ETV Bharat / state

জুৱাৰীৰ বিৰুদ্ধে গুৱাহাটী আৰক্ষীৰ ধাৰাবাহিক অভিযান

author img

By

Published : Nov 4, 2021, 6:46 PM IST

গুৱাহাটী আৰক্ষীয়ে ধাৰাবাহিকভাৱে অবৈধ জুৱাৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে । বিগত দুদিন ধৰি নুনমাটি-সাতগাঁও অঞ্চলৰ পৰা কেইবাজনো জুৱাৰী আটক কৰাৰ লগতে জুৱাৰ সামগ্ৰী জব্দ কৰিছে আৰক্ষীয়ে ।

Gambler
জুৱাৰীৰ বিৰুদ্ধে গুৱাহাটী আৰক্ষীৰ ধাৰাবাহিক অভিযান

গুৱাহাটী,৪ নৱেম্বৰ : পোহৰৰ উৎসৱ দীপাৱলী (Diwali) আৰু কালী পূজাৰ গইনা লৈ মহানগৰীৰ বিভিন্ন প্ৰান্তত অসাধু চক্ৰই আৰম্ভ কৰিছে জুৱা খেল । যাৰ বাবে জুৱাৰীৰ (Gambler) বিৰুদ্ধে ধাৰাবাহিকভাৱে অভিযান আৰম্ভ কৰিছে মহানগৰ আৰক্ষীয়ে । বুধবাৰে নিশা সাতগাঁও আৰক্ষী থানাৰ অন্তৰ্গত পাঞ্জাবাৰী বতাহঘুলি অঞ্চলত আৰক্ষীয়ে অভিযান চলাই জুৱাৰ সামগ্ৰীসহ ৬ জন জুৱাৰীক গ্ৰেপ্তাৰ কৰে ।

আৰক্ষীৰ জালত পৰা ধৃত জুৱাৰী কেইজন ক্ৰমে প্ৰাঞ্জল ঠাকুৰীয়া, নিপুল কোচ, মিন্টু ঠাকুৰীয়া, দ্বীপজ্যোতি দাস, দীপক কুমাৰ সিনহা আৰু চাইজুদ্দিন আলী । আৰক্ষীৰ এই অভিযানত নগদ ধন, জুৱাৰ সামগ্ৰী জব্দ কৰে । বৃহস্পতিবাৰে আটাইকেইজন জুৱাৰীক আৰক্ষীয়ে আদালতত হাজিৰ কৰি জেললৈ প্ৰেৰণ কৰে ।

ইফালে নুনমাটি আৰক্ষীয়েও যোৱা নিশা নাৰেংগীৰ ৰেল লাইনৰ সমীপত মুকলি জুৱাৰ ঘাটিত অভিযান চলাই ৪ জন জুৱাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় । ধৃত জুৱাৰী কেইজন হৈছে ৰঞ্জন হৰিজন, মহম্মদ জৰীফ আলি, মহম্মদ মইনাল আলি আৰু মহম্মদ ছাদ্দাম হুছেইন । ধৃত জুৱাৰী কেইজনৰ পৰা আৰক্ষীয়ে জব্দ কৰে জুৱা খেলৰ বিভিন্ন সামগ্ৰী, ম'বাইল ফোন আৰু নগদ ধন ।

ইফালে বৃহস্পতিবাৰে পুৱাৰ ভাগত নুনমাটি আৰক্ষীয়ে পাথৰকুৱেৰী অঞ্চলৰ পৰাও দুজন জুৱাৰী আটক কৰে । উল্লেখ্য যে শেহতীয়া দুটা দিনত নুনমাটি, সাতগাঁও অঞ্চলৰ কেইবাটাও স্থানত আৰক্ষীয়ে অবৈধ জুৱাৰ বিৰুদ্ধে অভিযান চলাইছে আৰু বহু জুৱাৰী লগতে জুৱাৰ সামগ্ৰী জব্দ কৰিছে । ইফালে দীপাৱলীৰ সময়ত এই অবৈধ জুৱা বহু স্থানত গঢ়ি উঠে বুলিও এক অভিযোগ উত্থাপন হৈ আহিছে ।

লগতে পঢ়ক :গুৱাহাটী আৰক্ষীৰ জালত ৯ জনকৈ জুৱাৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.