ETV Bharat / state

কনিষ্টবল নিযুক্তি প্রক্রিয়া: গৃহ বিভাগ, ডিজিপিলৈ ন্যায়ালয়ৰ জাননী

author img

By

Published : May 13, 2022, 9:13 PM IST

উচ্চ ন্যায়ালয়ৰ মজিয়া পালেগৈ অসম আৰক্ষীৰ কনিষ্টবল নিযুক্তি প্ৰক্ৰিয়া (Assam police constable appointment)। শুকুৰবাৰে উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হ’ল একাংশ প্ৰার্থী । উচ্চ ন্যায়ালয়ে শুনানি গ্ৰহণ কৰি অসম আৰক্ষীৰ সঞ্চালক প্ৰধান, গৃহ বিভাগলৈ জাননী জাৰি কৰি অহা বৃহস্পতিবাৰৰ ভিতৰত এই সন্দৰ্ভত শপতনামা দাখিলৰ নিৰ্দেশনা জাৰি কৰিছে ।

Assam police constable appointment
গৃহ বিভাগ, ডিজিপিলৈ ন্যায়ালয়ৰ জাননী

গুৱাহাটী, 13 মে’: গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মজিয়া পালেগৈ অসম আৰক্ষীৰ কনিষ্টবল নিযুক্তি প্ৰক্ৰিয়া (Assam police constable appointment)। অসম আৰক্ষীৰ কনিষ্টবলৰ নিযুক্তি পত্ৰ প্ৰদানৰ প্ৰাকক্ষণত শুকুৰবাৰে উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হ’ল একাংশ প্ৰার্থী । উল্লেখ্য যে অসম আৰক্ষীৰ কনিষ্টবল পদৰ ফলাফল বৃহস্পতিবাৰে ঘোষণা কৰা হয় ।

৯১৭১ পদৰ বাবে আৰক্ষীৰ কনিষ্টবলৰ পৰীক্ষা অনুষ্ঠিত হৈছিল । ইয়াৰে ৬৬৬২ গৰাকী উত্তীৰ্ণ হৈছে । ইতিমধ্যে ভুৱা নথিপত্ৰ জমা দিয়াৰ কথা ফল্লেখ কৰি ৪১৪ গৰাকী প্ৰাৰ্থীক অযোগ্য ঘোষণা কৰা হৈছিল । এইসকলৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰিব বুলিও বৃহস্পতিবাৰে অসম আৰক্ষীৰ সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তই সদৰি কৰিছিল (Fake documents for Assam police constable post) । এই ৪১৪ গৰাকী প্ৰাৰ্থীৰ একাংশ প্ৰার্থীয়ে শুকুৰবাৰে উচ্চ ন্যায়লয়ত লেখ আবেদন দাখিল কৰি নিযুক্তি প্ৰক্ৰিয়াত ব্যাপক অনিয়মৰ অভিযোগ তুলিছে ।

এই সন্দৰ্ভত উচ্চ ন্যায়ালয়ে শুকুৰবাৰে শুনানি গ্ৰহণ কৰি অসম আৰক্ষীৰ সঞ্চালক প্ৰধান, গৃহ বিভাগলৈ জাননী জাৰি কৰি অহা বৃহস্পতিবাৰৰ ভিতৰত এই সন্দৰ্ভত শপতনামা দাখিল কৰাৰ নিৰ্দেশ দিছে (Court issues notice to DGP Assam police) । অভিযোগকাৰী প্ৰাৰ্থীসকলে লেখ আবেদনত উল্লেখ কৰা মতে ৪১৪ গৰাকী প্ৰাৰ্থীয়ে কনিষ্টবল নিযুক্তি প্ৰক্ৰিয়াত কোনো ভুৱা নথিপত্ৰ জমা দিয়া নাছিল ।

লগতে পঢ়ক: NEET PG-22 পৰীক্ষা স্থগিত ৰখা নহ'ব: উচ্চতম ন্যায়ালয়

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.