গুৱাহাটী, 03 ছেপ্তেম্বৰঃ মঙলবাৰে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ সংবাদমেল ৷ এন আৰ চি প্ৰকাশৰ পাছতেই ৰাজ্যৰ বিভিন্ন দল সংগঠনৰ মাজত সৃষ্টি হোৱা অসন্তুষ্টিৰ কথা উল্লেখ কৰি কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে এন আৰ চিৰ প্ৰক্ৰিয়াটোক গুৰুত্ব প্ৰদান নকৰাৰ ফলতেই এনে পৰিস্থিতিৰ সৃষ্টি হৈছে বুলি মন্তব্য কৰে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে ৷ লগতে এন আৰ চি সন্দৰ্ভত গৃহমন্ত্ৰী অমিত শ্বাহ কিয় মনে মনে আছে বুলিও অভিযোগ উত্থাপন কৰে গগৈয়ে ৷ আনহাতে এন আৰ চিৰ চূড়ান্ত তালিকাৰ পৰা লাখ লাখ লোক বিদেশী বুলি চিনাক্ত হোৱাৰ পাছতো হিমন্ত বিশ্ব শৰ্মাই কিয় এওঁলোক বিদেশী নহয় বুলি ইমান স্পষ্টকৈ মন্তব্য কৰি আছে বুলি গগৈয়ে প্ৰশ্ন কৰে ৷ গতিকে হিমন্ত বিশ্ব শৰ্মাই অসমৰ ৰাইজক বুৰ্বক বনাব বিচাৰিছে বুলিও প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীয়ে মন্তব্য কৰে ৷ ইয়াৰোপৰি টীয়ক চাহ বাগিচাত ডাঃ দেবেন দত্তৰ হত্যাৰ প্ৰতিবাদ কৰি চিকিৎসক সকলৰ নিৰাপত্তাৰ ক্ষেত্ৰত আইন প্ৰস্তুত কৰাৰ দাবী উত্থাপন কৰে ৷
হিমন্তই অসমবাসীক বুৰ্বক বনাব বিচাৰিছে ! - হিমন্ত বিশ্ব শৰ্মা
প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ সংবাদমেল অনুষ্ঠিতঃ এন আৰ চি সন্দৰ্ভত গৃহ মন্ত্ৰী অমিত শ্বাহ কিয় মনে মনে আছে ? এন আৰ চিৰ চূড়ান্ত তালিকাৰ পৰা লাখ লাখ লোক বিদেশী বুলি চিনাক্ত হোৱাৰ পাছতো হিমন্ত বিশ্ব শৰ্মাই কিয় এওঁলোক বিদেশী নহয় বুলি ইমান স্পষ্টকৈ মন্তব্য কৰি আছে ?
গুৱাহাটী, 03 ছেপ্তেম্বৰঃ মঙলবাৰে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ সংবাদমেল ৷ এন আৰ চি প্ৰকাশৰ পাছতেই ৰাজ্যৰ বিভিন্ন দল সংগঠনৰ মাজত সৃষ্টি হোৱা অসন্তুষ্টিৰ কথা উল্লেখ কৰি কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে এন আৰ চিৰ প্ৰক্ৰিয়াটোক গুৰুত্ব প্ৰদান নকৰাৰ ফলতেই এনে পৰিস্থিতিৰ সৃষ্টি হৈছে বুলি মন্তব্য কৰে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে ৷ লগতে এন আৰ চি সন্দৰ্ভত গৃহমন্ত্ৰী অমিত শ্বাহ কিয় মনে মনে আছে বুলিও অভিযোগ উত্থাপন কৰে গগৈয়ে ৷ আনহাতে এন আৰ চিৰ চূড়ান্ত তালিকাৰ পৰা লাখ লাখ লোক বিদেশী বুলি চিনাক্ত হোৱাৰ পাছতো হিমন্ত বিশ্ব শৰ্মাই কিয় এওঁলোক বিদেশী নহয় বুলি ইমান স্পষ্টকৈ মন্তব্য কৰি আছে বুলি গগৈয়ে প্ৰশ্ন কৰে ৷ গতিকে হিমন্ত বিশ্ব শৰ্মাই অসমৰ ৰাইজক বুৰ্বক বনাব বিচাৰিছে বুলিও প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীয়ে মন্তব্য কৰে ৷ ইয়াৰোপৰি টীয়ক চাহ বাগিচাত ডাঃ দেবেন দত্তৰ হত্যাৰ প্ৰতিবাদ কৰি চিকিৎসক সকলৰ নিৰাপত্তাৰ ক্ষেত্ৰত আইন প্ৰস্তুত কৰাৰ দাবী উত্থাপন কৰে ৷
# এন আৰ চি ক লৈ চাৰিওফালৰ পৰা প্ৰতিবাদৰ যোৱাৰ উঠিছে। এই প্ৰতিবাদ কেৱল এটা শ্ৰেণীতে সীমাবদ্ধ নহয়। সকলো শ্ৰেণী মানুহেই ক্ষোভ প্ৰকাশ কৰিছে। এনে ক্ষোভ প্ৰকাশ আগতে হোৱা নাছিলে। অসম চৰকাৰ আৰু কেন্দ্ৰ চৰকাৰে গুৰুত্ব নিদিয়াৰ ফলত আজি এনে এটা অৱস্থাৰ সৃষ্টি হৈছে। ইয়াৰ ফলত ভাৰতীয় বহু নাগৰিক সকলৰ মাজত দিনে নিশাই দুশ্চিন্তাৰ মাজত ঠাকিব লগীয়া হৈছে। যেতিয়া লৈকে বিদেশী বুলি চিনাক্ত নহয় তেতিয়ালৈকে ফৰেনাৰ তৃবোনেল লৈ পঠাব নোৱাৰে। লাখ লাখ ভাৰতীয়ক বিদেশী কৰাৰ অধিকাৰ কোনে দিলে। যাৰ দোষৰ কাৰণে লাখ লাখ ভাৰতীয়ক বিদেশী সজোৱা সকলৰ শাস্তি হব নে নাই। শৰণাৰ্থীক ভাৰতীয় নাগৰিক অসম চুক্তিয়ে দিছিল কিন্তু এই সকল এতিয়া বাদ পৰিছে।
ভোটাৰ লিষ্ট খনো এখন লিগেচী। সেই খন 1966 ৰ ভোটাৰ লিষ্ট। অমিত সাহ কিয় মনে মনে আছে। আজি তেওঁ credit লব নে discredit লব। মই হলে discredit দিছোঁ। ইমান যদি শুদ্ধ আৰু বিজ্ঞান সন্মত হয় তেনেহলে ইমান ভুল হল কিয়। ৰঞ্জন গগৈক আবেদন কৰিম আপোনাৰ নাম ইয়াত সাঙোৰ খাই আছে। আপোনাৰ নিৰ্দেশ মতে হৈছে নে, আপুনি ইয়াত সন্মত নে কওক। উচ্চতম ন্যায়ালয়ে আদেশ দিব পাৰে কিন্তু ৰাজ্য চৰকাৰ হে মূল।
লাখ লাখ মানুহৰ নাম কটা গল এতিয়া হিমন্ত আৰু সৰ্বানন্দ কত গল। তোমালোকৰ গৃহমন্ত্ৰীয়েই কৈছে বিদেশী বুলি তেনেহলে হিমন্তই কিয় বিদেশী নহয় বুলি কৈছে। অসম চৰকাৰে বিদেশিক স্বদেশী সজাইছে।
এন আৰ চি খনৰ ভুল বোৰ শুধৰাব লাগে। বিজেপিয়ে এন আৰ চি ক ভুল বুলি কোৱাৰ যুক্তি নাই। অসমৰ মানুহক হিমন্তই বুৰ্বক সজাইছে। হিন্দু মানুহৰ নাম কাত খাব বুলি মই আগতেই কৈছিলোঁ।
Body:হিমন্ত বিশ্ব শৰ্মাই কৈছিল দুৰ্গা পূজা কালি পূজা কৰিলেই হল। কিন্তু হিমন্তৰ কথা শুনি পূজা কৰাবোৰে এতিয়া ফল পাইছে। হাজেলাই যে সম্পূৰ্ণকে কাম বোৰ কৰা নাই তেনেহলে চৰকাৰে কিয় একো আপত্তি নকৰিলে। 40 লাখ বাদ পৰাৰ পিছত যেতিয়া হিমন্তই অন্ধকাৰত ৰাখিছে বুলি কলে তেওঁ অপদাৰ্থ মন্ত্ৰী হব। গৃহমন্ত্ৰীয়ে একো নকৈ লুকা ভাকু খেলি আছে কিয়। মই আছুৰ মতে নাযাওঁ। কংগ্ৰেছয়ে মুছলমানক ভোটৰ কাৰণে ৰক্ষণাবেক্ষণ দিছিল বুলি কৈছিল।কিন্তু আমাৰ যি অপপ্ৰচাৰ চলাইছিল তাৰ সত্য তেওঁলোকৰ কার্যই প্ৰতিফলিত হৈছে। 3 বছৰত ফৰেনাৰ তৃবোনেল য়ে কিমান কেচ পঠালে।
হিমন্ত বিশ্ব শৰ্মাৰ এন আৰ চি ৰ ওপৰত মাত মতাৰ কোনো অধিকাৰ নাই। যদি নোৱাৰা তেনেহলে বাদ দিয়া। মই ফেল হলো বুজিলোঁ কিন্তু তোমালোকে 16 হাজাৰ কোটি টকা খৰচ কৰি দুগুণ ফেল মাৰিলে।
অসমৰ ধ্বংস ৰ কাৰণ হিমন্ত আৰু সোণোৱাৰ। হিমন্তই মুখ্যমন্ত্ৰী হব বিচাৰি আছে আৰু সোণোৱালে গাদী এৰিব নিবিচাৰে। এই 2 জনৰ বাবেই ইমান বোৰ মানুহ মৰিলে। মই ইমান চতুৰ নহয় বাবেই হিমন্তই মোক লাথ মাৰিলে। হিমন্তই মোক নাজনো কি দৰব মেডিচিন খুৱালে নাজানো । কিন্তু সোণোৱালক খুৱাব নোৱাৰে।
Conclusion:ডাক্টৰৰ ওপৰত যি হত্যা কৰিলে তাত ডক্টৰৰ নি ধৰ্মঘট তাত মই সমৰ্থন জনাইছোঁ। অসম চৰকাৰক দাবী জনাইছোঁ নতুন আইন বা যি বনাই বনাওক কিন্তু ডক্টৰ সকলক সুৰক্ষা দিব লাগে।