ETV Bharat / state

শংকামুক্ত হ'ব পৰা নাই দ্বীপৰ বিলৰ পক্ষী ! - fishing

তলাবন্ধৰ সময়ত বহু ঠাইত জীৱজন্তুৰ মুক্ত বিচৰণ পৰিলক্ষিত হৈছে ৷ ভিন্ন স্থানত হৰিণ, বাঘ, হাতী আদি ৰাজপথত ঘূৰি ফুৰাও দেখা গৈছে ৷ কিন্তু এই সময়তো দ্বীপৰ বিলত মুক্তভাৱে উৰাৰ পৰা বঞ্চিত হৈছে পক্ষীসমূহ। মাছ মৰিয়াৰ দৌৰাত্মৰ বাবে মুক্তমনে বিচৰণ কৰিব পৰা নাই চৰাই সমূহ।

fishing is going on at Deepor Beel
fishing is going on at Deepor Beel
author img

By

Published : Apr 11, 2020, 9:20 PM IST

Updated : Apr 11, 2020, 10:04 PM IST

গুৱাহাটী, 11 এপ্ৰিল : COVID-১৯ অথবা কৰ'ণা ভাইৰাছৰ সংক্ৰমণৰ ভয়ত এতিয়া স্তব্ধ সমগ্ৰ বিশ্ব। ৰাজপথ জনশূন্য, নাই যান-বাহনৰ চলাচল, স্তব্ধ হৈ আছে উদ্যোগ সমূহৰ যন্ত্ৰ সমূহ, নাই প্ৰদূষণ, প্ৰকৃতিয়ে যেন মুক্তভাবে উশাহ ল'বলৈ সুযোগ পাইছে। মানৱ জাতি কিছু সময়ৰ বাবে ঘৰৰ ভিতৰত আবদ্ধ হৈ পৰাত আনন্দত আত্মহাৰা হৈছে জীৱকুল। এই সুযোগতে বন্যপ্ৰাণী সমূহে বাধাহীন ভাবে বিচৰণ কৰিছে ইফালৰ পৰা সিফাললৈ ৷ পক্ষীকূলেও সোৱাদ লৈছে পূৰ্বে কেতিয়াও সুযোগ নোপোৱা আৰ্দ্ৰভূমিৰ ।

fishing is going on at Deepor Beel
দীপৰ বিলত পক্ষীৰ জলকেলি

কিন্তু, ইয়াৰ মাজতে পক্ষীকুলৰ বিচৰণস্থলী দ্বীপৰ বিলত মুক্ত মনে বিচৰণ কৰিব পৰা নাই পক্ষীসমূহে । তলাবন্ধৰ এই সংকটৰ সময়ত দিন হাজিৰা কৰি জীৱন নিৰ্বাহ কৰা লাখ লাখ লোক কৰ্মহীন হৈ পৰিছে যদিও জীৱিকাৰ দোহাই দি এচাম মাছ মৰীয়াই দ্বীপৰ বিলৰ বুকুত মৎস চিকাৰ অব্যাহত ৰখাৰ ফলত মুকলিভাবে বিচৰণৰ পৰা বঞ্চিত হ'ব লগা হৈছে বিলখনৰ অসংখ্য পক্ষী । "সজাগ থাকক, ঘৰত থাকক আৰু সুৰক্ষিত থাকক" শীৰ্ষক চৰকাৰৰ আহ্বানৰ যেন কোনো গুৰুত্বই নাই দ্বীপৰ বিলত । আন সময়ৰ দৰে বৰ্তমানেও দ্বীপৰ বিলত যিদৰে মাছ মৰীয়াৰ সকলে মৎস চিকাৰ অব্যাহত ৰাখিছে এই দৃশ্য প্ৰত্যক্ষ কৰিলে বিশ্ববাসী এক অদৃশ্য শত্ৰুৰ ভয়ত গৃহবন্দী হৈ আছে যেন অনুভৱ নহয় । এফালে দ্বীপৰ বিলৰ বুকুত মৎস চিকাৰ চলি থকাৰ সমান্তৰালকৈ পাৰত চলিছে দ্বীপৰ বিলৰ মাছৰ বিক্ৰী। বন বিভাগৰ লোকে বাৰম্বাৰ বাধা প্ৰদান কৰি আহিছে যদিও জীৱিকাৰ দোহাই দি এই সকল মাছ মৰীয়াই মাছৰ চিকাৰ আৰু বেপাৰ চলাই গৈছে দ্বীপৰ বিলত ।

শংকামুক্ত হ'ব পৰা নাই দ্বীপৰ বিলৰ পক্ষী !

বৰ্তমান পৰিভ্ৰমী চৰাই নাই যদিও জাকে জাকে শৰালী হাঁহে জলকেলি কৰি থকাৰ দৃশ্য সুলভ দ্বীপৰ বিলত। তলাবন্ধৰ ফলত ৰে'ল গাড়ীৰ শব্দ প্ৰদূষণৰ পৰা আৰম্ভ কৰি গাড়ী মটৰৰ শব্দ প্ৰদূষণ, মানুহৰ হুলস্থুল সকলোৰে পৰা কিছু সময়ৰ বাবে ৰক্ষা পৰা পক্ষীকুলে দ্বীপৰ বিলৰ বুকুত জিৰাবলৈ আহিছে যদিও মানুহে এইসমূহ পক্ষীক যেন শান্তি দিব খোজা নাই । যি সময়ত প্ৰকৃতিয়ে স্বস্তিৰে উশাহ লোৱা বুলি চৰ্চিত হৈছে যদিও দ্বীপৰ বিলত প্ৰকৃতিৰ সেই স্বস্তি পৰিলক্ষিত হোৱা নাই ৷ দ্বীপৰ বিলত মৎ চিকাৰ চলি থকাৰ ফলত চৰাইবোৰে সঘনাই এঠাইৰ পৰা আনঠাইলৈ উৰা মাৰিব লগীয়া হৈছে । মহানগৰী গুৱাহাটীৰ কাষতে অৱস্থিত দ্বীপৰ বিল অসমৰ একমাত্ৰ ৰামচৰ অঞ্চল হিচাপে পৰিগণিত। উল্লেখ্য যে, শীতৰ আগমনৰ লগে লগে দ্বীপৰ বিলৰ বিশাল বুকুত প্ৰতিবছৰে পৃথিৱীৰ বিভিন্ন ঠাইৰ পৰা পৰিভ্ৰমী চৰাই আহি থিতাপি লয়।

লগতে পঢ়ক : একে ৰাতিৰ ভিতৰতে কিয় কমিল বাতৰি কাকতৰ পঢ়ুৱৈৰ সংখ্যা ?

Last Updated : Apr 11, 2020, 10:04 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.