ETV Bharat / state

দিছপুৰত দুৰ্নীতি নিবাৰক শাখাৰ অভিযানত গ্ৰেপ্তাৰ লাট মণ্ডল - দিছপুৰ ৰাজহ চক্ৰ বিষয়াৰ কার্যালয়

এক গোপন সূত্ৰৰ ভিত্তিত অভিযান চলাই দিছপুৰ ৰাজহ চক্ৰ বিষয়াৰ কার্যালয়ৰ পৰা হাতে লোটে গ্ৰেপ্তাৰ হ’ল লাট মণ্ডল ৷

দুৰ্নীতি নিবাৰক শাখাৰ অভিযানত গ্ৰেপ্তাৰ লাট মণ্ডল
author img

By

Published : Oct 11, 2019, 9:00 PM IST

গুৱাহাটী, ১১ অক্টোবৰ: শুকুৰবাৰে মহানগৰীৰ দিছপুৰস্থিত ৰাজহ চক্ৰ বিষয়াৰ কার্যলয়ত দুৰ্নীতি নিবাৰক শাখাৰ অভিযানত গ্ৰেপ্তাৰ লাট মণ্ডল লাচিত ঠাকুৰীয়া ৷ এক গোপন সূত্ৰৰ ভিত্তিতেই অভিযান চলাই হাতে লোটে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় বৰমটৰীয়া, সৰুমটৰীয়া আৰু ৰুক্মিণীগাঁৱৰ লাট মণ্ডল লাচিত ঠাকুৰীয়াক । জানিব পৰা মতে, লাট মণ্ডল লাচিত ঠাকুৰীয়াই এজন লোকৰ পৰা 6 টা বিল্ডিং বিক্ৰীৰ অনুমতিৰ বাবে লোকজনৰ পৰা লৈছিল নগদ 8 হাজাৰ টকা ৷ লগতে প্ৰথম কিস্তিত লৈছিল 15 হাজাৰ টকাৰ ঘোচ ।

দিছপুৰ ৰাজহ চক্ৰ বিষয়াৰ কার্যালয়ত দুৰ্নীতি নিবাৰক শাখাৰ অভিযান

উল্লেখযোগ্য যে, দীৰ্ঘদিন ধৰি উক্ত কার্যলয়ত একাংশ দালালৰ সহযোগত লাট মণ্ডলগৰাকীৰ বিৰুদ্ধে দুৰ্নীতি কৰি অহাৰ অভিযোগ উত্থাপিত হৈ আহিছিল । শুকুৰবাৰে দুৰ্নীতি নিবাৰক শাখাই হাতে লোটে ধৰা পেলায় গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় লাচিত ঠাকুৰীয়াক ৷

Intro:দিছপুৰ ৰাজহ চক্ৰ বিষয়াৰ কার্যলয়ত দুৰ্নীতি নিবাৰক শাখাৰ অভিযানত হাতে লোটে গ্ৰেপ্তাৰ লাট মণ্ডল
Body:গুৱাহাটী, ১১ অক্টোবৰ (হি:স): শুকুৰবাৰে মহানগৰীৰদিছপুৰস্থিত ৰাজহ চক্ৰ বিষয়াৰ কার্যলয়ত দুৰ্নীতি নিবাৰক শাখাই এক গোপন সূত্ৰৰ ভিত্তিত অভিযান চলাই হাতে লোটে গ্ৰেপ্তাৰ কৰে বৰমটৰীয়া , সৰুমটৰীয়া আৰু ৰুক্মিণীগাঁৱৰ লাট মণ্ডল লাচিত ঠাকুৰীয়াক।

ঘটনা সন্দৰ্ভত জানিব পৰা অনুসৰি লাট মণ্ডল লাচিত ঠাকুৰীয়াই এজন লোকৰ পৰা মাটিৰ ৬ টা বিল্ডিঙ বিক্ৰীৰ অনুমতিৰ বাবে লোকজনৰ পৰা লৈছিল নগদ ৮ হাজাৰ টকা। মন কৰিবলগীয়া যে দুৰ্নীতিৰে লিপ্ত লাট মণ্ডল জনে প্ৰথম কিষ্টিত লৈছিল ১৫ হাজাৰ টকাৰ ঘোচ।

উল্লেখযোগ্য যে দীৰ্ঘদিন ধৰি উক্ত কার্যলয়ত একাংশ দালালৰ সহযোগত লাট মণ্ডলে দুৰ্নীতি কৰি অহাৰ অভিযোগ উত্থাপিত হৈ আহিছে। আৰু তেনে সময়তে শুকুৰবাৰে দুৰ্নীতি নিবাৰক শাখাই হাতে লোটে গ্ৰেপ্তাৰ হয় ঘোচখোৰ লাট মণ্ডল লাচিত ঠাকুৰীয়া।

এতিয়া প্ৰশ্ন হয় কেতিয়ালৈ এই দুৰ্নীতি চলি থাকিব ৰাজ্যত? এইসকলৰ বিৰুদ্ধে কিবা ব্যৱস্থা ল'ব নে বিভাগীয় কৰ্তৃপক্ষই।Conclusion:Asrar Ansari
Guwahati
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.