ETV Bharat / state

শিক্ষকৰ চাকৰি নিয়মীয়াকৰণ কৰাৰ দাবী প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ - শিক্ষকৰ চাকৰি নিয়মীয়াকৰণ কৰাৰ দাবী প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ

ৰাজ্যৰ নিয়মীয়া কৰণ নোহোৱা শিক্ষক সকলৰ চাকৰি নিয়মীয়াকৰণ কৰাৰ দাবী প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ। বিজেপিয়ে নিৰ্বাচনৰ পূৰ্বে শিক্ষকৰ চাকৰি নিয়মীয়া কৰণ কৰাৰ প্ৰতিশ্ৰুতি দিছিল যদিও আজিলৈকে বিজেপিৰ এই প্ৰতিশ্ৰুতি পূৰ্ণ নহ'ল।

Former Chief Minister Tarun Gogoi demands regularization of teachers' jobs
প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ
author img

By

Published : Jun 9, 2020, 3:04 PM IST

গুৱাহাটী, 9 জুন : শিক্ষকসকলৰ চাকৰি নিয়মীয়াকৰণ নোহোৱাক লৈ বিজেপি চৰকাৰক তীব্ৰ আক্ৰমণ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ। শিক্ষামন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ ৪৬ হাজাৰ শিক্ষকক ৬০ বছৰ বয়সলৈকে চৰকাৰী শিক্ষকৰ সমপৰ্যায়ৰ দৰমহা প্ৰদান কৰাৰ ঘোষণা কৰাৰ পিছতে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে,বিজেপিয়ে নিৰ্বাচনৰ পূৰ্বে শিক্ষকসকলক চাকৰি নিয়মীয়াকৰণ কৰাৰ প্ৰতিশ্ৰুতি দিছিল যদিও বিজেপিৰ এই প্ৰতিশ্ৰুতি আজিলৈকে পূৰ্ণ নহ'ল।

প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ

বিজেপিয়ে এই ৪৬ হাজাৰ শিক্ষকক চৰকাৰী শিক্ষকৰ সমপৰ্যায়ৰ দৰমহা প্ৰদান কৰাতকৈ এই শিক্ষকসকলৰ চাকৰি নিয়মীয়াকৰণ কৰিব লাগে। বিজেপিয়ে অন্যান্য শিক্ষকসকলৰো চাকৰি নিয়মীয়াকৰণ কৰাৰ দাবী জনায় প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে। গগৈয়ে লগতে কয় আমি আমাৰ সময়ত তৃতীয় আৰু চতুৰ্থ বৰ্গৰ ৮০ হাজাৰ লোকৰ চাকৰি নিয়মীয়াকৰণ কৰিছিলো। ৰাজ্যত প্ৰায় ১৩ হাজাৰ কম্পিউটাৰ শিক্ষক আছে, এই কম্পিউটাৰ শিক্ষক সকলৰ চাকৰিও নিয়মীয়াকৰণ কৰাৰ দাবী জনাইছে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে ।

লগতে পঢ়কঃ ৰহাত শিশুৰ দেহত কৰ’ণা ভাইৰাছ

কৃষক নেতা অখিল গগৈৰ মুক্তিৰ দাবীত সোমবাৰে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সদস্য সকলে প্ৰতিবাদ সাব্যস্ত কৰাত চৰকাৰে প্ৰতিবাদীসকলক আটক কৰি হোম কোৱাৰেইণ্টাইন কৰা সন্দৰ্ভত প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে,প্ৰতিবাদীসকলক কোৱাৰেইণ্টাইন কৰাৰ অধিকাৰ বিজেপিক কোনে দিলে ? মানুহে যাতে আন্দোলন কৰিবলৈ ভয় কৰে সেই বাবেহে হোম কোৱাৰেইণ্টাইন কৰিছে চৰকাৰে।
ইয়াৰোপৰি,কংগ্ৰেছ দলৰ পৰা বিজেপিলৈ মানুহ যোৱা সন্দৰ্ভত আমাৰ কোনো মানুহ বিজেপিলৈ নাযায়। কংগ্ৰেছৰ পৰা মানুহ নিবলৈ আৰ এছ এছয়ে কৌশল কৰিছে বুলিও মন্তব্য কৰে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে।

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.