জাননী জাৰি কৰিছে । গোচৰটোৰ পৰবৰ্তী শুনানীত অতদিনে নিৰ্বাচন নপতাকৈ থকাৰ কাৰণ জনাবলৈও কোৱা হৈছে নিগম আৰু চৰকাৰক ।

উল্লেখযোগ্য যে, ২০১৩ চনৰ ৩১ জুলাইত অনুষ্ঠিত হৈছিল গুৱাহাটী পৌৰ নিগমৰ নতুন সমিতিখনৰ প্ৰথমখন বৈঠক । সেই অনুসৰি ২০১৮ চনৰ ৩১ ডিচেম্বৰত সমিতিখনৰ কাৰ্যকাল শেষ হৈছে । তৎস্বত্তেও অতদিনে চৰকাৰে অনুষ্ঠিত নকৰিলে নিগমৰ নিৰ্বাচন । এই বিষয়টোক লৈয়েই মীৰা বৰঠাকুৰে গুৱাহাটী উচ্চ ন্যায়ালয়ত ৭২/ ২০২০ নম্বৰৰ এখন ৰাজহুৱা স্বাৰ্থ জড়িত আবেদন দাখিল কৰিছিল আৰু তাৰেই শুনানী গ্ৰহণ কৰি মুখ্য ন্যায়াধীশ (ভাৰপ্ৰাপ্ত) এন কোটেশ্বৰ সিং আৰু ন্যায়াধীশ মনীষ চৌধুৰীৰ খণ্ড বিচাৰপীঠে চৰকাৰক জবাবদিহি কৰি জাননী জাৰি কৰিছে ।

লগতে পঢ়কঃ JEE কেলেংকাৰীৰ অন্যতম অভিযুক্ত প্ৰদীপ কুমাৰক গ্ৰেপ্তাৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.