ETV Bharat / state

Gambling in Guwahati : মহানগৰীত ৬ তীৰৰ বুকি গ্ৰেপ্তাৰ

তীৰ জুৱা খেলৰ বিৰুদ্ধে এইবাৰ মহানগৰ আৰক্ষীৰ অভিযান ৷ মধ্য আৰক্ষীৰ বিশেষ অভিযানকাৰী SOG দল আৰু নুনমাটি আৰক্ষীৰ যুটীয়া অভিযানত ৬ জন তীৰৰ বুকিক গ্ৰেপ্তাৰ ৷ ধৃত জুৱাৰী কেইটাৰ পৰা উদ্ধাৰ তীৰ খেলৰ সৈতে জড়িত সামগ্ৰী(Gambling in Guwahati) ৷

author img

By

Published : Mar 24, 2022, 10:33 PM IST

Gambler arrested in Guwahati
মহানগৰীত ৬ তীৰৰ বুকি গ্ৰেপ্তাৰ

গুৱাহাটী,২৪ মাৰ্চ: গুৱাহাটী মহানগৰীৰ ভিন্ন প্ৰান্তত অবাধে চলি থকা তীৰ-জুৱা খেলৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে মহানগৰ আৰক্ষীয়ে (Mission against Gambling in Guwahati) । এক গোপন সূত্ৰৰ পম খেদি মধ্য আৰক্ষীৰ বিশেষ অভিযানকাৰী SOG দল আৰু নুনমাটি আৰক্ষীয়ে বৃহস্পতিবাৰে বিয়লি ভাগত যুটীয়া অভিযান চলাই নুনমাটি গোপাল নগৰৰ পৰা গ্ৰেপ্তাৰ কৰে ৬ জন তীৰৰ বুকিক (Gambler arrested in Guwahati) ।

আৰক্ষীয়ে কৰায়ত্ব কৰা ধৃত বুকি কেইটা হৈছে ক্ৰমে নুনমাটিৰ ভূপেন শইকীয়া,জয়ন্ত শইকীয়া,ৰূপম বসুমতাৰী,ৰাজেন দাস,ৰাকেশ কলিতা,আৰু মহম্মদ আশ্রফুল ইছলাম বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে । বৃহস্পতিবাৰে আৰক্ষীয়ে চলোৱা এই অভিযানত ধৃত জুৱাৰী কেইটাৰ পৰা তীৰ খেলত ব্যৱহৃত ৭ টাকৈ মোবাইল ফোন আৰু নগদ ৩৪,৬১০ টকা জব্দ কৰে । ইতিমধ্যে, নুনমাটি থানাত উক্ত ৬ তীৰ বুকিৰ বিৰুদ্ধে ৰুজু কৰা হৈছে এটি গোচৰ ।

লগতে পঢ়ক : বিলাসীপাৰাত ঝাণ্ডি মুণ্ডা জুৱাৰ বিৰুদ্ধে প্ৰশাসনৰ অভিযান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.