ETV Bharat / state

Flood situation in Assam: ৰাজ্যত পুনৰ বানত এজন লোকৰ মৃত্যু - অসমৰ বান পৰিস্থিতি

ৰাজ্যত পুনৰ অৱনতি ঘটিছে বান পৰিস্থিতিৰ ৷ বানৰ কৱলত পৰিছে 17 খন জিলাৰ 1,90,675 ৰো অধিক লোক ৷ শিৱসাগৰৰ ডিমৌত বানৰ ফলত মৃত্যু হৈছে এজনৰ ৷ বানৰ কৱলত পৰিছে 8086.40 হেক্টৰ কৃষিভূমি আৰু 11886 টা পশুধন ৷

Flood situation in Assam
ৰাজ্যত পুনৰ বানত এজন লোকৰ মৃত্যু
author img

By ETV Bharat Assamese Team

Published : Aug 28, 2023, 10:56 PM IST

নিউজ ডেস্ক, 28 আগষ্ট: চলিত বৰ্ষৰ দ্বিতীয়টো বানৰ কৱলত ৰাজ্য ৷ কেইবাখনো জিলাত পুনৰ ভয়াবহ ৰূপ ধাৰণ কৰিছে বানে ৷ সোমবাৰে পুনৰ ৰাজ্যত বানত এজন লোকৰ মৃত্যু হৈছে ৷ অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ দৈনিক বান প্ৰতিবেদনত প্ৰকাশ পাইছে এই তথ্য ৷ বানত মৃত্যু হোৱা লোকজন শিৱসাগৰৰ ডিমৌৰ ৷ ইয়াৰ লগতে ৰাজ্যত বানত মৃত্যু হোৱা লোকৰ সংখ্যা 15 জনলৈ বৃদ্ধি পাইছে ৷

অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ দৈনিক বান প্ৰতিবেদনত প্ৰকাশিত তথ্য অনুসৰি, সম্প্ৰতি ৰাজ্যৰ 17খন জিলাৰ 42 টা ৰাজহ চক্ৰৰ 522 খন গাঁও বানৰ কৱলত পৰিছে ৷ এই অঞ্চলসমূহৰ 1,90,675 জনৰো অধিক লোক জলবন্দী হৈ আছে ৷ বানৰ কৱলত পৰিছে 8086.40 হেক্টৰ কৃষিভূমি আৰু 11886 টা পশুধন ৷ ইফালে ডিব্ৰুগড়, ধুবুৰী, তেজপুৰ, নিমাতিঘাটত ব্ৰহ্মপুত্ৰ নৈ, শিৱসাগৰত দিখৌ নদীৰ লগতে বেকী, জীয়া-ভৰালী, দিচাং আৰু সোৱনশিৰি নৈৰ জলস্তৰ ঠায়ে ঠায়ে বিপদসীমাৰ ওপৰেদি বৈছে ৷

আনহাতে বানাক্ৰান্ত অঞ্চলসমূহত প্ৰশাসনৰ তৰফৰ পৰা উদ্ধাৰ অভিযান অব্যাহত ৰখা হৈছে ৷ ঠায়ে ঠায়ে নাৱেৰে উদ্ধাৰ অভিযান চলোৱা হৈছে ৷ জিলা প্ৰশাসনৰ তৰফৰ পৰা 2 টা সাহাৰ্য শিবিৰ স্থাপন কৰাৰ লগতে 45 টা সাহাৰ্য বিতৰণ শিবিৰ স্থাপন কৰা হৈছে ৷ ইফালে বহু পশুধনো বানৰ কৱলত পৰিছে ৷ ঠায়ে ঠায়ে পানীৰ ঢলে দলং উটুৱাই নিয়াত যাতায়ত ব্যৱস্থা ব্যাহত হৈ পৰিছে ৷ বহু স্থানত ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰেদি বাগৰিছে নদীৰ বাঢ়নী পানী ৷ বহু ঘৰ-দুৱাৰো গৰাখহনীয়াই উটুৱাই নিয়াৰ কথা জানিব পৰা গৈছে ৷

লগতে পঢ়ক: Flood at Chabua : চাবুৱাত ভদীয়া বানৰ তাণ্ডৱ, ব্ৰহ্মপুত্ৰৰ বুকুত জাহ গ’ল নৱ নিৰ্মিত মথাউৰি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.