গুৱাহাটী, ১৬ জানুৱাৰী : ৰাজ্যত পুনৰ ভয়াৱহ ৰূপ ধাৰণ কৰিছে ক’ভিড-19 এ ৷ সমগ্ৰ দেশৰ লগতে অসমৰো বহুকেইজন হাই প্ৰফাইল লোকৰ দেহত ধৰা পৰিছে ক’ভিড-19 ৰ উপস্থিতি ৷ এইবাৰ প্ৰাক্তন কেন্দ্ৰীয় ৰাজ্যিক ৰে’লমন্ত্ৰী ৰাজেন গোঁহাইৰ দেহত ধৰা পৰিল ক’ভিড-19 ৰ উপস্থিতি (Rajen Gohain tested covid positive) ৷
দেওবাৰে ক'ভিড পৰীক্ষা কৰোৱাৰ পিছতে প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰীগৰাকী কৰ’ণাত আক্ৰান্ত হোৱাৰ কথা জানিব পৰা যায় ৷ আৰ টি পি চি আৰ পৰীক্ষা কৰা হয় প্ৰাক্তন কেন্দ্ৰীয় ৰে’লমন্ত্ৰী ৰাজেন গোঁহাইৰ । বৰ্তমান ঘৰতে আছুতীয়াকৈ আছে বিজেপিৰ জ্যেষ্ঠ নেতা তথা অসম চৰকাৰৰ অসম খাদ্য আৰু অসামৰিক যোগান নিগমৰ (পৰিসীমিত) অধ্যক্ষগৰাকী ।
উল্লেখ যে, ক'ভিডৰ তৃতীয় ঢৌত বহু ৰাজনীতিক আক্ৰান্ত হৈছে । পত্নীসহ ৰাজ্যপাল জগদীশ মুখীৰ উপৰিও বিধায়ক অখিল গগৈ পৰিয়ালসহ ক'ভিড 19 ত আক্ৰান্ত হৈছে । মন্ত্ৰী পীযুষ হাজৰিকাকে ধৰি বহুকেইজন ৰাজনীতিক ক'ভিড 19 ত আক্ৰান্ত হৈ ইতিমধ্যে সুস্থ হৈছে ।
লগতে পঢ়ক: Assam State Zoo : দুপালি ভেকচিন ল’লেহে প্ৰৱেশ কৰিব পাৰিব চিৰিয়াখানাত