গুৱাহাটী,১২ জুলাই: মেৰামতিৰ অভাৱত ক্ৰমাৎ শোচনীয় হৈ পৰিছে অসমৰ ৰাষ্ট্ৰীয় ঘাইপথসমূহ । পথৰ দুৰ্ৱস্থাৰ বাবে যাতায়াত ব্যৱস্থা যথেষ্ট কষ্টকৰ হৈ পৰিছে । কিন্তু তৎস্বত্বেও চৰকাৰ তথা সংশ্লিষ্ট কৰ্তৃপক্ষৰ কোনো কাণসাৰ নাই । বৰং ৰাজ্যবাসীৰ মূৰত মাধমাৰ শোধাই কেন্দ্ৰীয় চৰকাৰে অসমত পুনৰ পাঁচখনকৈ টোলগেট স্থাপনৰ বাবেহে যো-জা চলাইছে ।
ইতিমধ্যে উক্ত পাঁচখন টোলগেটৰ নিৰ্মাণকার্য প্রায় সম্পূৰ্ণ হৈ উঠিছে । ইয়াৰে এখন টোলগেট ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথত দেৰগাঁৱৰ সমীপত, এখন কলিয়াবৰ দলঙৰ সমীপৰ চুলুঙত, এখন ব্ৰহ্মপুত্ৰৰ দক্ষিণপাৰে বগীবিলদলংখনৰ সমীপত, এখন লখিমপুৰৰ বান্দৰদেৱাত আৰু আনখন স্থাপন কৰা হৈছে বিশ্বনাথ চাৰিআলিৰ সমীপৰ মোনাবাৰীত ।
ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে এই পাঁচখন টোলগেট যিমান পাৰি সিমানে সোনকালে আৰম্ভ কৰাৰ বাবে যাৱতীয় কাম-কাজ আৰম্ভ কৰিছে । লক্ষণীয় বিষয় যে নুমলীগড়ৰ পৰা ডিব্ৰুগড়লৈ নিৰ্মাণ কৰি থকা ফ’ৰলেনযুক্ত পথছোৱাৰ নিৰ্মাণৰ কাম এতিয়াও সম্পূৰ্ণ হৈ উঠা নাই । আনকি টোলগে'ট স্থাপন কৰিব খোজা দেৰগাঁও অঞ্চলতে ফ’ৰলেনৰ কাম আধৰুৱা হৈ আছে ।
ইফালে যোৰহাটৰ পৰা ডিমৌলৈ ৰাষ্ট্ৰীয় পথছোৱাত যাতায়াত কৰাটোৱেই এতিয়া যথেষ্ট কঠিন হৈ পৰিছে । একেদৰে কলিয়াবৰৰ ভোমোৰাগুৰি দলঙৰ দুয়ো দিশে নিৰ্মাণ কৰি থকা ফ’ৰলেন পথ নিৰ্মাণৰ কাম আৰু বিশ্বনাথ চাৰিআলি-গহপুৰৰ মাজৰ ফ’ৰলেনৰ কাম এতিয়াও সম্পূৰ্ণ হৈ উঠা নাই । বিশেষকৈ বছৰ বছৰ ধৰি নিৰ্মাণ কাৰ্য চলাই থকা বিশ্বনাথ চাৰিআলি আৰু গহপুৰৰ মাজৰ পথছোৱাই জলা-কলা খুৱাইছে ৰাইজক ।
পথৰ দুৰৱস্থাৰ বাবেই দুৰ্ঘটনাৰ সংখ্যাও বৃদ্ধি পাবলৈ ধৰিছে । কিন্তু ইয়াৰ পাচতো একমাত্ৰ ৰাজহৰ স্বাৰ্থতে টোলগেট স্থাপনৰ বাবে উঠিপৰি লাগিছে কেন্দ্ৰীয় চৰকাৰ । সম্প্রতি ৰাজ্যখনত ৯খনকৈ টোলগেট কার্যক্ষম হৈ আছে । এতিয়া এই পাঁচখনকৈ টোলগেট মুকলি হোৱাৰ লগে লগেই ৰাজ্যখনত মুঠ টোলগেটৰ সংখ্যা হ’বগৈ ১৪খন ।
লক্ষণীয় বিষয় যে ৰাজ্যখনত মুঠ ২৭ খন টোলগেট স্থাপন কৰাৰ পৰিকল্পনা আছে কেন্দ্ৰীয় চৰকাৰৰ । চৰকাৰে ইখনৰ পাচত সিখনকৈ টোলগেট স্থাপন কৰি জনতাৰ ওপৰত কৰৰ অভাৱনীয় বোজা জাপি দি আহিছে । ইফালে যাতায়াত ব্যৱস্থা সুগম কৰাৰ বিপৰীতে চৰকাৰে টোলগেটৰ যোগেদি ৰাজহ সংগ্ৰহতহে জোৰ দি আহিছে ।
লক্ষণীয় বিষয় যে ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকাৰী কৰ্তৃপক্ষৰ চূড়ান্ত অৱহেলা আৰু ফ’ৰলেন নিৰ্মাণৰ নামত চলা অভাৱনীয় লুণ্ঠনৰ বাবেই সম্প্রতি উজনি অসম ৰাজ্যৰ আন অংশৰ লগত পথ যোগাযোগ ব্যাহত হৈ পৰাৰ আশংকা প্ৰৱল হৈ উঠিছে । শেহতীয়াকৈ উজনি অসমত নিৰ্মাণৰত অৱস্থাত থকা চাৰিলেনযুক্ত পথ নিৰ্মাণৰ কাম শীঘ্ৰেই বন্ধ হৈ পৰাৰ উপক্ৰম হৈছে ।
উল্লেখ্য যে যোৰহাটৰ পৰা জাঁজি পর্যন্ত ফ’ৰলেনৰ অংশটো ২০১৫ চনৰ পৰা কেইবাটাও ঠিকাদাৰী প্ৰতিষ্ঠানে নিৰ্মাণৰ দায়িত্ব লাভ কৰিছিল । কিন্তু কোটি কোটি টকা ব্যয় কৰিও আঠ বছৰত ফ'ৰলেনৰ এই অংশটোৰ নিৰ্মাণ আধাও সম্পূৰ্ণ কৰিব নোৱাৰিলে । এন এইচ আই ডি চি এলৰ একাংশ বিষয়া আৰু একাংশ ঠিকাদাৰৰ অবাধ লুণ্ঠনৰ পৰিণতিত এতিয়া এই অংশটোৰ পথ যোগাযোগ ব্যৱস্থাটো যেনে তেনেহে চলি আছিল ।
শেহতীয়াকৈ ২০২২ চনত ফ'ৰলেনৰ এই ২২০ কোটি টকাৰ অংশটোৰ নিৰ্মাণৰ দায়িত্ব লাভ কৰে ভি পি আই এল (জেভি) এছ আই পি এল নামৰ প্রতিষ্ঠানটোৱে । কিন্তু বিগত ১৫ মাহত ৩৯ শতাংশ নির্মাণকার্য সম্পূৰ্ণ কৰা এই প্রতিষ্ঠানটোৱেও এতিয়া কাম এৰিবলৈ যো-জা চলাইছে এন এইচ আই ডি চি এল কৰ্তৃপক্ষৰ মইমতালিৰ বাবে । অভিযোগ অনুসৰি উজনিত ফ’ৰলেন নিৰ্মাণৰ কাম নোহোৱাৰ অন্যতম প্রধান কাৰণ হৈছে ইউটিলিটি ছিফটিঙত এন এইচ আই ডি চি এলে কৰা ভয়ংকৰ হেমাহি ।
জানিব পৰা মতে যোৰহাটৰ পৰা জাঁজিলৈ বৈদ্যুতিক খুঁটাবোৰ নিৰ্মাণস্থলীৰ পৰা আঁতৰাবলৈ এন এইচ আই ডি চি এলে সময় ল’লে ৮ মাহ । সেইদৰে জনস্বাস্থ্য কাৰিকৰী বিভাগৰ পাইপসমূহ মূল পথৰ পৰা আঁতৰাবলৈ সময় লাগিল ১৩ মাহ । আনহাতে নির্মাণ কৰিব লগীয়া পথছোৱাত থকা ২০০ জোপা গছ এতিয়াও কাটি নিদিয়াৰ বাবে আগবঢ়াব পৰা নাই পথ নিৰ্মাণৰ কাম । আনহাতে পথছোৱাৰ ডিজাইনত গুৰুতৰ কাৰিকৰী বিসংগতি থকাৰ তথ্য সম্প্ৰতি পোহৰলৈ আহিছে । যাৰ ফলত দেখা দিছে সমস্যাই ।
লগতে পঢ়ক: 18 new toll gates in Assam : নতুনকৈ স্থাপন হ’বলগীয়া টোলগেটৰ বিৰুদ্ধে কৃষক মুক্তিৰ হুংকাৰ