গুৱাহাটী, 7 মে' : বহি:ৰাজ্যৰ পৰা অসমলৈ আহিব বিচৰা লোক সকলৰ বাবে ইতিমধ্যে ৰাজ্যৰ বিভিন্ন প্ৰান্তত নিৰ্মাণ কৰা হৈছে নতুনকৈ পাঁচটা কোৱাৰেন্টাইন কেন্দ্ৰ ৷
নামনি অসমৰ লোকৰ বাবে কোকৰাঝাৰ, মধ্য অসমৰ বাবে গুৱাহাটী, উত্তৰ অসমৰ বাবে তেজপুৰ, উজনি অসমৰ বাবে যোৰহাট আৰু বৰাক উপত্যকাৰ লোকৰ বাবে শিলচৰত নিৰ্মান কৰা হৈছে স্বাস্থ্য কেন্দ্ৰ ৷
বৃহস্পতিবাৰে সৰুসজাইত বহিঃৰাজ্যৰ পৰা অহা অসমৰ লোকসকলক সাক্ষাৎ কৰি সংবাদ মাধ্যমৰ আগত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জনালে এই কথা ৷
পৰৱৰ্তী সময়ত যদিহে অসমলৈ অহা লোকৰ সংখ্যা বৃদ্ধি হয় তেতিয়াহলে কোৱাৰেন্টাইন কেন্দ্ৰৰ সংখ্যা আৰু বৃদ্ধি কৰা হ'ব বুলি মন্ত্ৰী গৰাকীয়ে জানিবলৈ দিয়ে ৷
লগতে পঢ়ক : কঙালী ভঁৰাল : একাংশ মহিলাৰ এটি ব্যতিক্ৰমী চিন্তা !