ETV Bharat / state

প্ৰাক্তন আৰক্ষী সঞ্চালক প্ৰধান দীপক নাৰায়ণ দত্তৰ মৃত্যু

Former Assam DGP : আৰক্ষীৰ প্ৰাক্তন সঞ্চালক প্ৰধান দীপক নাৰায়ণ দত্তৰ মৃত্যু ৷ 2005-06 বৰ্ষত অসমৰ আৰক্ষী সঞ্চালক প্ৰধান হিচাবে কাৰ্যনিৰ্বাহ কৰিছিল প্ৰয়াত দীপক নাৰায়ণ দত্তই ৷

author img

By ETV Bharat Assamese Team

Published : Dec 31, 2023, 6:38 PM IST

Former Assam DGP
দীপক নাৰায়ণ দত্তৰ মৃত্যু

নিউজ ডেস্ক, 31 ডিচেম্বৰ : নৱবৰ্ষৰ প্ৰাক ক্ষণত অসমবাসীৰ বাবে এটা দুঃখবৰ ৷ অসম আৰক্ষীৰ প্ৰাক্তন সঞ্চালক প্ৰধান দীপক নাৰায়ণ দত্তৰ মৃত্যু ৷ 31 ডিচেম্বৰ, দেওবাৰে মৃত্যু হয় প্ৰাক্তন আৰক্ষী সঞ্চালক প্ৰধানগৰাকীৰ ৷ মৃত্যুৰ সময়ত তেখেতৰ বয়স আছিল 77 বছৰ ৷ 2005-06 বৰ্ষত অসমৰ আৰক্ষী সঞ্চালক প্ৰধান হিচাবে কাৰ্যনিৰ্বাহ কৰিছিল প্ৰয়াত দীপক নাৰায়ণ দত্তই ৷

  • Deeply saddened by the demise of Sri DN Dutt Former DGP Assam. We convey are deepest condolences to the bereaved family and pray to God to give strength to entire Assam Police family to bear the loss.
    All Assam Police Units have been directed to cancel New Year Celebrations… pic.twitter.com/vJg75Ss4wh

    — GP Singh (@gpsinghips) December 31, 2023 " class="align-text-top noRightClick twitterSection" data=" ">

দীপক নাৰায়ণ দত্তৰ মৃত্যুত শোক প্ৰকাশ কৰিছে বৰ্তমানৰ আৰক্ষী সঞ্চালক প্ৰধান জ্ঞানেন্দ্ৰ প্ৰতাপ সিঙে ৷ তেখেতৰ বিদেহ আত্মাৰ সদগতি কামনাৰে তথা সন্মানাৰ্থে 31 ডিচেম্বৰ আৰু 1 জানুৱাৰীৰ নৱবৰ্ষ উদযাপন বাতিল কৰি, কাইলৈ অৰ্থাৎ 1 জানুৱাৰী 2024 তাৰিখে পতাকা অৰ্ধনমিত কৰিবলৈ অসম আৰক্ষীক নিৰ্দেশ দিয়া হৈছে ৷

এক্স অৰ্থাৎ টুইটাৰত শোক প্ৰকাশ কৰি আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে কয় "শ্ৰী ডি এন দত্ত, প্ৰাক্তন ডি জি পি অসমৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছো ৷ আমি শোকসন্তপ্ত পৰিয়াললৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছো আৰু ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছো যে সমগ্ৰ অসম আৰক্ষী পৰিয়ালক এই ক্ষতি সহ্য কৰিব পৰাকৈ শক্তি প্ৰদান কৰক ৷ বিদেহ আত্মাৰ প্ৰতি সন্মান জনাই সকলো অসম আৰক্ষী গোটক 31 ডিচেম্বৰ আৰু 1 জানুৱাৰীৰ নৱবৰ্ষ উদযাপন বাতিল কৰিবলৈ আৰু কাইলৈ - 1 জানুৱাৰী 2024 তাৰিখে অসম আৰক্ষীৰ পতাকা অৰ্ধনমিত কৰিবলৈ নিৰ্দেশ দিয়া হৈছে ৷"

উল্লেখ্য যে, 2 ডিচেম্বৰ 1946 চনত জন্ম গ্ৰহণ কৰিছিল ভাৰতীয় আৰক্ষী সেৱাৰ বিষয়া দীপক নাৰায়ণ দত্তই ৷ আৰক্ষী সঞ্চালক প্ৰধান পদৰ পৰা অৱসৰ গ্ৰহণৰ পাছত 2009 চনত তেওঁ ৰাজ্যৰ মুখ্য তথ্য আয়ুক্ত পদত কাৰ্যনিৰ্বাহ কৰিছিল ৷ আৰ এছ মুশ্বাহাৰীৰ পিছত স্থলাভিষিক্ত হোৱা তেখেত আছিল ৰাজ্যখনৰ দ্বিতীয় গৰাকী মুখ্য তথ্য আয়ুক্ত ৷

লগতে পঢ়ক : ড৹ কৰবী ডেকা হাজৰিকালৈ 2024 বৰ্ষৰ ৰংবং তেৰাং সমন্বয় বঁটা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.