গুৱাহাটী, ১৮ ছেপ্টেম্বৰ: মুখ্যমন্ত্ৰী তদাৰকী কোষৰ চমনৰ ভিত্তিত মঙলবাৰে তদাৰকী শাখাৰ কাৰ্যালয়ত উপস্থিত হ’ব প্ৰাক্তন সাংসদ ৰাণী নৰহ ৷ আজি অৰ্থাৎ সোমবাৰে গুৱাহাটীত এখন সংবাদমেল সম্বোধন কৰি এই কথা স্পষ্ট কৰি দিয়ে প্ৰাক্তন সাংসদ ৰাণী নৰহে ৷ উল্লেখ্য যে, ২০১৩-১৪ বৰ্ষত সাংসদ উন্নয়ন পুঁজিৰ ব্যয়ত খেলিমেলিৰ অভিযোগৰ তদন্তৰ বাবে প্রাক্তন সাংসদ ৰাণী নৰহলৈ মুখ্যমন্ত্ৰীৰ তদাৰকী কোষে চমন জাৰি কৰিছে ৷ ইয়াৰ পাচতেই আজি এই সন্দৰ্ভত স্পষ্টীকৰণ দিবলৈ প্ৰাক্তন সাংসদ ৰাণী নৰহে আজি গুৱাহাটীত এখন সংবাদমেল সম্বোধন কৰে ।
ৰাণী নৰহে স্বামী তথা কংগ্ৰেছ বিধায়ক ভৰত নৰহৰ লগত যৌথভাৱে সংবাদমেলখন সম্বোধন কৰি কয়, "সেই সময়ত লখিমপুৰ, ধেমাজি, তিনিচুকীয়া, যোৰহাট জিলাৰ দায়িত্বত আছিলোঁ মই । সাংসদ পুঁজিৰ ধন জিলাৰ উপায়ুক্তৰ হাতত দিব লাগে আৰু সেই অনুসৰি মই জিলা উপায়ুক্তলৈ প্ৰেৰণ কৰিছিলোঁ ৷ তেওঁলোকে নিবিদা আহ্বান কৰি সেই অনুসৰি কামৰ দায়িত্ব প্ৰদান কৰে ৷"
তেওঁ লগতে কয়, "তদানীন্তন জিলা উপায়ুক্তইহে সাংসদ পুঁজিৰ ব্যয়ৰ তথ্য জানিব । এয়া মোৰ বিৰুদ্ধে ৰাজনৈতিক ষড়যন্ত্ৰ চলিছে । ইতিমধ্যে কাইলৈ মোক চিএম ভিজিলেন্সত হাজিৰ হোৱা নিৰ্দেশ দিয়া হৈছে ৷" উল্লেখ্য দুদিন পূৰ্বে অৰ্থাৎ ১৬ ছেপ্টেম্বৰত ৰাণী নৰহক চমন জাৰি কৰিছিল চিএম ভিজিলেন্সে । ০৪/২০১৭ নম্বৰত ৰুজু হোৱা এটা গোচৰৰ ভিত্তিত এই চমন জাৰি কৰা হৈছে । দুৰ্নীতি নিবাৰক আইন, ১৯৮৮ৰ অধীনত IPC 120(B)/ 468/ 471/ 409 আৰু R/W Sec. 13(2) ধাৰাত ৰুজু হৈছিল গোচৰটো ।
ইফালে সংবাদমেলত বিধায়ক তথা ৰাণী নৰহৰ স্বামী ভৰত নৰহে কয়, "মুখ্যমন্ত্ৰীৰ ভূমি-ৰাজসাহায্য কেলেংকাৰী তল পেলাবলৈ বিজেপি চৰকাৰে এনে কাম কৰিছে । বৃটিছৰ লাথি-গোৰলৈ কংগ্ৰেছে ভয় কৰা নাছিল আৰু নকৰে । আমাৰ বাবে দেশ, জাতি আগত । সেয়ে আমি যুঁজ দিম ।" আনহাতে বিজেপি বিধায়ক মানৱ ডেকাৰ বিৰুদ্ধে সৰৱ হৈ ভৰত নৰহে কয়, মুখ্যমন্ত্ৰীৰ পৰিবাৰেই আগতে ভূমি দখল কৰি নীতি-নিয়ম উলংঘা কৰিছিল । ইতিমধ্যে লখিমপুৰ জিলা প্ৰশাসনে উচ্চ ন্যায়ালয়ত শপতনামা দি আমাৰ ওপৰত থকা অভিযোগৰ উত্তৰ দিছে । মানৱ ডেকাই এনেধৰণৰ নিজে বিজেপিয়ে কৰা নীতিবিৰোধী কামবোৰ উদঙাই দিছে ।"
উল্লেখযোগ্য যে কিছুদিন পূৰ্বে বিধায়ক মানৱ ডেকাই ভূমি কেলেংকাৰীৰ লগত জড়িত বুলি অভিযোগ উত্থাপন কৰিছিল । তাৰ পিচত ভৰত নৰহে সংবাদমেল সম্বোধন কৰি আধা কঠা মাটিও অবৈধভাৱে দখল কৰা নাই বুলি উল্লেখ কৰিছিল । এইসমূহ বিষয়ত ভৰত নৰহে মাত মাতি থকাৰ বাবেই তেওঁৰ পত্নীৰ বিৰুদ্ধে এনেধৰণ এক প্ৰকাৰ ষড়যন্ত্ৰ কৰা বুলি তেওঁলোকে সংবাদমেল উল্লেখ কৰে ।