গুৱাহাটী 1 জুনঃ শনিবাৰে চবে কদৰ উপলক্ষে অসম গণ পৰিষদৰ উদ্যোগত মহানগৰীৰৰ আমবাৰীস্থিত বুঢ়া জামে মছজিদত আয়োজন কৰা হয় ইফটাৰ পাৰ্টিৰ৷ শনিবাৰৰ ইফটাৰ পাৰ্টিত অংশ গ্ৰহণ কৰে অসম গণ পৰিষদৰ কেইবাজনো জ্যেষ্ঠ নেতাই।
এই ইফটাৰত ভাগ লয় অগপৰ জ্যেষ্ঠ নেতা তথা নৱনিৰ্বাচিত ৰাজ্যসভাৰ সাংসদ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যই৷ সাংসদ জনক সম্বৰ্ধনা জনাই বুঢ়া জামে মছজিদ সমিতিয়ে৷ উল্লেখ্য যে এই ইফটাৰ পাৰ্টিত অংশ গ্ৰহণ কৰে মন্ত্ৰী কেশৱ মহন্তৰ লগতে অগপৰ নেতা নুৰুল ইছলাম, মনোজ কলিতাৰ লগতে বিশিষ্ট সাংবাদিক হাইদৰ হুছেইনে৷ প্ৰতিজন ইছলাম ধৰ্মাৱলম্বী লোকক ত্যাগ আৰু সংযমৰ মাহ বুলি উল্লেখ কৰি ৰমজানৰ শুভেচ্ছা জ্ঞাপন কৰে অগপৰ নেতা সকলে৷