ETV Bharat / state

বিবাহিতা মহিলাক পলুৱাই নি ৰঙাঘৰৰ আলহী হ'ল ভণ্ড প্ৰেমিক - বিবাহ-বিচ্ছেদ

পূৰ্বৰ পত্নীৰ সৈতে বিবাহ-বিচ্ছেদ নোহোৱাকৈ তথা পত্নীক অজ্ঞাতে ৰাখি ভণ্ড অঞ্জন ডেকাই মালিগাঁৱৰ দুটি সন্তানৰ মাতৃ এগৰাকী মহিলাক পলুৱাই নি বিবাহপাশত আৱদ্ধ হৈছিল ৷ অঞ্জন ডেকাৰ ভুক্তভোগী পত্নীয়ে জানিবলৈ দিয়া মতে,মহিলাগৰাকীৰ সৈতে মিলি অঞ্জন ডেকাই তেওঁৰ সকলো সা-সামগ্ৰী লৈ লৈছিল ৷তাৰোপৰি পূৰ্বতেও এগৰাকী যুৱতীক পলুৱাই নিছিল ভণ্ড অঞ্জন ডেকাই ৷

Fraud Love Case at Guwahati
বিবাহিতা মহিলাক পলুৱাই নি ৰঙাঘৰৰ আলহী হ'ল ভণ্ড প্ৰেমিক
author img

By

Published : Aug 21, 2020, 8:08 PM IST

গুৱাহাটী, 21আগষ্টঃ এশ গৰু মাৰিলে বাঘৰো মৰণ ৷ তাৰেই প্ৰতিফলন ঘটিল শুকুৰবাৰে ৷ বহু সুন্দৰী যুৱতী-মহিলাক প্ৰেমৰ জালত পেলাই অৱশেষত ৰঙাঘৰৰ আলহী হ'ল নলবাৰীৰ অঞ্জন ডেকা নামৰ এজন ভণ্ড প্ৰেমিক তথা এটি সন্তানৰ পিতৃ ৷ জানিব পৰা মতে, পূৰ্বৰ পত্নীৰ সৈতে বিবাহ-বিচ্ছেদ নোহোৱাকৈ তথা পত্নীক অজ্ঞাতে ৰাখি ভণ্ড অঞ্জন ডেকাই মালিগাঁৱৰ দুটি সন্তানৰ মাতৃ এগৰাকী মহিলাক প্ৰেমৰ জালত পেলাই পলুৱাই নি বিবাহপাশত আবদ্ধ হৈছিল ৷ অঞ্জন ডেকাৰ ভুক্তভোগী পত্নীয়ে জানিবলৈ দিয়া মতে, মহিলাগৰাকীৰ সৈতে মিলি অঞ্জন ডেকাই তেওঁৰ সকলো সা-সামগ্ৰী লৈ লৈছিল ৷ তাৰোপৰি পূৰ্বতেও এগৰাকী যুৱতীক পলুৱাই নিছিল ভণ্ড অঞ্জন ডেকাই ৷

বিবাহিতা মহিলাক পলুৱাই নি ৰঙাঘৰৰ আলহী হ'ল ভণ্ড প্ৰেমিক

ইপিনে, প্ৰৱঞ্চক অঞ্জন ডেকাৰ পত্নীয়ে নিজ স্বামীৰ পুনৰ এনে কু-কৰ্মৰ কথা গম পাই জালুকবাৰী থানাত দাখিল কৰে এজাহাৰ ৷ ঘটনা সন্দৰ্ভত ৯১০/২০২০ নম্বৰত গোচৰ ৰুজু কৰি আৰক্ষীয়ে বৃহস্পতিবাৰে জালুকবাৰীৰ সুন্দৰবড়ীৰ পৰা অঞ্জন ডেকাক গ্ৰেপ্তাৰ কৰে ৷ আনহাতে,অঞ্জন ডেকাক কঠোৰ শাস্তি দিবলৈ এতিয়া দাবী জনাইছে মহিলাগৰাকীৰ স্বামীসহ ভুক্তভোগী পত্নীয়ে ৷

লগতে পঢ়কঃ নাবালকক যৌন উৎপীড়নৰ অভিযোগত উড়িশা আৰক্ষীৰ জালত ব্ৰিটিছ নাগৰিক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.