গুৱাহাটী, 2 এপ্ৰিলঃ দিল্লীৰ তবলিগী জামাতৰ ঘটনাকলৈ অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সম্পাদক আবু চালেহৰ প্ৰতিক্ৰিয়া ৷ তবলিগী জামাতত অংশগ্ৰহণ কৰা ব্যক্তি কৰ'ণা ভাইৰাছৰ দ্বাৰা সংক্ৰমিত হোৱা ঘটনাক, সামাজিক আৰু মহামাৰীৰ দৃষ্টিকোণেৰে সকলোৱে দেখা উচিত বুলি সকলোকে আহ্বান অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক আবু চালেহৰ ৷ এনে সময়ত আমি ঐক্যবদ্ধ হৈ এই মাৰাত্মক ভাইৰাছৰ বিৰুদ্ধে যুঁজিব লাগিব বুলি কোৱাৰ লগতে, অসমৰ পৰা দিল্লীত তবলিগী জামাতত অংশগ্ৰহণ কৰিবলৈ যোৱা ব্যক্তি সকলক অতি শীঘ্ৰে চিকিৎসালয়লৈ যাবলৈও অনুৰোধ সাধাৰণ সম্পাদক গৰাকীৰ ৷
লগতে পঢ়কঃ অসমত ১৬ জনলৈ বৃদ্ধি কৰ'ণা আক্ৰান্তৰ সংখ্যা