ETV Bharat / state

মহানগৰীৰত ড্ৰাগছ সহ পাঁচ সহবৰাহকাৰীক গ্ৰেপ্তাৰ - guwahati police

ড্ৰাগছৰ সৰবৰাহৰ বিৰুদ্ধে মহানগৰ আৰক্ষীৰ ধাৰাবাহিক অভিযান ৷ পুনৰ চলোৱা এক অভিযানত বৃহৎ পৰিমাণৰ ড্ৰাগছ সহ আটক পাঁচ সৰবৰাহকাৰী ৷

four drugs paddler arresed in guwahati
মহানগৰীৰত বুজন পৰিমাণৰ ড্ৰাগছ সহ পাঁচ সহবৰাহকাৰীক গ্ৰেপ্তাৰ
author img

By

Published : Aug 13, 2021, 8:42 PM IST

গুৱাহাটী,১৩ আগষ্ট : ৰাজ্যৰ চৌদিশে অসম আৰক্ষীয়ে ইটোৰ পাচত সিটো ড্ৰাগছৰ ঘাটি উৎখাত কৰিছে । আৰক্ষী-প্ৰশাসনৰ ফালৰ পৰা ড্ৰাগছৰ সৰবৰাহ বন্ধ কৰিবৰ বাবে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে ৷ ইয়াৰ লগতে কেইদিনমান পূ্ৰ্বে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাইও ড্ৰাগছ সৰবৰাহৰ দৰে সমাজ বিৰোধী কাৰ্যকলাপৰ বিৰুদ্ধে চৰকাৰ সদায় কঠোৰ বুলি স্পষ্ট কৰি দিছিল ৷

ইয়াৰ পাচতো কিন্তু ড্ৰাগছৰ সৰবৰাহ বন্ধ কৰাৰ ক্ষেত্ৰত সম্পূৰ্ণ সফলতা লাভ কৰিব পৰা নাই ৷ প্ৰশাসন তথা অসম আৰক্ষীৰ তৰফৰ পৰা এটাৰ পাচত আনটো ড্ৰাগছ বিৰোধী অভিযান চলোৱা হৈছে আৰু প্ৰত্যেকটো অভিযানতে বৃহৎ পৰিমাণৰ ড্ৰাগছ সহ সৰবৰাহকাৰী আটক কৰা পৰিলক্ষিত হৈছে ৷ ড্ৰাগছ বিৰোধী অভিযানৰ অংশ হিচাপে মহানগৰ আৰক্ষীয়ে চলোৱা ধাৰাবাহিক অভিযানত পুনৰ বৃহৎ পৰিমাণৰ ড্ৰাগছ সহ 5 গৰাকীকৈ সৰবৰাহকাৰীক আটক কৰা হৈছে ৷

four drugs paddler arresed in guwahati
মহানগৰীৰত বুজন পৰিমাণৰ ড্ৰাগছ সহ পাঁচ সহবৰাহকাৰীক গ্ৰেপ্তাৰ

দীৰ্ঘদিন ধৰি আৰক্ষীৰ চকুত ধূলি দি মহানগৰীৰ বিভিন্ন প্ৰান্তত ড্ৰাগছৰ ব্যৱসায় চলাই আহিছিল এই পাঁচ ড্ৰাগছ সৰবৰাহকাৰীয়ে ৷ আৰক্ষীৰ এক সূত্ৰই সদৰি কৰা মতে এক গোপন সূত্ৰৰ পম খেদি নুনমাটি আৰক্ষী, পানীখাইতি আৰক্ষী চকী আৰু চান্দমাৰী আৰক্ষীয়ে যুটীয়াভাৱে চলাইছিল এই অভিযান ৷

লগতে পঢ়ক: ৰহাত প্ৰহসনত পৰিণত পশু চিকিৎসা ব্যৱস্থা

অভিযানত ধৃত ড্ৰাগছ ব্যৱসায়ী কেইটাক আটক কৰাৰ লগতে ১৬ গ্ৰাম ড্ৰাগছ ভৰ্তি ৫০ টা কনটেইনাৰ, ১০৭ টা খালি কনটেইনাৰ, ১৫ টা চিৰিঞ্জ ৰ লগতে ১২ টা মোবাইল ফোন জব্দ কৰে আৰক্ষীয়ে । মহানগৰীৰ নুনমাটি, পানীখাইতি আৰু চান্দমাৰী অঞ্চলৰ পৰা আটক কৰা হয় ড্ৰাগছ সৰবৰাহকাৰীকেইটাক ৷ সৰবৰাহকাৰীকেইটা ক্ৰমে অংকুৰজ্যোতি দাস, কিশোৰ শৰ্মা (পানী খাইটি), অজিত শইকীয়া (নুনমাটি), ৰাজীৱ ৰাজবংশী( নুনমাটি) আৰু ৰাহুল হুছেইন (চান্দমাৰী) ৷

সম্প্ৰতি ধৃত ড্ৰাগছ সৰবৰাহকাৰী কেইজনক আৰক্ষীয়ে অধিক তথ্যৰ বাবে সোধ-পোছ অব্যাহত ৰাখিছে । ইফালে মহানগৰীৰ কেইবাটাও স্থান একা বৃহৎ চক্ৰই ড্ৰাগছৰ ব্যৱসায় চলাই আছে বুলি সন্দেহ প্ৰকাশ কৰিছে আৰক্ষীয়ে ৷

লগতে পঢ়ক: জম্মু-কাশ্মীৰত সেনা আৰু সন্ত্ৰাসবাদীৰ মাজত গুলীয়াগুলি: দুজন জোৱান আহত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.