ETV Bharat / state

বিটিচি নিৰ্বাচনৰ ফলাফলে নিৰ্ণয় কৰিব অগপ-বিজেপিৰ মিত্ৰতাৰ ভৱিষ্যত

বিজেপিৰ এক দায়িত্বশীল সূত্ৰই ইটিভি ভাৰতক জনোৱা মতে ২০২১ ত অগপৰ সৈতে বিজেপিৰ মিত্ৰতা বাহাল থাকিব নে নাথাকে সেয়া স্পষ্ট হ’ব ১২ ডিচেম্বৰৰ পিছতহে । কিয়নো বিটিচিৰ নিৰ্বাচনী ফলাফলৰ ওপৰতহে নিৰ্ভৰ কৰিব বিজেপি-অগপৰ মিত্ৰতাৰ ভৱিষ্যত ।

agp and bjp alliance
বিটিচি নিৰ্বাচনৰ ফলাফলে নিৰ্ণয় কৰিব অগপ-বিজেপিৰ মিত্ৰতাৰ ভৱিষ্যত
author img

By

Published : Dec 4, 2020, 10:26 PM IST

গুৱাহাটী, ৪ নৱেম্বৰ : ইতিমধ্যে আঞ্চলিকতাবাদ, জাতীয়তাবাদ আদি বিসৰ্জন দি বিজেপিৰ কোলাত উঠা অসম গণ পৰিষদৰ বাবে এতিয়া অঘোষিত অভিভাৱক হৈছে বিজেপি । বিজেপিৰ শ্ৰুতলিপিতে এতিয়া অগপ উঠা বহা কৰিবলৈ বাধ্য । আনকি আগন্তুক বিধানসভা নিৰ্বাচনতো বিজেপিক নোসোধাকৈ অগপৰ বহু জ্যেষ্ঠ নেতা এতিয়াও নিজৰ প্ৰাৰ্থিত্ব সম্পৰ্কে নিশ্চিত হ’ব পৰা নাই । অগপই ইতিমধ্যে ঘোষণা কৰি থৈছে যে ৰাজ্যৰ কমেও ৮৪ টা সমষ্টিত বিভিন্ন সময়ত অগপৰ প্ৰাৰ্থী জয়ী হৈছিল । গতিকে এই ৮৪ টা সমষ্টি এইবাৰ অগপই বিশেষভাৱে বাছি উলিয়াইছে আৰু সেইকেইটা সমষ্টি পুনৰ নিজৰ দখললৈ আনিবলৈ চেষ্টা অব্যাহত ৰাখিছে ।

কিন্তু কাৰ্যতঃ প্ৰকৃত ছবিখন মুঠেও তেনেকুৱা নহয় । ৮৪ টা সমষ্টিৰ কথা অগপ নেতৃত্বই ৰাজহুৱাকৈ কৈ থাকিলেও আচলতে ৪০ টা সমষ্টিতহে অগপই তৎপৰতা আৰম্ভ কৰিছে আৰু লক্ষ্য হিচাপে ধৰি লৈছে । এই ৪০ টা সমষ্টিৰ ভিতৰত আধাতকৈও কম সংখ্যক আসনহে বিজেপিয়ে অগপক এৰি দিয়াৰ সম্ভাৱনা আছে ২০২১ ৰ নিৰ্বাচনত ।

তাতোকৈ ডাঙৰ কথা, বিজেপিৰ এক দায়িত্বশীল সূত্ৰই ইটিভি ভাৰতক জনোৱা মতে ২০২১ ত অগপৰ সৈতে বিজেপিৰ মিত্ৰতা বাহাল থাকিব নে নাথাকে সেয়া স্পষ্ট হ’ব ১২ ডিচেম্বৰৰ পিছতহে । কিয়নো বিটিচিৰ নিৰ্বাচনী ফলাফলৰ ওপৰতহে নিৰ্ভৰ কৰিব বিজেপি-অগপৰ মিত্ৰতাৰ ভৱিষ্যত । যিমানেই আগ্ৰাসী ৰূপ নলওক কিয়, বিজেপিয়ে অকলেই বিটিআৰত পৰিষদ গঠন কৰিব পাৰিব বুলি এতিয়াও এশ শতাংশ নিশ্চিত হ’ব পৰা নাই ।

যদিহে বিটিআৰৰ ফলাফল বিজেপিয়ে ভবাৰ দৰে নহয় তেন্তে অগপৰ সৈতে বিধানসভা নিৰ্বাচনত বন্ধুত্ব অটুত থাকিব । কিন্তু যদিহে বিটিআৰত বিজেপিয়ে অকলেই পৰিষদ গঠন কৰিবলৈ সক্ষম হয় তেন্তে অগপই হয়তো দহখন আসনো বিজেপিৰ পৰা লাভ নকৰিব পাৰে । বিটিআৰৰ ফলাফল ভাল হ'লে বিজেপিয়ে অগপক একেবাৰে গুৰুত্বহীন কৰি পেলোৱাৰ লগতে হয়তো মিত্ৰতাৰো কোনো সম্পৰ্ক নাৰাখিব পাৰে ।

লগতে পঢ়ক : নিৰ্বাচনী সভাত গায়কৰ ৰূপত বিজেপিৰ সভাপতি ৰঞ্জিত দাস

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.