ETV Bharat / state

Flood compensation: চৰকাৰৰ ক্ষতিপূৰণ আঁচনিৰ পৰা বঞ্চিত বানত ক্ষতিগ্ৰস্ত কৃষক তথা মীনপালক

author img

By

Published : Jul 26, 2022, 5:20 PM IST

ৰাজ্যত চলিত বছৰত হোৱা দুটাকৈ প্রলয়ংকৰী বানত ধন জনৰ বিস্তৰ ক্ষতিসাধন হোৱাৰ লগতে শস্য ভূমি আৰু পুখুৰী আদিৰো বিস্তৰ ক্ষতিসাধন হৈছে(Report on damages of flood) । একেটা বছৰৰ দুটাকৈ প্রলয়ংকৰী বানত ব্যাপক শস্য ভূমি আৰু পুখুৰী আদিৰ বিস্তৰ ক্ষতিসাধনৰ ফলত কৃষক আৰু মীনপালকসকল মূৰে-কপালে হাত দিছে ।

flood affected farmer has not compensation
চৰকাৰৰ ক্ষতিপূৰণ আঁচনিৰ পৰা বঞ্চিত বানত ক্ষতিগ্ৰস্ত কৃষক তথা মীনপালক

গুৱাহাটী,২৬ জুলাই: দুটাকৈ প্রলয়ংকাৰী বানত কৃষক আৰু মীনপালক আৰু পশুপালকসকল যথেষ্ট আৰ্থিক সমস্যাৰ সম্মুখীন হ’ব লগা হৈছে । ৰাজ্যৰ মীন বিভাগে জিলাই জিলাই চলোৱা জৰীপৰ মতে দুটা পৰ্যায়ত হোৱা প্রলয়ংকৰী বানত ৰাজ্যৰ ১.০৭ লাখ জন মীনপালকৰ প্ৰায় ১৬৩.৯০ কোটি টকাৰ লোকচান হৈছে (Damages of flood in Assam)। ৰাজ্যৰ মীন বিভাগে জিলাই জিলাই চলোৱা জৰীপৰ জৰিয়তে পোৱা এই তথ্য ৰাজ্য চৰকাৰক জমা দিছে (Report on damages of flood) ।

কিন্তু চিন্তনীয় কথাটো হ'ল যে ক্ষতি হ'লেও সেই পৰিমাণৰ ধন ৰাজ্যৰ মীনপালকে লাভ নকৰে । এন ডি আৰ এফৰ ক্ষতিপূৰণৰ নিয়ম অনুসৰি ক্ষতিৰ বিপৰীতে মীনপালকে লাভ কৰিব ৪৭.৬০ কোটি টকাহে । কাৰণ, প্রতি বিঘাৰ বিপৰীতে ক্ষতিপূৰ্ণৰ ধন নামমাত্রহে । সেইবাবেই ৰাজ্যৰ মীনপালকসকলৰ মাজত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে । জানিব পৰা মতে, মীনপালকক সহায় কৰিবলৈ বিভাগৰো কোনো সুকীয়া আঁচনি বা ধন নাই ।

মীন বিভাগে মীনপালকসকলক সহায় কৰাৰ স্বাৰ্থত এন ডি আৰ এফৰ নীতি-নিয়ম সংশোধন কৰি ক্ষতিপূৰণৰ ধন বৃদ্ধিৰ দাবী তুলিছিল । কিন্তু কেন্দ্ৰৰ ওচৰত সেই দাবী নৰজিল । মীন বিভাগৰ সূত্রৰ পৰা জানিব পৰা মতে, মে' মাহত বানত ১৯খন জিলাৰ পুখুৰী আদি নষ্ট হোৱাৰ বাবদ মীনপালকৰ লোকচান হৈছিল প্রায় ৯৮.৭০ কোটি টকা । কিন্তু মীন বিভাগৰ সূত্রটোৱে জনোৱা মতে, বৃহৎ পৰিমাণৰ লোকচানৰ বিপৰীতে এন ডি আৰ এফৰ নিয়ম অনুসাৰে মীনপালকে লাভ কৰিব মাত্র ৮.৯৫ কোটি টকাহে ।

বিভাগীয় সূত্ৰটোৱে জনোৱা মতে, জুন মাহত হোৱা দ্বিতীয়টো বানত ৰাজ্যৰ ২৭খন জিলাৰ মীনপালকৰ হোৱা ক্ষয়-ক্ষতিৰ পৰিমাণ আছিল ৬৪.৩৫ কোটি টকা । তাৰ ভিতৰত মীনপালকে লাভ কৰিব ৩৭.৮০ কোটি টকা । সূত্রটোৱে জনোৱা মতে, এটা পুখুৰীৰ পাৰ ভগা, পুখুৰীৰ বালি উঠোৱাৰপৰা মাছ ওলাই যোৱালৈ বিভিন্ন ধৰণৰ ক্ষতিৰ বিপৰীতে অতি কম পৰিমাণৰ ধনহে মীনপালকে লাভ কৰে । অথচ প্রকৃত ক্ষতিৰ পৰিমাণ বহু বেছি ।

সূত্ৰটোৱে জনোৱা মতে, এটা এক বিঘাৰ পুখুৰীৰ মেৰামতি কৰা, বালি উঠোৱাৰ বাবদ মাত্র ১৬২৬.৬৬ টকা আৰু পোনা মাছ আদিৰ ক্ষতিৰ বাবদ মাত্র ১০৯৩.৩৩ টকাহে লাভ কৰে । সূত্ৰটোৱে জনোৱা মতে, দ্বিতীয় পর্যায়ৰ বানত কৰিমগঞ্জ জিলাত ২৫৯খন নাও আৰু জাল আদি নষ্ট হোৱাৰ বাবে হোৱা ক্ষতিৰ পৰিমাণ আছিল ৮৯.২৫ লাখ টকা । কিন্তু এন ডি আৰ এফৰ নিয়ম অনুসাৰে ৩১.৫৯ লাখ টকাহে লাভ কৰিব ।

উল্লেখ্য যে, ৰাজ্যৰ ইতিহাসত এইবাৰৰ দুটা বানপানীত ৰাজ্যত সৰ্বাধিক লোকৰ মৃত্যু হৈছে । আকৌ সৰ্বাধিক ঘৰ বানপানীত ধ্বংস হৈছে । যাৰ বাবে কেন্দ্ৰীয় চৰকাৰে এইবাৰ অসমৰ বানপানীক জটিল প্ৰাকৃতিক দুৰ্য্যোগ বুলি চিহ্নিত কৰিছে । চলিত বছৰৰ দুটা বানত 34 খন জিলাৰ 9980 খন ৰাজহ গাঁও ক্ষতিগ্ৰস্ত হৈছে । মুঠ 90 লাখ জন লোক বানত ক্ষতিগ্ৰস্ত হৈছে ।

বানত মুঠ 2 লাখ 40 হাজাৰ 96 হেক্টৰ শস্যভূমি ক্ষতিগ্ৰস্ত হৈছে । আকৌ 5483 টা পশুধনৰ মৃত্যু হৈছে । অসমৰ বানপানীক জটিল প্ৰাকৃতিক দুৰ্যোগ বুলি চিহ্নিত কৰিছে যদিও মীনপালকসকলে ১৬৪ কোটি ক্ষতিৰ বিপৰীতে লাভ কৰিব মাত্ৰ ৪৭.৬০ কোটি টকাহে । সেই ক্ষতিৰ ধন কেতিয়া মুকলি কৰা হ'ব তাৰ কোনো সময় সীমা চৰকাৰে নিদ্ধাৰণ কৰা নাই । ইফালে বানত শস্য ভূমি ক্ষতি হোৱা ক্ষতিগস্ত কৃষকৰ কোনো সঠিক জৰীপ এতিয়ালৈকে সম্পূৰ্ণ হোৱা নাই ।

লগতে পঢ়ক: Kargil Vijay Diwas 2022: খুমটাইত ২৩ সংখ্যক কাৰ্গিল বিজয় দিৱস উদযাপন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.