ETV Bharat / state

অবৈধ বিদেশী সন্দৰ্ভত উচ্চ ন্যায়ালয়ৰ বিশেষ নিৰ্দেশনা : ঘোষিত বিদেশীৰ নাথাকিব মাটিৰ অধিকাৰ - গুৱাহাটী উচ্চ ন্যায়ালয়

অবৈধ বিদেশীক লৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ বিশেষ নিৰ্দেশনা ৷ বিদেশী ন্যায়াধীকৰণৰ দ্বাৰা বিদেশী ঘোষিত কোনো লোকৰ নাথাকিব কোনো মাটিৰ অধিকাৰ ৷ পূৰ্বে বিদেশীৰ নামত থকা ভূমি অধিগ্ৰহণ কৰিব লাগিব চৰকাৰে ৷

Gauhati High Court issues special directives
উচ্চ ন্যায়ালয়ৰ বিশেষ নিৰ্দেশনা
author img

By ETV Bharat Assamese Team

Published : Dec 13, 2023, 7:35 PM IST

গুৱাহাটী, 13 ডিচেম্বৰ : অবৈধ বিদেশী চিনাক্ত আৰু বিতাড়ন প্ৰসংগ বিগত কেইবাটাও দশক ধৰি অসমৰ ৰাজনীতিত চৰ্চাৰ বিষয় হৈ আছে ৷ তাৰ মাজতেই অবৈধ বিদেশীক লৈ গুৱাহাটী উচ্চ ন্যায়ালয়ে দিছে এক বিশেষ নিৰ্দেশনা ৷ ন্যায়াধীশ অচিন্ত্য মল্ল বুজৰবৰুৱা আৰু ৰবীন ফুকনৰ খণ্ড বিচাৰপীঠে এক গোচৰৰ শুনানি গ্ৰহণ কৰি এই নিৰ্দেশনা প্ৰদান কৰে ৷

গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশনা অনুসৰি- 1/ বিদেশী ন্যায়াধীকৰণৰ দ্বাৰা বিদেশী ঘোষিত কোনো লোকৰ নাথাকিব কোনো মাটিৰ অধিকাৰ ৷ পূৰ্বে বিদেশীৰ নামত থকা ভূমি অধিগ্ৰহণ কৰিব লাগিব চৰকাৰে, 2/ খাদ্য সুৰক্ষাৰ হিতাধিকাৰী আঁচনিৰ পৰা নাম কৰ্তন কৰিব লাগিব চৰকাৰে, 3/ জীৱন-জীৱিকাৰ বাবে ৱৰ্ক পাৰ্মিট প্ৰদান কৰিব লাগিব, 4/ শিক্ষা আৰু স্বাস্থ্যৰ অধিকাৰ সুনিশ্চিত কৰিব লাগিব চৰকাৰে, 5/ বিদেশী ঘোষিত লোকসকলৰ বাবে এগৰাকী ন’ডেল অফিচাৰ নিয়োগ কৰিব লাগিব |

নিৰ্দেশনাটোত চৰকাৰক এজন ন’ডেল বিষয়া নিযুক্তি দিবলৈ কোৱা হৈছে ৷ এই বিষয়াজনে ঘোষিত বিদেশীৰ সকলো নথি-পত্ৰ, যেনে তেওঁৰ মাটিৰ নথি-পত্ৰ, ভোটাৰ পৰিচয়-পত্ৰ জমা ল’ব; যাতে তেওঁলোকৰ নাম কৰ্তন কৰি মাটি অধিগ্ৰহণ কৰি চৰকাৰে ওভতাই লয় ৷ উল্লেখযোগ্য যে ৰাজ্য চৰকাৰে উচ্চতম ন্যায়ালয়ত দিয়া শপতনামা অনুসৰি 1966 চনৰ পৰা অসমত 32281 জন বিদেশী চিনাক্ত কৰিছে ন্যায়ালয়ে ৷

আনহাতে এতিয়ালৈ বিদেশী ন্যায়াধীকৰণত 334966 টা গোচৰ নিষ্পত্তি কৰা হৈছে ৷ এতিয়াও 97,714 টা নাগৰিকত্বৰ গোচৰ ন্যায়ালয়ৰ বিবেচনাধীন হৈ আছে ৷ কুদ্দুছ আলী নামৰ বিদেশী ন্যায়াধীকৰণৰ দ্বাৰা ইতিমধ্যে বিদেশী ঘোষিত এজন অবৈধ বিদেশীয়ে ন্যায়াধীকৰণৰ ৰায়ক প্ৰত্যাহ্বান জনাই কাষ চাপিছিল গুৱাহাটী উচ্চ ন্যায়ালয়ত ৷ 1971 চনৰ পাছত অসমত প্ৰৱেশ কৰা বিদেশী বুলি ঘোষণা কৰা ন্যায়াধিকৰণৰ কেইবাটাও মতামতক প্ৰত্যাহ্বান জনাই কেইবাখনো আবেদন দাখিল কৰা হৈছিল ৷ তাৰ ভিতৰত আছিল কুদ্দুছ আলীৰ আবেদনখনো ৷ তাৰেই শুনানি হয় বুধবাৰে ৷

এই গোচৰটো খাৰিজ কৰাৰ সময়তে ন্যায়ালয়ৰ দৃষ্টিগোচৰ হয় যে কোনো ধৰণৰ নিৰ্দেশনা বা এছ অ’ পিৰ অবিহনে এই ঘোষিত বিদেশীসকলে পুনৰ সমাজত বিলীন হ’ব আৰু ভাৰতীয় নাগৰিকৰ বিশেষাধিকাৰ তথা সা-সুবিধা লাভ কৰিব ৷ সেয়েহে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ দুজনীয়া বিচাৰপীঠে এই বিশেষ নিৰ্দেশনা প্ৰদান কৰে ৷

লগতে পঢ়ক : কংগ্ৰেছে ১৮ ডিচেম্বৰৰ পৰা অসমত বজাব লোকসভা নিৰ্বাচনৰ ৰণডংকা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.