ETV Bharat / state

Gauhati University Election: গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ নিৰ্বাচন সমাপ্ত - ৩৫ গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দিতা আগবঢ়াইছে

উখল মাখল পৰিৱেশ গুৱাহাটী বিশ্ববিদ্যালয়ত । মঙলবাৰে পুৱাৰে পৰা বিশ্ববিদ্যালয়ত অনুষ্ঠিত হৈছে স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ নিৰ্বাচন (Gauhati University PGSU election)। ৩৫ গৰাকী প্ৰাৰ্থীৰ ভৱিষ্যত নিৰ্ধাৰণ হ'ব ১ ডিচেম্বৰত ।

Gauhati University
গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ নিৰ্বাচন
author img

By

Published : Nov 30, 2021, 5:42 PM IST

গুৱাহাটী,৩০ নৱেম্বৰ : গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ (PGSU) নিৰ্বাচনৰ ভোটগ্ৰহণ মঙলবাৰে পুৱাৰে পৰা অনুষ্ঠিত হয় (Gauhati University PGSU election 2021)। আছু, এন এছ ইউ আই (NSUI),এ বি ভি পি(ABVP)কে ধৰি, ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি আৰু এবছু সমৰ্থিত প্ৰাৰ্থীয়ে নিৰ্বাচনত অৱতীৰ্ণ হৈছে । নিৰ্বাচনত স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ মুঠ ১৫ টা পদৰ বাবে ৩৫ গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দিতা আগবঢ়াইছে । গুৰু খেল সম্পাদকৰ পদৰ প্ৰাৰ্থী গৰাকীয়ে বিনা প্ৰতিদ্বন্দিতাৰে নিৰ্বাচিত হৈছে ।

Gauhati University
গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ নিৰ্বাচন

নিৰ্বাচনত স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ মুঠ ১৪ পদৰ ভোটগ্ৰহণ অনুষ্ঠিত হৈছে । নিৰ্বাচনক কেন্দ্ৰ কৰি গুৱাহাটী বিশ্ববিদ্যালয় চৌহদ (Gauhati University campus)ত বিৰাজ কৰিছে এক উৎসৱ মুখৰ পৰিৱেশ । অহা ১ ডিচেম্বৰত ভোটগণনা হ'ব আৰু ভোটগণনাৰ অন্তত সেইদিনাই নিৰ্বাচনৰ ফলাফল ঘোষণা কৰা হ'ব । স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ নিৰ্বাচনত সভাপতি পদত হেমেন কলিতা, হেমাঙ্গ নাথ আৰু সুমন শৰ্মাই প্ৰতিদ্বন্দিতা আগবঢ়াইছে ।

উপসভাপতি পদত অভিজিৎ শইকীয়া, নৱদ্বীপ বৰগোহাঞি, প্ৰিয়া দত্ত আৰু ছজিনা য়াছবিনে প্ৰতিদ্বন্দিতা আগবঢ়াইছে । সাধাৰণ সম্পাদকৰ পদত বিকি শৰ্মা, জিতু কলিতা আৰু ৰাজদ্বীপ বৰুৱাই প্ৰতিদ্বন্দিতা আগবঢ়াইছে । সহকাৰী সাধাৰণ সম্পাদকৰ পদত মণিষা ডেকা, নিতুমনি কুমাৰ আৰু ৰশ্মি কলিতাই প্ৰতিদ্বন্দিতা আগবঢ়াইছে ।

সাহিত্য সম্পাদকৰ পদত গনান্য প্ৰতিম দেৱ শৰ্মা আৰু পংকজ নেওগে প্ৰতিদ্বন্দিতা আগবঢ়াইছে । সংগীত সম্পাদকৰ পদত অনন্যা মহন্ত, দেৱাশীষ বৰ্মন আৰু প্ৰত্যাশি কলিতাই প্ৰতিদ্বন্দিতা আগবঢ়াইছে । তৰ্ক সম্পাদকৰ পদত ভাস্বতী দেৱী আৰু মণিষা বৰাই প্ৰতিদ্বন্দিতা আগবঢ়াইছে । লঘু খেল সম্পাদকৰ পদত বিক্ৰম হাজৰিকা আৰু নিতামনি কাকতিয়ে প্ৰতিদ্বন্দিতা আগবঢ়াইছে ।

খেল সম্পাদকৰ পদত গনেশ বড়ো আৰু ৰাকেশ বৈশ্যই প্ৰতিদ্বন্দিতা আগবঢ়াইছে । ছাত্ৰ জিৰণি কোঠাৰ সম্পাদকৰ পদত আবিদ আৰমান তপদাৰ আৰু খঞ্জন ফুকন তালুকদাৰে প্ৰতিদ্বন্দিতা আগবঢ়াইছে । ছাত্ৰী জিৰণি কোঠাৰ সম্পাদকৰ পদত মুন মল্লিক আৰু ছাহিলি দৰপাঙে প্ৰতিদ্বন্দিতা আগবঢ়াইছে ।

শৰীৰ চৰ্চা সম্পাদকৰ পদত পল্লৱ হাজৰিকা আৰু ৰোহিত বসুমতাৰীয়ে প্ৰতিদ্বন্দিতা আগবঢ়াইছে । সমাজ সেৱা বিভাগৰ সম্পাদকৰ পদত বিশুৱ মেধি আৰু প্ৰীতি কলিতাই প্ৰতিদ্বন্দিতা আগবঢ়াইছে । ইপিনে গুৰু খেল সম্পাদকৰ পদত খ্ৰমডাও বসুমতাৰীয়ে বিনা প্ৰতিদ্বন্দিতাৰে নিৰ্বাচিত হৈছে ।

লগতে পঢ়ক :Kamakhya Temple General election : কবিন্দ্ৰ শৰ্মা বৰদলৈ আৰু হিমাদ্ৰী শৰ্মা সৰুদলৈ নিৰ্বাচিত

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.