গুৱাহাটী,২৫ ছেপ্টেম্বৰ: বিশ্ব নদী দিৱস উপলক্ষ্যে গুৱাহাটীৰ ভৰলু-বাহিনী নৈক পুৰুজ্জীৱিত কৰাৰ লক্ষ্য লৈ গঠন কৰা স্বেচ্ছাসেৱী অনুষ্ঠান 'চেভ ভৰলু'ৰ উদ্যোগত দেওবাৰে এক পদযাত্রা উলিওৱা হয়(River Day celebrated in Guwahati) । ভৰলুৰ নদীৰ বাবে এই পদযাত্রা গুৱাহাটীৰ পাঁচ ঠাইত উলিওৱা হয়(Foot March for River Bharlur) । ভৰলুৰ উৎপত্তিস্থলত মূল কাৰ্যসূচীৰ ফ্লেগ অফ কৰে জ্যেষ্ঠ সাংবাদিক মনোজ কুমাৰ নাথ আৰু গুৱাহাটী পৌৰ নিগমৰ ৫০ নং ৱাৰ্ডৰ পাৰিষদ উৎপল মহন্ত আৰু ৩৭ নং ৱাৰ্ডৰ পাৰিষদ স্বপ্না দেবীয়ে ।
আনহাতে ফটাশিল এলেকাত ভৰলুৰ বাবে পদযাত্রাৰ ফ্লেগ অফ কৰে ৩১ নং ৱাৰ্ডৰ পাৰিষদ মঞ্জুলা দেৱীয়ে, কুমাৰপাৰাত ফ্লেগ অফ কৰে কুমাৰপাৰাৰ শংকৰদেৱ ৰাজহুৱা নামঘৰৰ নামঘৰীয়া সনাতন দাসে । মথুৰানগৰত পদযাত্রাৰ ফ্লেগ অফ কৰে চেভ ভৰলুৰ কাৰ্যনিৰ্বাহক সদস্য ডাঃ মানবেন্দ্র গোস্বামীয়ে । সেইদৰে আৰ্যনগৰত পদযাত্রাৰ ফ্লেগ অফ কৰে ৩০ নং ৱাৰ্ডৰ পাৰিষদ বিনীতা দত্ত চৌধুৰীয়ে(River Day celebrated by Save Bharalu) ।
![foot march in guwahati by save bharlu](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-ghy-03-foot-march-in-guwahati-on-the-occasion-of-world-river-day-by-save-bharlu-7209925_25092022202530_2509f_1664117730_223.jpg)
পদযাত্রাৰ আৰম্ভণিতে নদী দিৱসৰ তাৎপর্য আৰু চেভ ভৰলুৰ জন্মৰ আঁৰৰ কথা ব্যাখ্যা কৰে চেভ ভৰলুৰ সভাপতি ডাঃ ৰবীন্দ্ৰনাথ মজুমদাৰে । অনুষ্ঠানত আগভাগ লয় চেভ ভৰলুৰ উপ সভাপতি ডাঃ সীমা ৰেখা দেবী, সচিব অমিয় কুমাৰ ডেকা, যুটীয়া সচিব ডাঃ ৰুবী কটকী সমন্বিতে চেভ ভৰলুৰ বিষয়ববীয়াসকলে । ইফালে নদী দিৱসৰ অংশৰূপে দেওবাৰে গুৱাহাটীৰ উজান বজাৰস্থিত কুমাৰ ভাস্কৰ নাট্য মন্দিৰত মুকলি কুইজ প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয় ।
দীপাংকৰ কৌশিক আৰু দিলীপ কুমাৰ শৰ্মাই পৰিচালনা কৰা কুইজ প্ৰতিযোগিতাত মুখ্য অতিথি ৰূপে উপস্থিত থাকে বিশিষ্ট শিক্ষাবিদ ডঃ শীলা বৰা । কুইজ মুকলি কৰি তেওঁ কয় যে বিশ্বৰ প্ৰদুষিত নদীৰ ভিতৰত ভৰলু অন্যতম । গুৱাহাটীত ৩০০টা নলা আছে, তাৰ ভিতৰত ৩৯ টা নলাৰ পানী কেৱল ভৰলুত পৰে । যদি প্ৰত্যেকজন ব্যক্তিয়ে ভৰলুৰ পুনৰুদ্ধাৰৰ বাবে আত্মনিয়োগ নকৰোঁ তেন্তে গুৱাহাটী বাসপোযোগী হৈ নাথাকিব ।
![foot march in guwahati by save bharlu](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-ghy-03-foot-march-in-guwahati-on-the-occasion-of-world-river-day-by-save-bharlu-7209925_25092022202530_2509f_1664117730_534.jpg)
৫০ টা দলে অংশগ্রহণ কৰা কুইজ প্ৰতিযোগিতাত সৰোজ কুমাৰ ডেকা আৰু অমিয় কুমাৰ বৰুৱাৰ দলে প্রথম, অলকানন্দ মেধি আৰু চন্দ্রজিৎ দাসৰ দলে দ্বিতীয় আৰু বিশ্বজ্যোতি বৰা আৰু দুল হাজৰিকাৰ দলে তৃতীয় স্থান লাভ কৰে । স্থান প্ৰাপ্ত সকলক ক্ৰমে ৭ হাজাৰ, ৬ হাজাৰ আৰু ৫ হাজাৰ টকাৰ নগদ ধন, গ্ৰন্থৰ টোপোলা আৰু প্ৰমাণ পত্ৰৰে পুৰস্কৃত কৰা হয় । আন তিনিটা দলক উদগনিমুলক বঁটা প্ৰদান কৰা হয় ।