ETV Bharat / state

Assam Flood Report: ৰাজ্যত যথেষ্ট উন্নত হৈছে বান পৰিস্থিতি; বানৰ কৱলত 5খন জিলা

author img

By

Published : Jul 2, 2023, 8:11 PM IST

ৰাজ্যত বিগত দিনকেইটাত বৰষুণৰ মাত্ৰা হ্ৰাস পোৱাৰ ফলত বান পৰিস্থিতি পূৰ্বতকৈ যথেষ্ট উন্নত হৈছে যদিও এতিয়াও কিছু কিছু অঞ্চলত অন্ত পৰা নাই বান বিভীষিকাৰ ৷ বিগত 24 ঘণ্টাত ৰাজ্যখনৰ 5 খন জিলা বানৰ কৱলত আছে ৷

Flood situation  improves in Assam
ৰাজ্যত শাম কাটিছে বানৰ তাণ্ডৱ

নিউজ ডেস্ক, 2 জুলাই: ৰাজ্যত কিছু পৰিমাণে উন্নত হৈছে বান পৰিস্থিতি ৷ চলিত বৰ্ষৰ প্ৰথমটো বানে বাৰুকৈয়ে জুৰুলা কৰিছিল ৰাজ্যবাসীক ৷ ৰাজ্যত বিগত দিনকেইটাত বৰষুণৰ মাত্ৰা হ্ৰাস পোৱাৰ ফলত বান পৰিস্থিতি পূৰ্বতকৈ যথেষ্ট উন্নত হৈছে যদিও এতিয়াও কিছু কিছু অঞ্চলত অন্ত পৰা নাই বান বিভীষিকাৰ ৷ কিছু অঞ্চলত কৃত্ৰিম বানেও ভয়াবহ পৰিস্থিতিৰ সৃষ্টি কৰিছে ৷

বিগত 24 ঘণ্টাত ৰাজ্যত কোনো এখনো নৈ বিপদ সীমাৰ ওপৰেৰে বৈ থকা নাই ৷ বিগত 24 ঘণ্টাত বানত এজনো লোকৰ মৃত্যু হোৱা নাই, বৰ্তমানলৈ বানত মৃত্যু হোৱা লোকৰ সংখ্যা 7 জন ৷ দেওবাৰে অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা বিভাগে সদৰী কৰিছে এই তথ্য ৷ বিগত 24 ঘণ্টাত ৰাজ্যখনৰ 5 খন জিলা বানৰ কৱলত আছে ৷ জিলা কেইখন হ’ল বজালী, ধেমাজি, গোলাঘাট, কামৰূপ, কোকৰাঝাৰ ৷

আনহাতে 9 টা ৰাজহ চক্ৰ কাৰ্যালয়ৰ অধীনৰ 95 খন ৰাজহ গাঁও এতিয়াও বানৰ কৱলত আছে ৷ ইফালে 95 খন ৰাজহ গাঁৱৰ মুঠ 1,519 গৰাকী লোক বানৰ কৱলত পৰিছে ৷ সৰ্বাধিক ধেমাজি জিলাত 1,279 গৰাকী লোক বানৰ কৱলত পৰিছে ৷ লগতে 583 হেক্টৰ কৃষিভূমি বানৰ কৱলত পৰি ক্ষতিগ্ৰস্ত হৈছে ৷ ইয়াৰ উপৰিও আশ্ৰয় শিবিৰৰ ভিতৰত মাত্ৰ কামৰূপ জিলা আৰু কোকৰাঝাৰ জিলাৰ অধীনত উত্তৰ গুৱাহাটী আৰু কোকৰাঝাৰত দুটা আশ্ৰয় শিবিৰ সক্ৰিয় হৈ আছে ৷

উল্লেখ্য যে বৰ্তমানলৈকে প্ৰথমটো বানত ৰাজ্যত 1 লাখৰো অধিক লোক ক্ষতিগ্ৰস্ত হৈছে ৷ অৱশ্যে বৰষুণৰ মাত্ৰা হ্ৰাস পোৱাৰ ফলত বান পৰিস্থিতি উন্নত হৈছে ৷

লগতে পঢ়ক: ASSAM FLOOD REPORT: ৰাজ্যুত কিছু উন্নত হৈছে বান পৰিস্থিতি; বৰ্তমানলৈকে 7 জন লোকৰ মৃত্যু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.