গুৱাহাটী, ১০ আগষ্ট:অৱশেষত কলকাতা আৰক্ষীয়ে বুধবাৰে কলকাতাত গৰ্গ চেটাৰ্জীক গ্ৰেপ্তাৰ কৰে(Garga Chatterjee arrest in Kolkata)। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ(Gauhati High Court) নিৰ্দেশৰ পিছত কলকাতা আৰক্ষীয়ে গৰ্গ চেটাৰ্জীক গ্ৰেপ্তাৰ কৰি কলকাতাৰ আদালতত হাজিৰ কৰে । অৱশ্য়ে আদালতে গৰ্গ চেটাৰ্জীক চৰ্ত সাপেক্ষে জামিন দিয়ে । আদালতে গৰ্গ চেটাৰ্জীক ১৭ ছেপ্টেম্বৰত কামৰূপ মেট্ৰ'ৰ মুখ্য ন্যায়িক দণ্ডাধীশ আদালতত হাজিৰ হোৱাৰ চৰ্ত সাপেক্ষে জামিন মঞ্জুৰ কৰে ।
উল্লেখ্য যে গৰ্গ চেটাৰ্জীয়ে অসমত আহোম ৰাজবংশ প্ৰতিষ্ঠা কৰা স্বৰ্গদেও চাউলুং চুকাফাৰ বিৰুদ্ধে কিছুমান আপত্তিজনক মন্তব্য কৰিছিল(Objectionable comments against Chaolung Sukapha)। ইয়াৰ বিৰুদ্ধে অসম আৰক্ষীৰ অপৰাধ শাখাই ২০২০ চনৰ অক্টোবৰত গৰ্গ চেটাৰ্জীৰ বিৰুদ্ধে এটা গোচৰ ৰুজু কৰিছিল আৰু বনশ্ৰী গগৈ নামৰ এজন অধিবক্তাই গৰ্গ চেটাৰ্জীৰ মন্তব্যৰ বিৰুদ্ধে উচ্চ ন্যায়ালয়ত এখন আবেদন দাখিল কৰিছিল । যোৱা ১৫ জুনত গোচৰটোৰ শুনানিৰ পিছত গুৱাহাটী উচ্চ ন্যায়ালয়ে পশ্চিম বংগৰ মুখ্য সচিব আৰু কলকাতাৰ আৰক্ষী আয়ুক্তক উত্তৰ দিবলৈ ছয় সপ্তাহৰ বাবে সময় দিছিল ।
উল্লেখ্য় যে গাৰ্গা চেটাৰ্জীয়ে প্ৰায় ৮০০ বছৰ আগতে অসমৰ সোণোৱাল ৰাজবংশ প্ৰতিষ্ঠা কৰা স্বৰ্গদেও চ্য়ুকাফাৰ বিৰুদ্ধে কিছুমান আপত্তিজনক মন্তব্য কৰিছিল । অৱশ্য়ে তেওঁ পিছত সামাজিক মাধ্যমত চৰ্তহীন ক্ষমা বিচাৰিছিল যদিও তেওঁৰ বিৰুদ্ধে ৰাজ্য়জুৰি প্ৰতিবাদ হৈছিল ।
লগতে পঢ়ক:Protest against Privatization of Postal: লখিমপুৰত ডাক কৰ্মচাৰীৰ ধৰ্মঘট