ETV Bharat / state

কেন্দ্ৰীয় মন্ত্ৰীত্ব লাভৰ পাচত প্ৰথমবাৰলৈ অসমৰ মাটিত সৰ্বানন্দ সোণোৱাল

author img

By

Published : Aug 21, 2021, 1:04 PM IST

মোডী কেবিনেটৰ মন্ত্ৰীত্ব লাভৰ পাচত প্ৰথমবাৰৰ বাবে অসমত উপস্থিত প্ৰাক্তন মুখ্যমন্ত্ৰী তথা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল(Union Minister Sarbananda Sonowal) ৷ বিমানবন্দৰতে সোণোৱালক মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ উষ্ম আদৰণি ৷ তিনিদিনীয়াকৈ অনুষ্ঠিত জন আশীৰ্বাদ যাত্ৰা(Jan Ashirwad Yatra)ত অংশ ল'ব প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে ৷

sarbananda sonowal arrives in guwahati for the first time after joining union cabinet
কেন্দ্ৰীয় মন্ত্ৰীত্ব লাভৰ পাচত প্ৰথমবাৰলৈ অসমৰ মাটিত সৰ্বানন্দ সোণোৱাল

নিউজ ডেস্ক, 21 আগষ্ট : কেন্দ্ৰীয় কেবিনেট(Union Cabinet)ৰ মন্ত্ৰীত্ব লাভ কৰাৰ পাচত প্ৰথমবাৰৰ বাবে অসমৰ মাটিত ভৰি দিলে ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৷ মোডী কেবিনেটৰ বন্দৰ, জাহাজ আৰু জলপথ, আয়ুষ মন্ত্ৰণালয়(Minister of Ports, Shipping and Waterways, Minister of AYUSH)ৰ দায়িত্বত থকা সোণোৱাল শনিবাৰে অসমত আহি উপস্থিত হয় ৷ অসমত উপস্থিত হোৱাৰ লগে লগে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক উষ্ম আদৰণি জনায় ৷

লগতে পঢ়ক : উদুলি-মুদুলি বৰঝাৰ; সোণোৱালক আদৰিবলৈ তৎপৰ অসম প্ৰদেশ বিজেপি

গুৱাহাটীৰ লোকপ্ৰিয় গোপিনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ(Lokpriya Gopinath Bordoloi International Airport)ত উপস্থিত হৈ মুখ্যমন্ত্ৰী ড৹ শৰ্মাই সোণোৱালক আদৰণি জনায় ৷ জন আশীৰ্বাদ যাত্ৰা(Jan Ashirwad Yatra)ত অংশ লোৱাৰ উদ্দেশ্যে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকী আজি গুৱাহাটীত উপস্থিত হয় ৷ উল্লেখ্য যে, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল(Union Minister Sarbananda Sonowal)ক আদৰণি জনোৱাৰ বাবে বিজেপিৰ অসম গোট(Assam unit of BJP)এ তিনিদিনীয়া 'আশীৰ্বাদ যাত্ৰা' সম্পন্ন কৰিব ৷

সম্পূৰ্ণ ক'ভিড নীতি( COVID-19 protocols) মানি চলি 21 আগষ্টৰ পৰা 23 আগষ্টলৈ এই আশীৰ্বাদ যাত্ৰা অনুষ্ঠিত হ'ব ৷

উল্লেখ্য যে, সমগ্ৰ ৰাজ্যৰ মুঠ 18টা স্থানত এই অনুষ্ঠানৰ আয়োজন কৰা হৈছে ৷ এই যাত্ৰা গুৱাহাটী, মৰিগাঁও, কলিয়াবৰ, নগাঁও, যোৰহাট আৰু শিৱসাগৰৰ মাজেৰে আগবাঢ়িব ৷ সমগ্ৰ যাত্ৰাই মুঠ 375.5 কিলোমিটাৰ পথ সামৰি ল'ব বুলি জানিব পৰা গৈছে ৷

লগতে পঢ়ক : অইল ইণ্ডিয়া লিমিটেডক পুনৰ ভাবুকি আলফা(স্বা) ৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.