ETV Bharat / state

প্ৰখ্যাত বাঁহীবাদক প্ৰভাত শৰ্মালৈ 2020 বৰ্ষৰ ভবেন বৰুৱা-মহানন্দ শৰ্মা জীৱনজোৰা সাধনা বঁটা

author img

By

Published : Feb 14, 2020, 8:32 PM IST

অসমৰ স্বনামধন্য শিল্পী প্ৰভাত শৰ্মালৈ 2020 বৰ্ষৰ ভবেন বৰুৱা-মহানন্দ শৰ্মা জীৱনজোৰা সাধনা বঁটা ৷ এই বঁটা প্ৰদান অনুষ্ঠানত উপস্থিত থাকিব আনন্দৰাম বৰুৱা ভাষা কলা-সংস্কৃতি সংস্থাৰ সঞ্চালক ডঃ দিলীপ কলিতা ।

Flutist Prabhat Sarma awarded Bhaben Baruah-Mahananda Sarma Lifetime achivement award 2020
প্ৰভাত শৰ্মালৈ 2020 বৰ্ষৰ ভবেন বৰুৱা-মহানন্দ শৰ্মা জীৱনজোৰা সাধনা বঁটা

গুৱাহাটী, 14 ফেব্ৰুৱাৰীঃ খ্যাতনামা বাঁহীবাদক তথা লোকসংগীতৰ আজীৱন সাধক প্ৰভাত শৰ্মালৈ 2020 বৰ্ষৰ ভবেন বৰুৱা-মহানন্দ শৰ্মা জীৱনজোৰা সাধনা বঁটা ৷ অহা 29 মাৰ্চত নলবাৰীৰ পকোৱা হাইস্কুলত বসন্তৰ এদিন শীৰ্ষক নামৰ এক অনুষ্ঠানত বাদক,সুৰকাৰ তথা গীতিকাৰ প্ৰভাত শৰ্মাক প্ৰদান কৰা হ’ব এই বঁটা ৷ এই ভৱেন বৰুৱা-মহানন্দ শৰ্মা সোঁৱৰণী জীৱনজোৰা সাধনা বঁটাত থাকিব নগদ ধন,এখন স্মাৰক,এটি বাঁহী,এখন শৰাই,এখন মানপত্ৰ,চেলেং চাদৰ আৰু এটি গছ পুলি ৷ এই বঁটা প্ৰদান অনুষ্ঠানত উপস্থিত থাকিব আনন্দৰাম বৰুৱা ভাষা কলা-সংস্কৃতি সংস্থাৰ সঞ্চালক ডঃ দিলীপ কলিতা । আনহাতে সাংস্কৃতিক অনুষ্ঠানৰ মুখ্য আকৰ্ষণ হিচাপে উপস্থিত থাকিব বিশিষ্ট কণ্ঠশিল্পী তথা প্ৰাক্তন অধ্যাপিকা ডঃ অনিমা চৌধুৰী আৰু স্বনামধন্য শিল্পী পুলক বেনাৰ্জী ৷

অসমৰ স্বনামধন্য শিল্পী প্ৰভাত শৰ্মাৰ অসমীয়া সংগীত তথা সংস্কৃতিলৈ অৱদান অনস্বীকাৰ্য ৷ অসমীয়া জাতীয় জীৱনৰ এক অন্যতম পুৰোধা ব্যক্তি প্ৰভাত শৰ্মাই অসংখ্য অসমীয়া কালজয়ী গীতত নিজৰ বাঁহীৰ সুৰ আৰোপিত কৰিছে ৷ ইয়াৰে বকুল ফুল লাহি,উজুতি উজুতি,শালিকী অ’ অবুজন চৰাই আদি উল্লেখযোগ্য ৷ আনহাতে 2003 চনত প্ৰভাত শৰ্মাই সংগীত নাটক একাডেমী বঁটাও লাভ কৰিছে ৷ বিগত বৰ্ষত এই ভৱেন বৰুৱা-মহানন্দ শৰ্মা সোঁৱৰণী জীৱনজোৰা সাধনা বঁটা ডঃ অনিমা চৌধুৰীক প্ৰদান কৰা হৈছিল ৷

আৰু পঢ়কঃগুৱাহাটীত উপস্থিত বলীউড তাৰকা মাধুৰী দীক্ষিত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.