গুৱাহাটী, 8 অক্টোবৰ : বামুনিমৈদাম ৰেলৱে কলনীৰ আবাসিক এলেকাৰ বাসিন্দা তথা ৰেল বিভাগৰ কৰ্মচাৰী আৰতি হৰিজনৰ ঘৰত ভৰ দুপৰীয়া ওলাল আহি দুজনকৈ লোক ৷ নিজকে পৰিচয় দিলে পতঞ্জলীৰ কৰ্মচাৰী বুলি । প্ৰথমে পতঞ্জলীৰ সামগ্ৰী ব্যৱহাৰ সন্দৰ্ভত শোধ পোচ কৰি লোক দুজনে মহিলা গৰাকীৰ ভৰিত থকা পায়েল জোৰ পৰিষ্কাৰ কৰি দিয়ে ৰাসায়নিক দ্ৰব্যৰে ।
ইয়াৰ পিছতে বিশেষ কায়দাৰে হিন্দী ভাষী লোক দুজনে মহিলাগৰাকীৰ পৰা দুডাল সোণৰ চেইন, তিনিটা সোণৰ হাতৰ আঙুঠি, দুজোৰ সোণৰ কাণফুলি এটা বাটিত ৰাখিবলৈ দি চাফ চিকুণ কৰে । কেৱল ইমানেই নহয় অধিক ৰাসায়নিক দ্ৰব্য সংমিশ্ৰণ কৰি 15 মিনিটৰ বাবে বাটিটো ফ্ৰীজত ৰাখিবলৈকো পৰামৰ্শ দিয়ে লোক দুজনে ।
কথা মতেই কাম, মহিলাগৰাকীয়েও বিশেষ নভৱাকৈ অলংকাৰ থকা বাটিটো ফ্ৰীজত ভৰাই থৈ দিলে । কিন্তু, ইয়াৰ মাজতে কৌশলেৰে ঘটনাস্থলীৰ পৰা আতৰি যায় লোক দুজন । 15 মিনিট পিছত আৰতি হৰিজনে বাটিটো ফ্ৰীজৰ পৰা উলিয়াই আনিলে ৷ পিছে এইবাৰ বাটি দেখি হতবাক হ’ল মহিলা গৰাকী , কিয়নো বাটিটোত নাছিল এপদো গহনা ৷
ইয়াৰ লগে লগে ভুক্তভোগী মহিলাগৰাকীয়ে গীতানগৰ আৰক্ষী থানাত উপস্থিত হৈ এই সন্দৰ্ভত দাখিল কৰে এখন এজাহাৰ । ইতিমধ্যে সমগ্ৰ ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে যদিও এই মূহুৰ্তলৈকে কোনো লোককেই আটক কৰিবলৈ সক্ষম হোৱা নাই আৰক্ষী । শাৰদীয় দুৰ্গা পূজাৰ গইনা লৈ মহানগৰীত এইদৰেই এতিয়া প্ৰৱেশ কৰিছে ঠগ প্ৰবঞ্চকৰ বিভিন্ন দলে । দুৰ্গা পূজাৰ প্ৰাক মূহুৰ্তত বিশেষ কায়দাৰে প্ৰৱঞ্চকৰ দলটোৱে আ-অলংকাৰ, সা-সম্পত্তি লৈ উধাও হোৱা ঘটনা দেখাৰ পিছত এতিয়া অচিন কাঠৰ থোৰা ব্যৱহাৰ কৰাৰ আগত আপুনিও হওক সাৱধান ৷
লগতে পঢ়ক : ক’ত নিৰ্মাণ হৈছে 100 উচ্চতাৰ ৰাৱণৰ প্ৰতিমূৰ্তি ?