ETV Bharat / state

বিশিষ্ট গান্ধীবাদী নেত্ৰী হেম ভৰালীৰ দেহাৱসান - পদ্মশ্ৰী হেম ভৰালীৰ দেহাৱসান

ৰাজ্যৰ বিশিষ্ট গান্ধীবাদী, স্বাধীনতা সংগ্ৰামী নেত্ৰী পদ্মশ্ৰী হেম ভৰালীৰ দেহাৱসান । বুধবাৰে শৰণীয়াস্থিত বাসভৱনত শেষ নিশ্বাস ত্যাগ কৰে গান্ধীবাদী নেত্ৰী গৰাকীয়ে । 101 বছৰ বয়সত মৃত্যুবৰণ কৰে নেত্ৰীগৰাকীয়ে ৷

Gandhibadi leader hem bharali passes away guwahati
হেম ভৰালীৰ দেহাৱসান
author img

By

Published : Apr 29, 2020, 8:00 PM IST

গুৱাহাটী,29 এপ্ৰিলঃ ১৯১৯ চনত জন্ম গ্ৰহণ কৰা ৰাজ্যৰ বিশিষ্ট গান্ধীবাদী, স্বাধীনতা সংগ্ৰামী নেত্ৰী পদ্মশ্ৰী হেম ভৰালীয়ে বুধবাৰে শৰণীয়াস্থিত বাসভৱনত শেষ নিশ্বাস ত্যাগ কৰে । দেশৰ স্বাধীনতা সংগ্ৰামৰ লগত জড়িত গান্ধীবাদী নেত্ৰীগৰাকীয়ে মহিলা সবলীকৰণৰ লগতে বহু সামাজিক কৰ্মৰ লগত জড়িত আছিল । ১০১ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰা ভৰালী বিগত ৫ মাহে বাৰ্ধক্যজনিত কাৰণত নেমকেয়াৰ হাস্পতালত চিকিৎসাধীন হৈ আছিল ৷ মৃত্যুৰ কিছুদিন পূৰ্বে চিকিৎসালয়ৰ পৰা ঘৰলৈ অহা নেত্ৰীগৰাকীয়ে ১৯৫০ চনৰ ভূমিকম্পৰ লগতে ১৯৬২ চনৰ ভাৰত-চীন যুদ্ধৰ সময়ত ৰাইজক সাহায্য প্ৰদানৰ ক্ষেত্ৰত সক্ৰিয় ভূমিকা গ্ৰহণ কৰিছিল । হেম ভৰালী কস্তুৰবা আশ্ৰমৰ লগতে খাদী ব’ৰ্ডৰ লগত জড়িত আছিল । মৃত্যুৰ পূৰ্বে গান্ধীবাদী নেত্ৰী গৰাকীয়ে দেহদান কৰিছিল ৷ সম্প্ৰতি ভৰালীৰ নশ্বৰদেহ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰা হৈছে ৷

হেম ভৰালীৰ দেহাৱসান

গান্ধীবাদী নেত্ৰী গৰাকীৰ সমাজৰ প্ৰতি থকা অৱদানৰ বাবে ২০০৫ চনত ভাৰত চৰকাৰে পদ্মশ্ৰী বঁটাৰে সন্মানিত কৰে । আন বহুকেইটা গুৰুত্বপূৰ্ণ বঁটাৰে সন্মানিত গান্ধীবাদী নেত্ৰী গৰাকীৰ মৃত্যুত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে গভীৰ শোক প্ৰকাশ কৰাৰ লগতে সম্পূৰ্ণ ৰাজ্যিক মৰ্যাদাৰে প্ৰতীকীভাৱে শেষকৃত্য সম্পন্ন কৰাৰ বাবে যাৱতীয় পদক্ষেপ গ্ৰহণ কৰিবলৈ মুখ্য সচিবক নিৰ্দেশ দিছে ।

লগতে চাওকঃ কোভিড-১৯ ৰ ভেকচিন তৈয়াৰৰ দিশে আইআইটি গুৱাহাটী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.