ETV Bharat / state

69th Wildlife Week 2023 : ঔদ্যোগীকৰণ-আন্তঃগাঁথনি নিৰ্মাণৰ ফলত বিনষ্ট হৈছে প্ৰকৃতি: বনমন্ত্রী পাটোৱাৰী - বনমন্ত্ৰী

৬৯ সংখ্যক বন্যপ্ৰাণী সপ্তাহৰ ৰাজ্যিক পৰ্যায়ৰ অনুষ্ঠানত বনমন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী। বৃহৎ অট্টালিকা আৰু পকী ঘৰ সমূহৰ অবাধ নির্মাণে জলাশয় আৰু প্ৰাকৃতিক পৰিৱেশৰ বহু পৰিমাণে ক্ষতি কৰিছে। প্ৰকৃতিৰ বিনষ্টকৰণৰ ক্ষতিপূৰণ কৰিবলৈ মানৱ সমাজে গছক অগ্ৰাধিকাৰ দিবই লাগিব। বনাঞ্চলৰ ভিতৰত ফলমূলৰ গছ ৰোপণ কৰাৰ পোষকতা।

69th Wildlife Week 2023
৬৯ সংখ্যক বন্যপ্ৰাণী সপ্তাহ
author img

By ETV Bharat Assamese Team

Published : Oct 7, 2023, 9:58 PM IST

গুৱাহাটী,৭ অক্টোবৰ : বৃহৎ অট্টালিকা আৰু পকী ঘৰ সমূহৰ অবাধ নির্মাণে জলাশয় আৰু প্ৰাকৃতিক পৰিৱেশৰ বহু পৰিমাণে ক্ষতি কৰিছে ৷ এই অপকট স্বীকাৰোক্তি বনমন্ত্রী চন্দ্ৰমোহন পাটোৱাৰীৰ ৷ ৰাজ্য চৰকাৰৰ পৰিৱেশ আৰু বন বিভাগৰ উদ্যোগত শনিবাৰে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ সভাগৃহত আয়োজিত ৬৯ সংখ্যক বন্যপ্ৰাণী সপ্তাহৰ ৰাজ্যিক পৰ্যায়ৰ অনুষ্ঠানত এই মন্তব্য কৰে মন্ত্রী পাটোৱাৰীয়ে ৷

69th Wildlife Week 2023
৬৯ সংখ্যক বন্যপ্ৰাণী সপ্তাহৰ ৰাজ্যিক পৰ্যায়ৰ অনুষ্ঠানত বনমন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী

ভাষণত মন্ত্রীগৰাকীয়ে কয় যে জলবায়ু পৰিৱৰ্তন আমাৰ পৃথিৱীৰ বাবে এক গুৰুতৰ প্ৰত্যাহ্বান ৷ অসম সদায়ে বন্যপ্ৰাণী, বনাঞ্চল আৰু জৈৱ বৈচিত্ৰ্যৰে ধন্য হৈ আহিছে ৷ আধুনিক যুগত আমাৰ বন আৰু বন্যপ্ৰাণীক সুৰক্ষিত কৰাৰ ক্ষেত্ৰত প্ৰত্যাহ্বানৰ সৃষ্টি হৈছে ৷ তাৰ বাবে বন বিভাগে উদ্যমেৰে মানুহৰ বাসস্থানৰ বাবে হেৰুৱাই পেলোৱা সেই অঞ্চলবোৰ পুনৰ বনানীকৰণৰ পদক্ষেপ গ্ৰহণ কৰিছে যাতে মানুহ-বন্যপ্ৰাণীৰ সংঘাত হ্ৰাস পাব পাৰে ৷

69th Wildlife Week 2023
বন বিষয়া-কৰ্মচাৰীক সম্বৰ্ধনা বনমন্ত্ৰীৰ

প্ৰকৃতিৰ প্ৰতি আহি পৰা ভাবুকিৰ প্ৰসংগত মন্ত্রীগৰাকীয়ে অসমত বনাঞ্চলৰ আৱৰণ বৃদ্ধিৰ প্রয়াসত চৰকাৰৰ সৈতে সহযোগ কৰিবলৈ জনসাধাৰণৰ প্ৰতি আহ্বান জনায় ৷ অমৃত বৃক্ষ আন্দোলনৰ কথা উল্লেখ কৰি তেওঁ কয় যে ৰাইজৰ সহযোগত এদিনতে ১ কোটিতকৈ অধিক গছপুলি ৰোপণ সম্ভৱপৰ হৈছিল আৰু পৰিৱেশ সুৰক্ষাৰ ক্ষেত্ৰত গণ অংশগ্ৰহণৰ এয়া এক উজ্জ্বল নিদৰ্শন ৷ তেওঁ বনাঞ্চলৰ ভিতৰত ফলমূলৰ গছ ৰোপণ কৰাৰ পোষকতা কৰে, যাতে বন্যপ্ৰাণীবোৰে খাদ্যৰ সন্ধানত বাহিৰলৈ ওলাই যোৱাৰ প্ৰয়োজন নহয় আৰু বন্যপ্ৰানী আৰু মানুহৰ সংঘাত ৰোধ কৰিব পৰা যায় ৷

ক'ভিডৰ সময়ত অক্সিজেনৰ অভাৱৰ কথা সোঁৱৰাই পাটোৱাৰীয়ে কয় যে ঔদ্যোগীকৰণ আৰু আন্তঃগাঁথনি নিৰ্মাণৰ ফলত হোৱা প্ৰকৃতিৰ বিনষ্টকৰণৰ ক্ষতিপূৰণ কৰিবলৈ মানৱ সমাজে গছক অগ্ৰাধিকাৰ দিবই লাগিব ৷ তেওঁ লগতে জিলা কৰ্তৃপক্ষ সমূহে বনাঞ্চলত নতুনকৈ মানৱ বসতি স্থাপনৰ অনুমতি নিদিয়াৰ ওপৰত গুৰুত্ব আৰোপ কৰে ৷ ভাষণত তেওঁ বনাঞ্চল আৰু বন্যপ্ৰাণী সুৰক্ষাৰ বাবে অত্যন্ত কঠিন পৰিস্থিতিত নিষ্ঠাৰে কাম কৰা বনকৰ্মীসকলৰ প্ৰচেষ্টাৰ শলাগ লয় আৰু কয় যে বনাঞ্চল ৰক্ষাৰ ক্ষেত্ৰত তেওঁলোকহে প্ৰকৃত নায়ক ৷

69th Wildlife Week 2023
প্ৰতিযোগিতাৰ বিজয়ীসকলক পুৰস্কাৰ প্ৰদান বনমন্ত্ৰীৰ

অসমৰ বনাঞ্চল বৰ্তমানৰ ৩৬ শতাংশৰ পৰা ৩৮ শতাংশলৈ বৃদ্ধিৰ বাবে ৰাজ্য চৰকাৰে লোৱা লক্ষ্যৰ কথা উল্লেখ কৰি তেওঁ বন বিভাগৰ সকলো স্তৰৰ বিষয়াক এই দিশত নিষ্ঠাৰে কাম কৰিবলৈ আহ্বান জনায় ৷ অনুষ্ঠানত মন্ত্রীগৰাকীয়ে ৬৯ সংখ্যক বন্যপ্ৰাণী সপ্তাহত বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ মাজত আয়োজন কৰা ফটোগ্ৰাফী, চিত্ৰাংকন আৰু কুইজ প্ৰতিযোগিতাৰ বিজয়ীসকলক পুৰস্কাৰ প্ৰদান কৰে ৷ তেওঁ কেইবাগৰাকী বন বিষয়া-কৰ্মচাৰীক তেওঁলোকৰ সেৱাৰ বাবে সম্বৰ্ধনা জনোৱাৰ লগতে কৰ্তব্যৰত অৱস্থাত মৃত্যু হোৱা বন বিষয়াৰ পৰিয়ালক ক্ষতিপূৰণৰ চেক প্ৰদান কৰে ৷ অনুষ্ঠানত অতিৰিক্ত মুখ্য সচিব ৰবি শংকৰ প্ৰসাদ, মুখ্য বন সংৰক্ষক বন্যপ্ৰাণী সন্দীপ কুমাৰ, মুখ্য বন সংৰক্ষক এম কে যাদৱ, প্ৰাক্তন মুখ্য বন সংৰক্ষক হিৰণ্য চৌধুৰীকে ধৰি ভালেসংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত আছিল ৷

লগতে পঢ়ক : Keshab Mahanta in Majuli : অসহায় মন্তব্য স্বাস্থ্য মন্ত্ৰীৰ- মাজুলীলৈ চিকিৎসক নাহে

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.