ETV Bharat / state

স্মৃতিৰে জীপাল গুৱাহাটী বিশ্ববিদ্যালয়ৰ  RCC -1 ছাত্ৰাবাস - ন-পুৰণি সতীৰ্থ সন্মিলন

শুকুৰবাৰৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে RCC-1 ছাত্ৰাবাসত অনুষ্ঠিত হয় ন-পুৰণি সতীৰ্থ সন্মিলন । শনিবাৰে সামৰণি পৰা উক্ত সন্মিলনৰ কাৰ্যসূচীত উপস্থিত থাকে অসম চৰকাৰৰ মন্ত্ৰী কেশৱ মহন্ত, উপাচাৰ্য ডঃ প্ৰতাপ জ্যোতি সন্দিকৈ, আছুৰ মুখ্য উপদেষ্টা ডঃ সমুজ্জল কুমাৰ ভট্টাচাৰ্য, অধ্যাপক ননীগোপাল মহন্ত, অধ্যাপক ড০ হজৰত আলী, গুৱাহাটী বিশ্ববিদ্যালয়ৰ ৰেক্টৰ হৰি প্ৰসাদ শৰ্মাকে ধৰি ভালেসংখ্যক বিশিষ্ট ব্যক্তি৷

স্মৃতিৰে জীপাল গুৱাহাটী বিশ্ববিদ্যালয়ৰ  RCC -1 ছাত্ৰাবাস
author img

By

Published : Aug 25, 2019, 3:21 PM IST

গুৱাহাটী, 25 আগষ্টঃ ন-পুৰণি আৱাসীৰ মধুৰ স্মৃতিৰে জীপাল হৈ পৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ মাধৱ বেজবৰুৱা ১ নং দুমহলীয়া ছাত্ৰাবাস, চমুকৈ RCC- 1 ৷ শুকুৰবাৰৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে এই ছাত্ৰাবাসত অনুষ্ঠিত হয় ন-পুৰণি সতীৰ্থ সন্মিলন । ছাত্ৰাবাসটোৰ প্ৰাক্তন আৱাসী তথা বৰ্তমান দেশৰ বিভিন্ন ক্ষেত্ৰত সফল ব্যক্তিসকলৰ সমাহাৰ ঘটে বিশ্ববিদ্যালয়ৰ বাকৰিত । এই সন্মিলনত সকলোৱে মিলি স্মৃতি ৰোমন্থন কৰাৰ লগতে হাতত লয় কেইবাটাও নতুন পদক্ষেপ ৷ শনিবাৰে সামৰণি পৰা উক্ত সন্মিলনৰ কাৰ্যসূচীত উপস্থিত থাকে অসম চৰকাৰৰ মন্ত্ৰী কেশৱ মহন্ত, উপাচাৰ্য ডঃ প্ৰতাপ জ্যোতি সন্দিকৈ, আছুৰ মুখ্য উপদেষ্টা ডঃ সমুজ্জল কুমাৰ ভট্টাচাৰ্য, অধ্যাপক ননীগোপাল মহন্ত, অধ্যাপক ড০ হজৰত আলী, গুৱাহাটী বিশ্ববিদ্যালয়ৰ ৰেক্টৰ হৰি প্ৰসাদ শৰ্মাকে ধৰি ভালেসংখ্যক বিশিষ্ট ব্যক্তি ৷

স্মৃতিৰে জীপাল গুৱাহাটী বিশ্ববিদ্যালয়ৰ RCC -1 ছাত্ৰাবাস

এনে সন্মিলনে সমাজত এক ইতিবাচক প্ৰভাৱ পেলায় বুলি মন্তব্য কৰে আছুৰ উপদেষ্টা ডঃ সমুজ্জল কুমাৰ ভট্টাচাৰ্যই । ইপিনে ছাত্ৰাবাসটোৰ আৱাসী হৈ থকা সময়ৰ সোণালী স্মৃতি সোঁৱৰণ কৰে মন্ত্ৰী কেশৱ মহন্তই । লগতে মন্ত্ৰী মহন্তই বৰ্তমানৰ আৱাসীসকলক শুদ্ধ পথত থাকি আগবাঢ়ি যাবলৈ আহ্বান জনায়।

উল্লেখযোগ্য যে বিশ্ববিদ্যালয়ৰ প্ৰতিষ্ঠাত অশেষ অৱদান আগবঢ়োৱা মাধৱ বেজবৰুৱাৰ নামত গুৱাহাটী বিশ্ববিদ্যালয়ত স্থাপিত হৈছিল প্ৰথমটো ছাত্ৰাবাস । এই ছাত্ৰাবাসটোত থাকি অধ্যয়ন কৰা আৱাসীয়ে এতিয়া শৈক্ষিক, সামাজিক, সাংস্কৃতিক সকলো দিশতে সুনাম কঢ়িয়াবলৈ সক্ষম হৈছে । এই আৱাসীটোৰ পৰা জাতীয় জীৱনৰ বহু বিশিষ্ট ব্যক্তিয়ে পাতনি মেলিছিল । এই ন-পুৰণি সন্মিলনৰ মাধ্যমেৰে সকলোকে সমাজ জীৱনত আগবাঢ়ি যোৱাৰ এক চেতনা গঢ়ি তুলিব বুলি আশা প্ৰকাশ কৰিছে সকলোৱে । পূৰ্বৰ দৰেই অনাগত দিনটো কৃষ্ণচূড়াৰ দেশ এনেদৰেই জিলিকি থাকক তাৰেই সংকল্প লৈছে প্ৰাক্তন-বৰ্তমানৰ আৱাসীসকলে ।

Intro:Body:

স্মৃতিৰে জীপাল জি ইউৰ  RCC - 1 ছাত্ৰাবাস

ন-পুৰণি আৱাসীৰ মধুৰ স্মৃতিৰে জীপাল হৈ পৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ মাধৱ বেজবৰুৱা ১ নং দুমহলীয়া ছাত্ৰাবাস, চমুকৈ RCC- 1 ৷  শুক্ৰবাৰৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে এই ছাত্ৰাবাসত অনুষ্ঠিত হয় ন-পুৰণি সতীৰ্থ সন্মিলন । ছাত্ৰাবাসটোৰ প্ৰাক্তন আৱাসী তথা বৰ্তমান দেশৰ বিভিন্ন ক্ষেত্ৰত সফল ব্যক্তিসকলৰ সমাহাৰ ঘটে বিশ্ববিদ্যালয়ৰ বাকৰিত । এই সন্মিলনত সকলোৱে মিলি স্মৃতি ৰোমন্থন কৰাৰ লগতে হাতত লয় কেইবাটাও নতুন পদক্ষেপ ৷ এই সন্মিলনত মাধৱ বেজবৰুৱা অৱক্ষ মূৰ্তি নিৰ্মাণ, পুথিভঁৰাল গঠন, মাধৱ বেজবৰুৱা ট্ৰাষ্ট গঠণৰ পদক্ষেপ গ্ৰহণ কৰে ছাত্ৰাবাসটোৰ আৱাসীসকলে ।

শনিবাৰে সামৰণি পৰা উক্ত সন্মিলনৰ কাৰ্যসূচীত উপস্থিত থাকে অসম চৰকাৰৰ মন্ত্ৰী কেশৱ মহন্ত, উপাচাৰ্য ডঃ প্ৰতাপ জ্যোতি সন্দিকৈ, আছুৰ মুখ্য উপদেষ্টা ডঃ সমুজ্জল কুমাৰ ভট্টাচাৰ্য, অধ্যাপক ননীগোপাল মহন্ত, অধ্যাপক ড০ হজৰত আলী, গুৱাহাটী বিশ্ববিদ্যালয়ৰ ৰেক্টৰ হৰি প্ৰসাদ শৰ্মাকে ধৰি ভালেসংখ্যক বিশিষ্ট ব্যক্তি৷

এনে সন্মিলনে সমাজত এক ইতিবাচক প্ৰভাৱ পেলায় বুলি মন্তব্য কৰে আছুৰ উপদেষ্টা ডঃ সমুজ্জল কুমাৰ ভট্টাচাৰ্যই । ইপিনে ছাত্ৰাবাসটোৰ আৱাসী হৈ থকা সময়ৰ সোণালী স্মৃতি সোৱৰণ কৰে মন্ত্ৰী কেশৱ মহন্তই । লগতে মন্ত্ৰী মহন্তই বৰ্তমানৰ আৱাসীসকলক শুদ্ধ পথত থাকি আগবাঢ়ি যাবলৈ আহ্বান জনাই ।

উল্লেখযোগ্য যে বিশ্ববিদ্যালয়ৰ প্ৰতিষ্ঠাত অশেষ অৱদান আগবঢ়োৱা মাধৱ বেজবৰুৱাৰ নামত গুৱাহাটী বিশ্ববিদ্যালয়ত স্থাপিত হৈছিল প্ৰথমটো ছাত্ৰাবাস । এই ছাত্ৰাবাসটোত থাকি অধ্যায়ন কৰা আৱাসীক এতিয়া শৈক্ষিক, সামাজিক, সাংস্কৃতিক সকলো দিশতে সুনাম কঢ়িয়াবলৈ সক্ষম হৈছে । এই আৱাসীটোৰ পৰায়ে জাতীয় জীৱনৰ বহু বিশিষ্ট ব্যক্তি পাটনি মেলিছিল । এই ন-পুৰণি সন্মিলনৰ যোগেৰে সকলোকে সমাজ জীৱনত আগবাঢ়ি যোৱাৰ এক চেতনা গঢ়ি তুলিব বুলি আশা প্ৰকাশ কৰিছে সকলোৱে । পূৰ্বৰ দৰেই অনাগত দিনটো কৃষ্ণচূড়াৰ দেশ এনেদৰেই জিলিকি থাকক তাৰেই সংকল্প লৈছে প্ৰাক্তন-বৰ্তমানৰ আৱাসীসকলে ।

Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.