গুৱাহাটী, ১৪ আগষ্ট: স্বাধীনতা দিৱসৰ পতাকা উত্তোলনৰ ক্ষেত্ৰত বিশেষভাবে সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ কৰিছে ৰাজ্যৰ গৃহ বিভাগে । 73 তম স্বাধীনতা দিৱসত কোন মন্ত্ৰীয়ে ক'ত ত্ৰিৰংগা উৰুৱাব সেই বিষয়ে তালিকা প্ৰকাশ কৰিলে প্ৰশাসনে ৷ য'ত প্ৰতিজন মন্ত্ৰীৰেই নামৰ বিপৰীতে পতাকা উত্তোলন কৰিবলগীয়া স্থানৰ নাম উল্লেখ থাকে । তদুপৰি নিৰাপত্তাজনিত কাৰণত প্ৰতিজন মন্ত্ৰীলৈ সুকীয়া সুকীয়াকৈ প্ৰেৰণ কৰা হৈছে নিজা নিজা স্থান সমূহৰ নাম ।
![ETV BHARAT ASSAM](https://etvbharatimages.akamaized.net/etvbharat/prod-images/4134955_thumbnail.jpg)