ETV Bharat / state

বান পৰিস্থিতিৰ অৱনতিঃ 89 গৰাকীলৈ বৃদ্ধি মৃতকৰ সংখ্যা

author img

By

Published : Jul 23, 2020, 2:05 PM IST

Updated : Jul 23, 2020, 3:28 PM IST

বানৰ কবলত পৰি কোকৰাঝাৰ আৰু বঙাইগাঁৱত এগৰাকীকৈ লোকে মৃত্যুক আঁকোৱালি লোৱাত মৃতকৰ সংখ্যা বৃদ্ধি হয় 89 গৰাকী লোকলৈ ৷ তদুপৰি 77 টা ৰাজহ চক্ৰৰ বিপৰীতে বানত বুৰ গৈছে 2,548 খন গাঁও ৷ ৰাজ্যত বানৰ দ্বাৰা ক্ষতিগ্ৰস্ত লোকৰ সংখ্যা বৃদ্ধি হৈছে 26,69,967 গৰাকীলৈ ৷ লগতে 5,46,643.86 হেক্টৰ কৃষিভূমি সম্পূৰ্ণৰূপে বিনষ্ট হৈছে বানত ৷ ৰাজ্যত বন্যাৰ্তৰ সুবিধাৰ্থে স্থাপন কৰা 280 টা সাহায্য শিবিৰত আশ্ৰয় গ্ৰহণ কৰিছে 45,186 গৰাকী বানাক্ৰান্তই ৷

Flood Report assam etv bharat news
বান পৰিস্থিতিৰ অৱনতি

নিউজ ডেস্ক,23 জুলাই: আজিকোপতি বান বিভীষিকা অব্যাহত আছে ৰাজ্যত ৷ বৃহস্পতিবাৰৰ দিনটোলৈকে বানে প্লাৱিত কৰিছে ৰাজ্যৰ 25খন জিলা ৷ বিগত বৰ্ষৰ তুলনাত এই বৰ্ষত বানে প্ৰভাৱিত কৰে প্ৰায় 30 খন জিলাত ৷ বৰ্তমানেও বিপদসীমাৰ ওপৰেৰে বৈ আছে ৰাজ্যৰ মুখ্য নৈ ব্ৰহ্মপুত্ৰ ৷ যোৰহাটৰ নিমাতীঘাট, তেজপুৰ, গোৱালপাৰা, ধুবুৰী আদি এলেকাত বিপদসীমাৰ ওপৰেৰে বৈ আছে ব্ৰহ্মপুত্ৰ ৷ তদুপৰি নুমলীগড়ত ধনশিৰি, জীয়া ভৰলী, কপিলী, মানস,বেকী আদি উপনৈ সমূহৰো জলস্তৰ বৃদ্ধি পাইছে ৷ বিশ্বনাথ, শোণিতপুৰ, চিৰাং, ওদালগুৰি, দৰং, বাক্সা, নলবাৰী, বৰপেটা, বঙাইগাঁও, কোকৰাঝাৰ, ধুবুৰী, দক্ষিণ শালমাৰা, গোৱালপাৰা, কামৰূপ (গ্ৰাম্য), কামৰূপ (মেট্ৰ’) মৰিগাঁও, নগাঁও, হোজাই, গোলাঘাট, যোৰহাট, মাজুলী, চৰাইদেউ, শিৱসাগৰ, ডিব্ৰুগড়, তিনিচুকীয়া, কাছাৰ, কাৰ্বি আংলঙত বানে সৰ্বাধিক ক্ষতি কৰাৰ তথ্য প্ৰকাশ কৰিছে অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে ৷

বান পৰিস্থিতিৰ অৱনতি

তদুপৰি বানৰ কবলত পৰি কোকৰাঝাৰ আৰু বঙাইগাঁৱত এগৰাকীকৈ লোকে কৰুণ মৃত্যুক আঁকোৱালি লোৱাত মৃতকৰ সংখ্যা বৃদ্ধি হয় 89 গৰাকী লোকলৈ ৷ তদুপৰি 77 টা ৰাজহ চক্ৰৰ বিপৰীতে বানত বুৰ গৈছে 2,548 খন গাঁও ৷ ৰাজ্যত বানৰ দ্বাৰা ক্ষতিগ্ৰস্ত লোকৰ সংখ্যা বৃদ্ধি হৈছে 26,69,967 গৰাকীলৈ ৷ লগতে 5,46,643.86 হেক্টৰ কৃষি ভূমি সম্পূৰ্ণৰূপে বিনষ্ট হৈছে বানত ৷ ৰাজ্যত বন্যাৰ্তৰ সুবিধাৰ্থে স্থাপন কৰা 280 টা সাহায্য শিবিৰত আশ্ৰয় গ্ৰহণ কৰিছে 45,186 গৰাকী বানাক্ৰান্তই ৷ তদুপৰি বান বিধ্বস্ত এলেকাসমূহত এনডিআৰএফ, এছডিআৰএফ বাহিনীৰ লগতে প্ৰতিখন জিলা প্ৰশাসন আৰু স্থানীয় লোকে নাও ব্যৱহাৰ কৰি উদ্ধাৰ কাৰ্যত নিয়োজিত হৈ আছে ৷

ইফালে বানৰ সমান্তৰালকৈ অব্যাহত আছে খহনীয়াৰ তাণ্ডৱ ৷ মাজুলী, ওদালগুৰি, বিশ্বনাথ, বাক্সা, কোকৰাঝাৰ আৰু বঙাইগাঁৱত ব্যাপক হাৰত অব্যাহত থকা গৰাখহনীয়াই ভাবুকি সৃষ্টি কৰিছে জনজীৱনৰ প্ৰতি ৷

লগতে চাওকঃ এতিয়াও উন্মুক্ত কৰিমগঞ্জৰ ভাৰত-বাংলা সীমান্ত

Last Updated : Jul 23, 2020, 3:28 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.